সমললৈ যাওক

১৯৭২ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিধানসভা নিৰ্বাচন, ১৯৭২
ভাৰত
১৯৬৭ 
১৯৭২
 ১৯৭৮

 


দল কংগ্ৰেছ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

মহেন্দ্ৰ মোহন চৌধুৰী
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

শৰৎ চন্দ্ৰ সিংহ
কংগ্ৰেছ

অসম বিধানসভাৰ নিৰ্বাচন, ১৯৭২ স্বাধীনোত্তৰ অসমৰ পঞ্চম বিধানসভা নিৰ্বাচন।[1] মিজো হিলচ্ জিলাত বিচ্ছিন্নতাবাদী আন্দোলন প্ৰবল হোৱাত কেন্দ্ৰীয় চৰকাৰে জিলাখনক অসমৰ পৰা আঁতৰাই নি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে।[2] আনহাতে ১৯৭০ চনৰ ২ এপ্ৰিলত ‘খাচী আৰু জয়ন্তীয়া হিলচ’ আৰু ‘গাৰো হিলচ’ এই দুখন জিলা লগ লগাই মেঘালয় স্বায়ত্বশাসিত ৰাজ্য ঘোষণা কৰা হয়। ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয়ক পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হয়।[3] ৰাজ্যখনৰ পৰিসীমা হ্ৰাস হোৱাৰ ফলস্বৰূপে ১৯৭২ৰ বিধানসভা নিৰ্বাচনত বিধানসভাৰ সমষ্টিও পূৰ্বৰ ১২৬টাৰ পৰা ১১৪টা লৈ হ্ৰাস হৈছিল। হ্ৰাস পোৱা ১২টা সমষ্টি আছিল- ১-লুংলেই, ২-আইজল পূব, ৩-আইজল পশ্চিম, ২২-জোৱাই, ২৩-শ্বিলং, ২৪-নংপো, ২৫-নংষ্টইন, ২৬-চেৰাপুঞ্জী, ২৭-বাঘমৰা, ২৮-ডাইনাডুবি, ২৯-তুৰা আৰু ৩০-ফুলবাৰী।[1]

নিৰ্বাচনত ৯৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰঙ্কুশ সংখ্যা-গৰিষ্ঠতা লাভ কৰে। সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টীয়ে ৪খন, ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে ৩খন, স্বতন্ত্ৰ পাৰ্টী আৰু অসম ভৈয়াম জনজাতি পৰিষদে এখনকৈ আসন লাভ কৰে। ৫ম বিধানসভালৈ ১১জন নিৰ্দলীয় বিধায়কৰো আগমণ হয়। মহিলা বিধায়কৰ সংখ্যা আছিল ৮গৰাকী। তেওঁলোক আছিল- আনন্দিবালা ৰাভা, প্ৰণিতা তালুকদাৰ, সত্যৱতী গোস্বামী, ৰেৱতী দাস, ৰেণুকা দেৱী বৰকটকী, চৈয়দা আনোৱাৰা টাইমূৰ, স্বৰ্ণপ্ৰভা মহন্ত আৰু তৰুলতা বৰা।[1]

১৯৬৯ত কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেন) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (ৰিকুইজিচনিষ্ট) নামেৰে বিভাজন হয়। ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলটোক মূল কংগ্ৰেছ বুলি নিৰ্বাচনী আয়োগে স্বীকৃতি দিয়ে। [4] ১৯৭২ৰ বিধানসভা নিৰ্বাচনত কামৰাজ নেতৃত্বাধীন অৰ্গেনাইজেচন কংগ্ৰেছেও অসমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও তেওঁলোকে এখনো আসন নাপালে।[1]

অংশগ্ৰহণকাৰী দলসমূহ

[সম্পাদনা কৰক]
১৯৭২ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক

১৯৭২ চনৰ নিৰ্বাচনত নিৰ্দলীয় সদস্যৰ উপৰিও ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ১টা ৰাজ্যিক পৰ্যায়ৰ আৰু ১টা পঞ্জীভূক্ত ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল।[1]

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল

[সম্পাদনা কৰক]
  1. ভাৰতীয় জনসংঘ
  2. ভাৰতৰ কমিউনিষ্ট পাৰ্টী
  3. ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী
  4. ভাৰতীয় জাতীয় কংগ্ৰেছ
  5. ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)
  6. সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টী
  7. স্বতন্ত্ৰ পাৰ্টী[1]

ৰাজ্যিক পৰ্যায়ৰ দল

[সম্পাদনা কৰক]
  1. অখিল ভাৰত ফৰৱাৰ্ড ব্লক[1]

পঞ্জীভূক্ত দল

[সম্পাদনা কৰক]
  1. ভৈয়াম জনজাতি পৰিষদ, অসম[1]

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংবিধানসভাৰ সমষ্টিবিজয়ী সদস্যদলৰ নাম
ৰাতাবাৰীসুৰঞ্জন নন্দীভাৰতীয় জাতীয় কংগ্ৰেছ
পাথাৰকান্দিবিশ্বনাথ উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰআব্দুল মতলিব চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ দক্ষিণ (অনুসূচীত জাতি)সুদৰ্শন দাসভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰমৌলানা আব্দুল জলিল চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দিআব্দুল ৰহমান চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১০কাচলিচেৰাসন্তোষ কুমাৰ ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
১১শিলচৰমহিতোষ পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
১২সোণাইনুৰুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ধলাই (অনুসূচীত জাতি)ডি.চি. পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
১৪লক্ষীপুৰশুভঙ্কৰ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৫উদৰবন্দজগন্নাথ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৬বৰখলালুতফুৰ ৰহমানভাৰতীয় জাতীয় কংগ্ৰেছ
১৭কাটিগড়াআব্দুল হামিদ মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৮হাফলং (অনুসূচীত জনজাতি)জয়ভদ্ৰ হাগজেৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯বোকাজান (অনুসূচীত জনজাতি)সাই সাই টেৰাংভাৰতীয় জাতীয় কংগ্ৰেছ
২০হাওৰাঘাট (অনুসূচীত জনজাতি)ছত্ৰসিং টেৰনভাৰতীয় জাতীয় কংগ্ৰেছ
২১বৈঠালাংচ’ (অনুসূচীত জনজাতি)ধনীৰাম ৰংপিভাৰতীয় জাতীয় কংগ্ৰেছ
৩১মানকাচৰজহিৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
৩২দক্ষিণ শালমৰাবাজলুল বাচিতভাৰতীয় জাতীয় কংগ্ৰেছ
৩৩ধুবুৰীমহম্মদ ওমৰুদ্দিনভাৰতীয় জাতীয় কংগ্ৰেছ
৩৪গৌৰীপুৰচৈয়দ আহমেদ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৩৫গোলোকগঞ্জকবিৰ চন্দ্ৰ ৰায়প্ৰধানীনিৰ্দলীয়
৩৬বিলাসীপাৰাগিয়াচুদ্দিন আহমেদনিৰ্দলীয়
৩৭গোসাইগাঁওমিথিয়াচ টুডুভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮কোকৰাঝাৰ পশ্চিম (অনুসূচীত জনজাতি)চৰণ নাৰ্জাৰীভৈয়াম জনজাতি পৰিষদ
৩৮কোকৰাঝাৰ পূবশৰৎ চন্দ্ৰ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
৪০চিদলী (অনুসূচীত জনজাতি)উত্তম চন্দ্ৰ ব্ৰহ্মভাৰতীয় জাতীয় কংগ্ৰেছ
৪১বিজনীগোলকচন্দ্ৰ পাটগিৰিভাৰতীয় জাতীয় কংগ্ৰেছ
৪২অভয়াপুৰী (অনুসূচীত জাতি)অযোধ্যা ৰাম দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩বঙাইগাঁওধ্ৰুৱ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪গোৱালপাৰা পশ্চিমচাহাদত আলি জোটদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫গোৱালপাৰা পূববলভদ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬দুধনৈ (অনুসূচীত জনজাতি)আনন্দি বালা ৰাভাভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭সৰভোগপ্ৰণিতা তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ভবানীপুৰঘনকান্ত বড়োনিৰ্দলীয়
৪৯পাটাচাৰকুছিকৃষ্ণকান্ত লহকৰনিৰ্দলীয়
৫০বৰপেটাডাঃ সুৰেন্দ্ৰ নাথ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৫১জনীয়াআতাউৰ ৰহমানভাৰতীয় জাতীয় কংগ্ৰেছ
৫২বাঘবৰজালাউদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩সৰুক্ষেত্ৰী (অনুসূচীত জাতি)কন্দৰ্প কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪চেঙাআব্দুল হান্নান চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫বকোপ্ৰবীন কুমাৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬ছয়গাঁওসত্যৱতী গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭পলাশবাৰীহৰেন্দ্ৰ নাথ তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৫৮গুৱাহাটী পূবঅতুল চন্দ্ৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯গুৱাহাটী পশ্চিমবীৰেন ৰাম ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ
৬০জালুকবাৰীৰেবতি দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬১হাজোৰেণুকা দেৱী বৰকটকীনিৰ্দলীয়
৬২নলবাৰী পশ্চিমডাঃ ভূমিধৰ বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩নলবাৰী পূববদন চন্দ্ৰ তালুকদাৰসংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৬৪বৰভাগগৌৰী শঙ্কৰ ভট্টাচাৰ্যনিৰ্দলীয়
৬৫বৰমা (অনুসূচীত জনজাতি)সুৰেন্দ্ৰনাথ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬৬তামলুপুৰ (অনুসূচীত জনজাতি)অম্বৰিষ চন্দ্ৰ লাহড়ীভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭ৰঙিয়ামানবেন্দ্ৰ কুমাৰ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮কমলপুৰগিৰিন্দ্ৰ চন্দ্ৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯পানেৰীৰমেশ চন্দ্ৰ চহৰীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৭০কলাইগাঁওলক্ষ্মীকান্ত শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ৰঙামাটি (অনুসূচীত জাতি)উপেন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৭২মঙলদৈচৈয়দা আনোৱাৰা টাইমূৰভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩দলগাঁওহাচিমুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪ওদালগুৰি (অনুসূচীত জনজাতি)বাহাদুৰ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ঢেকিয়াজুলিহিৰণ্য বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬মিছামাৰীবিজয় চন্দ্ৰ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭তেজপুৰৰবীন্দ্ৰ কুমাৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮বালিপাৰাগোলক ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯চতিয়াস্বৰ্ণপ্ৰভা মহন্তভাৰতীয় জাতীয় কংগ্ৰেছ
৮০বিশ্বনাথখিৰেশ্বৰ বৰানিৰ্দলীয়
৮১গহপুৰৰামচন্দ্ৰ শৰ্মাসংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৮২মৰিগাঁও (অনুসূচীত জনজাতি)পিতসিং কোঁৱৰনিৰ্দলীয়
৮৩বোকানী (অনুসূচীত জাতি)জগদীশ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪লাহৰিঘাটআব্দুল কাচেমভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ৰহাগুণেশ্বৰ নাথ পণ্ডিতভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ধিংআব্দুল হুছেইন মীৰভাৰতীয় জাতীয় কংগ্ৰেছ
৮৭ৰূপহীহাটমহম্মদ ইদ্ৰিছভাৰতীয় জাতীয় কংগ্ৰেছ
৮৮নগাঁওলীলাকান্ত বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯বৰহমপুৰকেহোৰাম হাজৰিকা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৯০কলিয়াবৰগোলাপচন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৯১চামগুৰিবিষ্ণু প্ৰসাদভাৰতীয় জাতীয় কংগ্ৰেছ
৯২যমুনামুখদেবেন্দ্ৰ নাথ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩হোজাইইদ্ৰিছ আলি ফকিৰভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪লামডিংশান্তি ৰঞ্জন দাসগুপ্তভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫বোকাখাট (অনুসূচীত জাতি)তুলসী দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬সৰুপথাৰচত্ৰ গোলাপ কৰ্মকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭গোলাঘাটসোণেশ্বৰ বৰাসংয়ুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৯৮দেৰগাঁওইমালেন্দ্ৰ বৰুৱাসংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি
৯৯মাজুলী (অনুসূচীত জনজাতি)মালচন্দ্ৰ পেগুভাৰতীয় জাতীয় কংগ্ৰেছ
১০০যোৰহাটবিজয়কৃষ্ণ সন্দিকৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০১চৰাইবাহীদুলাল চন্দ্ৰ বৰুৱানিৰ্দলীয়
১০২তিতাবৰজয়চন্দ্ৰ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩মৰিয়নিগজেন তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪টিয়কদুলাল চন্দ্ৰ খাউণ্ড ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৫আমগুৰিপুষ্পধৰ চলিহাভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬শিৱসাগৰপ্ৰমোদচন্দ্ৰ গগৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৭থাওৰানাৰুৱা কুমাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮নাজিৰাহিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯মাহমৰাখগেন গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১০সোণাৰিজানকী নাথ সন্দিকৈনিৰ্দলীয়
১১১বিহপুৰীয়াপ্ৰেমধৰ বৰানিৰ্দলীয়
১১২নাওবৈচা (অনুসূচীত জাতি)লীলাকান্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩উত্তৰ লখিমপুৰগোবিন্দচন্দ্ৰ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৪ঢকুৱাখনা (অনুসূচীত জনজাতি)লক্ষ্যনাথ দলেভাৰতীয় জাতীয় কংগ্ৰেছ
১১৫ধেমাজী (অনুসূচীত জনজাতি)ৰমেশ মোহন কুলীস্বতন্ত্ৰ পাৰ্টি
১১৬মৰাণতৰুণ চন্দ্ৰ চুতীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ডিব্ৰুগড়ৰমেশ চন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮লাহোৱালদীপক মুৰ্মুভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯টেঙাখাতইন্দ্ৰেশ্বৰ খাউণ্ডভাৰতীয় জাতীয় কংগ্ৰেছ
১২০টিংখংৰাজেন্দ্ৰ নাথ ফুকনভাৰতীয় জাতীয় কংগ্ৰেছ
১২১জয়পুৰক্ষীৰোদ চন্দ্ৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১২২বগদুংউপেন্দ্ৰনাথ সনাতনভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩তিনিচুকীয়াপৰমানন্দ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ডিগবৈচন্দ্ৰ বাহাদুৰ চেত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমামলিয়া তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬চৈখোৱাতৰুলতা বৰাভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 "Assam General Legislative Election 1972". Election Commission of India. https://eci.gov.in/files/category/67-assam/ আহৰণ কৰা হৈছে: 26 November 2020.
  2. "Mizoram at a glance". Government of Mizoram. Archived from the original on 13 May 2020. https://web.archive.org/web/20200513055022/https://mizoram.gov.in/page/know-mizoram আহৰণ কৰা হৈছে: 26 November 2020.
  3. "HISTORY OF MEGHALAYA". https://www.meghalayatourism.in. https://www.meghalayatourism.in/about-meghalaya/history-of-meghalaya/ আহৰণ কৰা হৈছে: 26 November 2020.
  4. Mukharjee, Aditya. "Congress and the Making of the Indian Nation". Academic Foundation, New Delhi. Archived from the original on 7 December 2016. https://web.archive.org/web/20161207085106/http://inc.in/about-congress/history/literature/6-Congress-and-the-Making-of--the-Indian-Nation/27-Indira-Gandhi আহৰণ কৰা হৈছে: 17 May 2014.