১৪ নৱেম্বৰ (ইংৰাজী: 14 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৮তম (অধিবৰ্ষত ৩১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হয়। ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
আজিৰ দিনটোতে ১৭১৬ চনত জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লিবনিৎজৰ মৃত্যু হয়। তেওঁ কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক আছিল।
প্ৰখ্যাত দাৰ্শনিক গৰ্গ উইলহেম হেগেলৰ মৃত্যু হয় ১৮৩৩ চনৰ আজিৰ দিনটোতে। তেওঁৰ জন্ম হৈছিল জাৰ্মানিত।
ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিঙৰ জন্ম হয় ১৮৯১ চনৰ আজিৰ দিনটোত। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।