১৮ জানুৱাৰী
Jump to navigation
Jump to search
১৮ জানুৱাৰী (ইংৰাজী: 18 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭ টা দিন (অধিবৰ্ষত ৩৪৮ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৬৭৮ চনৰ আজিৰ দিনটোতে সাহিত্যিক জন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয় । এইখনেই ১৮৫১ চনত যাত্ৰিকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয় ।
- ৬৩তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন ১৯৫৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীত অনুষ্ঠিত হয় ।
- আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধী প্ৰথম অসমলৈ আহে ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯০৭ চনৰ সাহিত্যৰ নোবেল বঁটা বিজেতা ইংৰাজ সাহিত্যিক ৰুডয়াৰ্ড কিপলিঙৰ মৃত্যু হয় ১৯৩৬ চনৰ আজিৰ দিনটোতে । তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক ।
- প্ৰসিদ্ধ সাহিত্যিক কনকলাল বৰুৱাৰ মৃত্যু হয় ১৯৪০ চনৰ আজিৰ দিনটোতে ।
- প্ৰসিদ্ধ কণ্ঠশিল্পী কুন্দনলাল ছাইগলৰ মৃত্যু হয় ১৯৪৭ চনৰ আজিৰ দিনটোতে ।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘১৮ জানুৱাৰী’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||