১৮ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৮ জানুৱাৰী (ইংৰাজী: 18 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৬৭৮ চনৰ আজিৰ দিনটোতে সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।
- ৬৩তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন ১৯৫৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীত অনুষ্ঠিত হয়।
- আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধী প্ৰথম অসমলৈ আহে।
মৃত্যু[সম্পাদনা কৰক]
- ১৯০৭ চনৰ সাহিত্যৰ নোবেল বঁটা বিজেতা ইংৰাজ সাহিত্যিক ৰুডয়াৰ্ড কিপলিঙৰ মৃত্যু হয় ১৯৩৬ চনৰ আজিৰ দিনটোতে। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক।
- প্ৰসিদ্ধ সাহিত্যিক কনকলাল বৰুৱাৰ মৃত্যু হয় ১৯৪০ চনৰ আজিৰ দিনটোতে।
- প্ৰসিদ্ধ কণ্ঠশিল্পী কুন্দনলাল ছাইগলৰ মৃত্যু হয় ১৯৪৭ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৮ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|