১৬ অক্টোবৰ
১/ ১৮৮৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মাৰ্কিন নাট্যকাৰ ইউজিন অ' নীলৰ জন্ম হয় ।
২/ ১৯৬৮ চনৰ আজিৰ দিনটোতে হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয় ।
৩/ ১৯০৮ চনৰ আজিৰ দিনটোতে কবি , সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয় ।
৪/ ১৯০৫ চনৰ আজিৰ দিনটোতে লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয় ।
৫/ ১৭৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজী ভাষাত প্ৰথম অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ আমেৰিকাত জন্ম হয় ।
৬/ ১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হয় ।
৭/ ১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা কৰা হয় ।
৮/ ১৯৯০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলছন মেণ্ডেলালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয় ।
৯/ ১৯৫১ চনৰ আজিৰ দিনটোতে ৰাৱলপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী মন্ত্ৰী লিয়াকৎ আলী খানৰ মৃত্যু হয় ।
১০/ আজি বিশ্ব খাদ্য দিৱস ।