১৯৫০ চনৰ অসম-তিব্বত ভূমিকম্প
| তাৰিখ | {{{date}}} |
|---|---|
| প্ৰাৱল্য | Mw 8.7[1] |
| গভীৰতা | 15 km (৯.৩ মাইল)[1] |
| অভিকেন্দ্ৰ | 28°22′N 96°27′E / 28.36°N 96.45°E[1] |
| প্ৰকাৰ | অবলিক-স্লিপ[2] |
| দেশ বা অঞ্চল(সমূহ) | তিব্বত, অসম |
| সৰ্বাধিক তীব্ৰতা | XI (Extreme)[3][4] |
| হতাহত | ৪,৮০০ |

১৯৫০ চনৰ অসম–তিব্বত ভূমিকম্প,[5] যাক যাক অসম ভূমিকম্প[5] বা অসমত ৫০-ৰ বৰভূমিকম্প বুলিও কোৱা হয়, ১৯৫০ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল আৰু ইয়াৰ ম'মেণ্ট মেগ্নিচিউড আছিল ৮.৭। ভূমিকম্পটোৰ উপকেন্দ্ৰ মিচমি পাহাৰত অৱস্থিত আছিল। ই স্থলভাগত এতিয়ালৈকে লিপিবদ্ধ হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পসমূহৰ অন্যতম।
ভাৰতীয় মান সময় অনুসৰি মঙলবাৰে সন্ধিয়া ৭:৩৯ বজাত সংঘটিত এই ভূমিকম্পই অসম (ভাৰত) আৰু তিব্বত (চীন) উভয় স্থানতে ব্যাপক ধ্বংসলীলা চলায় আৰু প্ৰায় ৪,৮০০ জন লোকৰ মৃত্যু হয়। এই ভূমিকম্পটো মহাদেশীয় সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা এতিয়ালৈকে লিপিবদ্ধ আটাইতকৈ শক্তিশালী ভূমিকম্প হিচাপে উল্লেখযোগ্য, চাবডাকশ্যনৰ ফলত নহয়। ভূমিকম্পৰ সময়ত উৎপন্ন হোৱা প্ৰচণ্ড শব্দ, যি সমগ্ৰ অঞ্চলজুৰি শুনা গৈছিল, তাৰ বাবেও এই ভূমিকম্প বিশেষভাৱে উল্লেখযোগ্য।
টেক্টনিক বিন্যাস
[সম্পাদনা কৰক]উত্তৰ-পূব ভাৰত আৰু দক্ষিণ তিব্বত উত্তৰমুখীভাৱে গতি কৰা ভাৰতীয় প্লেট আৰু ইউৰেছীয় প্লেটৰ মাজৰ মহাদেশীয় সংঘৰ্ষ (Continental collision) অঞ্চলৰ অগ্ৰভাগত অৱস্থিত। এই প্লেট-সীমা অঞ্চলটোক চিহ্নিত কৰা থ্ৰাষ্ট বেল্ট (thrust belt) বহুসমান্তৰাল থ্ৰাষ্ট চ্যুতিৰ (thrust fault) এক শৃংখলাৰে গঠিত। হিমালয়ৰ এই অংশৰ থ্ৰাষ্ট চ্যুতিসমূহৰ অভিমুখ Namche–Barwa চিন্টেক্সিছ (Syntaxis) অঞ্চলত দক্ষিণ-পশ্চিম–উত্তৰ-পূব (SW–NE)ৰ পৰা উত্তৰ-পশ্চিম–দক্ষিণ-পূব (NW–SE)লৈ দ্ৰুতভাৱে পাৰ্শ্বীয় পৰিৱৰ্তন ঘটে। পশ্চিম দিশত এই থ্ৰাষ্ট বেল্টৰ মুখ্য সক্ৰিয় অংশটো হৈছে হিমালয়ান (বা মেইন) ফ্ৰণ্টেল থ্ৰাষ্ট, যিটো গভীৰতাত মেইন হিমালয়ান থ্ৰাষ্টৰ সৈতে সংযুক্ত। পূব দিশত সক্ৰিয় অগ্ৰভাগীয় গঠনটো হৈছে মিচমি থ্ৰাষ্ট, যিটো দক্ষিণে নাগা থ্ৰাষ্ট আৰু বাওঁফালীয়া পাৰ্শ্বীয় তিৰ্যক স্খলন (Strike-slip) ছাগাইং চ্যুতিৰ সৈতে সংযুক্ত। এই দুয়োটাই মিলি বাৰ্মা মাইক্ৰপ্লেটৰ সীমা নিৰ্ধাৰণ কৰিছে।[6]
অতীতৰ ভূকম্পীয় সক্ৰিয়তা
[সম্পাদনা কৰক]উত্তৰ-পূব ভাৰতৰ ভূকম্পীয় ইতিহাস অধিক স্পষ্টভাৱে উন্মোচন কৰাৰ উদ্দেশ্যে নেচনেল জিঅ'ফিজিকেল ৰিছাৰ্চ ইনষ্টিটিউট আৰু ইনষ্টিটিউট অৱ ফিজিক্স, ভুৱনেশ্বৰৰ বিজ্ঞানীসকলে ক্ষেত্ৰসমীক্ষা চলাইছিল। এই অধ্যয়নত মাটিৰ তৰলীকৰণ (Soil liquefaction)ৰ চিহ্ন আৱিষ্কাৰ কৰা হয়, যাৰ ভিতৰত আছিল ছিল (Sill) আৰু বালিৰ আগ্নেয়গিৰি (Sand volcano), যিবোৰ কমেও বাৰটা খাত (Trench)ৰ ভিতৰত এলুভীয়েল ফেন (Alluvial fan) আৰু বুঢ়ী দিহিং নদী উপত্যকাত পোৱা গৈছিল। এই গঠনসমূহ অতীতৰ ভূকম্পীয় সক্ৰিয়তা (Seismic activity)ৰ ফলত সৃষ্টি হৈছিল। ৰেডিঅ'কাৰ্বন কাল-নিৰ্ধাৰণ (Radiocarbon dating)ৰ জৰিয়তে এই অৱক্ষেপসমূহৰ বয়স প্ৰায় ৫০০ বছৰ বুলি নিৰ্ধাৰণ কৰা হয়, যি ১৫৪৮ চনত লিপিবদ্ধ হোৱা এটা ভূমিকম্পৰ সৈতে সংগতি ৰাখে।[7]
ভূমিকম্প
[সম্পাদনা কৰক]এই ভূমিকম্পৰ উপকেন্দ্ৰ মিচমি পাহাৰত, মিচমি থ্ৰাষ্ট চ্যুতিৰ (Mishmi Thrust Fault) পৃষ্ঠীয় ৰেখাচিহ্নৰ (surface trace) উত্তৰ-পূবত অৱস্থিত আছিল। ভূমিকম্পটোৰ বাবে গণনা কৰা মেগ্নিচিউড Mw ৮.৬–৮.৮ৰ ভিতৰত, যাৰ ফলত ই এতিয়ালৈকে লিপিবদ্ধ হোৱা স্থলভাগৰ আটাইতকৈ বৃহৎ ভূমিকম্প আৰু চাবডাকশ্যন (Subduction)ৰ সৈতে সম্পৰ্কিত নোহোৱা আটাইতকৈ বৃহৎ ভূমিকম্প হিচাপে পৰিগণিত হৈছে।[6] ই বিংশ শতিকাৰ ষষ্ঠ বৃহত্তম ভূমিকম্প আছিল।[8]
পশ্চাদাঘাত (Aftershock)ৰ সংখ্যা আছিল অতি বেছি। ইয়াৰে বহুতোৰ মেগ্নিচিউড ৬ বা তাতকৈ অধিক আছিল আৰু দূৰৱৰ্তী ভূকম্প পৰ্যৱেক্ষণ কেন্দ্ৰসমূহতো ইমান ভালদৰে লিপিবদ্ধ হৈছিল যে উপকেন্দ্ৰ (Epicentre)সমূহ যথেষ্ট নিৰ্ভুলভাৱে নিৰ্ধাৰণ কৰিব পৰা গৈছিল। পশ্চাদাঘাতসমূহৰ উপকেন্দ্ৰ আবৰ পাহাৰ আৰু মিচমি পাহাৰৰ প্ৰায় ৩০,০০০ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত আছিল, যি উপগ্ৰহ চিত্ৰৰ সহায়ত ভূমিস্খলনৰ অৱস্থানৰ পৰা নিৰ্ধাৰণ কৰা সৰ্বাধিক কম্পনপ্ৰাপ্ত অঞ্চলৰ সৈতে ভালদৰে মিল খায়। ইয়াৰ পৰা এই ভূমিকম্পৰ চ্যুতি-বিদাৰণ অঞ্চল (rupture area) নিৰ্ধাৰণ কৰা হৈছে।[6]
পৃষ্ঠীয় বিদাৰণ (Surface rupture)ৰ প্ৰমাণ মেইন ফ্ৰণ্টেল থ্ৰাষ্ট (MFT)-ৰ আবৰ পাহাৰ অংশৰ ৰেখাচিহ্ন আৰু মিচমি থ্ৰাষ্ট (MT)-ৰ একাধিক স্থানত আৱিষ্কাৰ কৰা হৈছিল। এই দুয়োটা চ্যুতিৰ কাষত পৰ্যবেক্ষণ কৰা মুঠ পৃষ্ঠীয় বিদাৰণৰ দৈৰ্ঘ্য ≥ ২০০ কিলোমিটাৰ।[6]
এই ভূমিকম্পৰ বাবে প্ৰকাশিত ফ'কেল মেকানিজম (Focal mechanism)সমূহত পৰস্পৰবিৰোধী ফলাফল পোৱা যায়; কিছুমানে থ্ৰাষ্ট আৰু আন কিছুমানে অনুপ্ৰস্থ স্খলন (Strike-slip) ব্যৱস্থাক সমৰ্থন কৰে। প্ৰস্তাৱ কৰা হৈছে যে এই ভূমিকম্পত উত্তৰ-পশ্চিমমুখী ডিপ (Dip) থকা MFT আৰু উত্তৰ-পূবমুখী ডিপ থকা MT—উভয়ৰে বিদাৰণ ঘটিছিল। তিৰ্যক থ্ৰাষ্ট (oblique thrust) প্ৰকৃতিৰ এই সংযুক্ত উৎসই ভূকম্পীয় তৰংগৰ আগমনৰ পৰ্যবেক্ষিত তথ্যৰ সৈতে ভালদৰে সংগতি ৰাখে। MT আৰু MFT-ত গড় স্খলনৰ পৰিমাণ ক্ৰমে ১৭ ± ১ মিটাৰ আৰু ১১ ± ১ মিটাৰ আছিল; আনহাতে প্ৰথমোক্ত চ্যুতিটোৰ ৱাক্ৰোৰ তলত এই পৰিমাণ ৩৪ ± ২.৫ মিটাৰলৈকে হোৱা বুলি অনুমান কৰা হৈছে। ৩৩০ × ৯০ কিলোমিটাৰৰ গণিতানুসাৰে নিৰ্ধাৰিত বিদাৰণ ক্ষেত্ৰফল আৰু ভূ-পৃষ্ঠৰ কঠিনতাৰ (crustal rigidity) যুক্তিসংগত অনুমানৰ সৈতে মিলাই চালে, ইয়াৰ পৰা ৮.৭ ম'মেণ্ট মেগ্নিচিউড পোৱা যায়।[6]
প্ৰভাৱ
[সম্পাদনা কৰক]১৯৫০ চনৰ অসম–তিব্বত ভূমিকম্পই অসম আৰু তিব্বত—উভয় অঞ্চলতে বিধ্বংসী প্ৰভাৱ পেলাইছিল। অসমত ১,৫২৬ জন লোকৰ মৃত্যুৰ তথ্য লিপিবদ্ধ কৰা হৈছিল,[9] আনহাতে তিব্বতত আৰু ৩,৩০০ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল,[10] যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা প্ৰায় ৪,৮০০ হয়।
মিচমি পাহাৰ আৰু ইয়াৰ আশে-পাশৰ বনাঞ্চলত অসংখ্য শিলাপাত (rock fall) সংঘটিত হোৱাৰ ফলত ভূ-প্ৰাকৃতিক গঠনত (relief) উল্লেখযোগ্য পৰিৱৰ্তন ঘটে। আবৰ পাহাৰত ভূমিস্খলনৰ ফলত ৭০খন গাঁও ধ্বংস হয় আৰু ১৫৬ জন লোকৰ মৃত্যু ঘটে। ভূমিস্খলনৰ ফলত ব্ৰহ্মপুত্ৰৰ বহু উপনদীৰ গতিপথ বন্ধ হৈ পৰে। দিবাং উপত্যকাত ভূমিস্খলনে সৃষ্টি কৰা এটা ভূমিস্খলন-হ্ৰদ (Landslide lake) ফাটি ওলাই আহিলেও কোনো ক্ষতি হোৱা নাছিল; কিন্তু সোৱণশিৰি নদীত সৃষ্টি হোৱা আন এটা ভূমিস্খলন-হ্ৰদ আঠ দিনৰ মূৰত ভাঙি যায় আৰু প্ৰায় ৭ মিটাৰ (২৩ ফুট) ওখ ঢৌৱে কেইবাখনো গাঁও প্লাৱিত কৰি ৫৩২ জন লোকৰ মৃত্যু ঘটায়।[উদ্ধৃতিৰ প্ৰয়োজন]
সম্পত্তিৰ ক্ষতিৰ দিশৰ পৰা এই কম্পনটো ১৮৯৭ চনৰ অসম ভূমিকম্পতকৈও অধিক বিধ্বংসী আছিল। প্ৰচণ্ড কম্পনৰ উপৰিও, ভূমিকম্পৰ পাছত নদ-নদীৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পাই বালি, বোকা, গছ-গছনি আৰু বিভিন্ন ধৰণৰ ধ্বংসাৱশেষ কঢ়িয়াই অনাত বিস্তৃত বানপানীৰ সৃষ্টি হয়। মেইজ'ছাইছমেল (meizoseismal) অঞ্চলৰ ওপৰেৰে উৰি যোৱা বৈমানিকসকলে ভূ-প্ৰাকৃতিক গঠনত ব্যাপক পৰিৱৰ্তন হোৱা বুলি জনাইছিল। ইয়াৰ মূল কাৰণ আছিল বৃহৎ পৰিসৰৰ ভূমিস্খলন, যাৰ কিছুমানৰ আলোকচিত্ৰও তোলা হৈছিল।
তিব্বতত Heinrich Harrer-এ লাছাত প্ৰবল কম্পন আৰু মাটিৰ তলৰ পৰা অহা জোৰাল ফাট মেলা শব্দৰ বৰ্ণনা দিছে।[11] লাছাত কেইবাদিন ধৰি পশ্চাদাঘাত অনুভূত হৈছিল। তিব্বতৰ ৰিমা (বৰ্তমানৰ জায়্যু নগৰ)ত Frank Kingdon-Ward-এ প্ৰচণ্ড কম্পন, বিস্তৃত ভূমিস্খলন আৰু নৈ-জানৰ পানী বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে।[12] সেই সময়ত উত্তৰ বাৰ্মাৰ পুতাওত বাস কৰা আমেৰিকান খ্ৰীষ্টান মিছনেৰী Helen Myers Morse-এ নিজ গৃহলৈ লিখা চিঠিত মূল কম্পন, অসংখ্য পশ্চাদাঘাত আৰু মাটিৰ তলৰ পৰা ওলোৱা অদ্ভুত শব্দৰ বিৱৰণ দিছিল।[13]
কেইদিনমান পিছত সংঘটিত অধিক পশ্চিমমুখী পশ্চাদাঘাতসমূহৰ ভিতৰত এটা মূল কম্পনতকৈও অধিক বিস্তৃতভাৱে অসমত অনুভূত হৈছিল। ইয়াৰ ফলত কিছুমান সাংবাদিকে পিছৰ কম্পনটো 'আটাইতকৈ ডাঙৰ' আছিল আৰু সেইটোৱেই ইতিহাসৰ সৰ্ববৃহৎ ভূমিকম্প বুলি ধাৰণা কৰিছিল। এইটো মেগ্নিচিউড (Magnitude) আৰু তীব্ৰতা (Intensity)ৰ মৌলিক ধাৰণাসমূহৰ মাজত হোৱা বিভ্ৰান্তিৰ এক প্ৰচলিত উদাহৰণ। কিংডন-ৱাৰ্ড আৰু আন বহুতে মূল ভূমিকম্পৰ সময়ত শুনা অসাধাৰণ শব্দসমূহৰ ওপৰতো বিশেষভাৱে অনুসন্ধান চলোৱা হৈছিল। ছেইছ (Seiche) নৰৱে আৰু ইংলেণ্ডলৈকেও পৰ্যবেক্ষণ কৰা হৈছিল।[14]
ভৱিষ্যতৰ ভাবুকি
[সম্পাদনা কৰক]Science আলোচনীত প্ৰকাশিত এটা প্ৰবন্ধত ২০০১ চনৰ ভূজ ভূমিকম্পৰ প্ৰতিক্ৰিয়াস্বৰূপ গণনা কৰি দেখুওৱা হৈছিল যে হিমালয়ৰ প্ৰায় ৭০ শতাংশ অঞ্চলত অতি শক্তিশালী ভূমিকম্প সংঘটিত হোৱাৰ সম্ভাৱনা আছে। এই পূৰ্বানুমান অঞ্চলটোৰ ঐতিহাসিক নথি-পত্ৰৰ অধ্যয়ন আৰু ১৯৫০ চনৰ মেদগ (Medog) ভূমিকম্পৰ পিছৰে পৰা যথেষ্ট স্খলন (slippage) সংঘটিত হোৱাৰ ফলত পুনৰ এটা বৃহৎ ভূমিকম্প হ'ব পৰাকৈ চাপ সঞ্চিত হৈছে বুলি কৰা ধাৰণাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।[15] ২০১৫ চনত ৭.৮ মেগ্নিচিউডৰ নেপাল ভূমিকম্পই হিমালয় অঞ্চলত আঘাত হানে। ইয়াৰ উপকেন্দ্ৰ নেপালত, অৰ্থাৎ, অধিক পশ্চিমত অৱস্থিত আছিল।
আৰু চাওক
[সম্পাদনা কৰক]তথ্য়সূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 ISC (2022), ISC-GEM Global Instrumental Earthquake Catalogue (1904–2018), Version 9.1, International Seismological Centre, http://www.isc.ac.uk/iscgem/index.php
- ↑ "M8.6 – eastern Xizang-India border region". United States Geological Survey. https://earthquake.usgs.gov/earthquakes/eventpage/iscgem895681#general_region.
- ↑ PAGER-CAT Earthquake Catalog, Version 2008_06.1, United States Geological Survey, September 4, 2009, https://earthquake.usgs.gov/static/lfs/data/pager/catalogs/
- ↑ 游泽李; 吴芝雄; 谢乐今 (1991). "西藏察隅8.6级地震的烈度分布" (zh-cn ভাষাত). 防灾减灾学报 (1): 94-102. https://chn.oversea.cnki.net/KCMS/detail/detail.aspx?dbcode=CJFD&dbname=CJFD9093&filename=DDYJ199101014&uniplatform=OVERSEA&v=kBZTKMv8PbTr1K4bMLRbNmXlc99CoPwmTbPkrHzCTHRSg3kwWQdJ_vswILIBO561.
- 1 2 "Historic Earthquakes, Assam – Tibet". United States Geological Survey. https://earthquake.usgs.gov/earthquakes/world/events/1950_08_15.php। আহৰণ কৰা হৈছে: January 24, 2012.
- 1 2 3 4 5 Coudurier-Curveur, A.; Tapponier, P.; Okal, E.; Van der Woerd, J.; Kali, E.; Choudhury, S.; Baruah, S.; Etchebes, M. et al. (2020). "A composite rupture model for the great 1950 Assam earthquake across the cusp of the East Himalayan Syntaxis". Earth and Planetary Science Letters খণ্ড 531. doi:10.1016/j.epsl.2019.115928.
- ↑ Reddy, D.V.; Nagabhushanam, P. (September 2009). "The great 1950 Assam Earthquake revisited: Field evidences of liquefaction and search for paleoseismic events". Tectonophysics খণ্ড 474 (3): 463–472. doi:10.1016/j.tecto.2009.04.024.
- ↑ "Largest Earthquakes in the World Since 1900". United States Geological Survey. September 20, 2011. https://earthquake.usgs.gov/earthquakes/world/10_largest_world.php। আহৰণ কৰা হৈছে: December 17, 2010.
- ↑ "Significant Earthquake INDIA-CHINA". National Geophysical Data Center. https://www.ngdc.noaa.gov/hazel/view/hazards/earthquake/event-more-info/3950। আহৰণ কৰা হৈছে: February 14, 2022.
- ↑ He, X.; Wu, J.; Wang, C.; Ye, M. (2018). "Historical Earthquakes and Their Socioeconomic Consequences in China: 1950–2017". International Journal of Environmental Research and Public Health খণ্ড 15 (2728): 2728. doi:10.3390/ijerph15122728. PMID 30513946.
- ↑ Harrer, Heinrich (1953). Seven Years in Tibet. Putnam.
- ↑ Kingdon-Ward, F. (1953). "The Assam Earthquake of 1950". The Geographical Journal খণ্ড 119 (2): 169–182. doi:10.2307/1791200. https://archive.org/details/sim_geographical-journal_1953-06_119_2/page/169.
- ↑ Myers Morse, Helen (2003). Once I Was Young. প্ৰকাশক Terre Haute, Indiana. পৃষ্ঠা. 167–171. OCLC 957235304. https://archive.org/details/onceiwasyoung0000hele. (No publisher or ISBN given.)
- ↑ Kingdon-Ward, F. (27 January 1951). "Notes on the Assam Earthquake". Nature খণ্ড 167: 130–131. doi:10.1038/167130a0. https://www.nature.com/articles/167130a0. As cited in:
- Richter, Charles F. (1958). Elementary Seismology. প্ৰকাশক San Francisco: W. H. Freeman and Company. পৃষ্ঠা. 63–64. OCLC 348831. https://archive.org/details/elementaryseismo0000unse/mode/2up। আহৰণ কৰা হৈছে: 6 August 2025.
- ↑ "Quake in Himalayas: US & Indian experts differ". The Statesman. September 6, 2001.