১৯৪৭ চন
অৱয়ব
১৯৪৭ (MCMXLVII) গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ বুধবাৰৰ পৰা আৰম্ভ হোৱা এটা সাধাৰণ বছৰ আছিল। ই আছিল দ্বিতীয় সহস্ৰাব্দৰ ৯৪৭ বছৰ, বিংশ শতিকাৰ ৪৭তম বছৰ আৰু ১৯৪০ দশকৰ ৮ম বছৰ।
উল্লেখযোগ্য ঘটনা
[সম্পাদনা কৰক]- ১৮ জুলাই - ভাৰতৰ স্বাধীনতা আইন ১৯৪৭ (The India Independence Act 1947)ক বৃটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল। [1]
- ২৯ জুলাই - ভূমিকম্পৰ ফলত ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন হয়। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল।[2]
- ১৪ আগষ্ট - ব্ৰিটিছৰ পৰা পাকিস্তানৰ স্বাধীনতা লাভ।
- ১৫ আগষ্ট - ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতা লাভ।
- ১৭ আগষ্ট -
- জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
- ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
- ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
আৰু চাওক
[সম্পাদনা কৰক]- অসমত হোৱা ভূমিকম্প (১৯৪৭)
- বংগৰ বিভাজন (১৯৪৭)
- ভাৰতীয় স্বাধীনতা আইন ১৯৪৭
- ব্ৰিটিছ ৰাজ
- ভাৰতৰ স্বাধীনতা দিৱস
জন্ম
[সম্পাদনা কৰক]- তাৰিখ অজ্ঞাত - মিনতি বৰঠাকুৰ, অসমৰ এগৰাকী অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক।
- ২৯ জানুৱাৰী - লিণ্ডা ব্ৰাউন বাক, আমেৰিকান জীৱবিজ্ঞানী।
মৃত্যু
[সম্পাদনা কৰক]- ৭ এপ্ৰিল - হেনৰী ফৰ্ড, আমেৰিকাৰ ঔদ্যোগপতি।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://www.mapsofindia.com/on-this-day/july-18th-1947-the-india-independence-act-1947-comes-into-force
- ↑ "Global Seismicity: 1900 - 1999" by E. R. Engdahl and A. Villaseñor