১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰত
১৯৮০ ←
২৪, ২৭, ২৮ ডিচেম্বৰ ১৯৮৪
→ ১৯৮৯

ভোটদানৰ হাৰ ৬৪.০১% (বৃদ্ধি৭.০৯%)
 
দল কংগ্ৰেছ তেলেগু দেশম পাৰ্টি
শতাংশ ৪৮.১২% ৪.০৬%


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

ৰাজীৱ গান্ধী
কংগ্ৰেছ+

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

ৰাজীৱ গান্ধী
কংগ্ৰেছ

১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে তিনিটা প্ৰৰ্যায়ত ২৪, ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। আভ্যন্তৰীণ অশান্তিৰ বাবে মিজোৰাম, পাঞ্জাব আৰু অসমত অষ্টম লোকসভা গঠনৰ বাবে অনুষ্ঠিত কৰা এই নিৰ্বাচন দহমান পলমকৈ হৈছিল।[1]

ইন্দিৰা গান্ধীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে সমগ্ৰ দেশজুৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সপক্ষে সহানুভূতিৰ ঢৌ বৈছিল। যাৰ ফল দেখা গৈছিল এই নিৰ্বাচনটোত। ১৯৮৪ চনত হোৱা নিৰ্বাচনত দলটোৱে ৫১৪খনৰ ভিতৰত ৪০৪খন আসনেই লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৫ চনত পাঞ্জাব আৰু অসমত পলমকৈ অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছে আৰু ১০খন আসন লাভ কৰিছিল। এন টি ৰামাৰাও নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশমে লোকসভাৰ ৩০খন আসন পাই দ্বিতীয় স্থানত অৱস্থান কৰিছিল।[2]

প্ৰথমবাবৰৰ বাবে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নৱগঠিত ভাৰতীয় জনতা পাৰ্টিয়ে ১৯৮৪ৰ সাধাৰণ নিৰ্বাচনত হনামকোণ্ডা আৰু মহচানা – এই দুখন লোকসভা আসনত বিজয়ী হৈছিল।[2]

দলভিত্তিক ফলাফল[সম্পাদনা কৰক]

ক্ৰমিক নং দল সংক্ষিপ্ত নাম দলৰ স্থিতি লাভ কৰা আসন +/–
ভাৰতীয় জনতা পাৰ্টি BJP ৰাষ্ট্ৰীয় দল নতুন
কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া CPI ৰাষ্ট্ৰীয় দল -৪
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPM ৰাষ্ট্ৰীয় দল ২২ -১৫
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) ICS ৰাষ্ট্ৰীয় দল নতুন
ভাৰতীয় জাতীয় কংগ্ৰেছ INC ৰাষ্ট্ৰীয় দল ৪০৪ +৫১
জনতা পাৰ্টি JNP ৰাষ্ট্ৰীয় দল ১০ -২১
লোকদল LKD ৰাষ্ট্ৰীয় দল নতুন
অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম ADK ৰাজ্যিক দল ১২ +১০
দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম DMK ৰাজ্যিক দল -১৪
১০ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক FBL ৰাজ্যিক দল -১
১১ ইণ্ডিয়ান কংগ্ৰেছ (জে) ICJ ৰাজ্যিক দল নতুন
১২ অল ইণ্ডিয়া মুছলিম লীগ IML ৰাজ্যিক দল
১৩ জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেনছ্ JKN ৰাজ্যিক দল
১৪ জম্মু এণ্ড কাশ্মীৰ পিপ’লছ্ কনফাৰেঞ্চ JKP ৰাজ্যিক দল
১৫ কেৰালা কংগ্ৰেছ (জে) KCJ ৰাজ্যিক দল
১৬ কেৰালা কংগ্ৰেছ KEC ৰাজ্যিক দল
১৭ মহাৰাষ্ট্ৰ গোমন্তক পাৰ্টি MAG ৰাজ্যিক দল
১৮ মণিপুৰ পিপ’লছ্ পাৰ্টি MRP ৰাজ্যিক দল
১৯ মুছলীম লীগ MUL ৰাজ্যিক দল
২০ নাগা নেচনেল ডেমোক্ৰেটিক পাৰ্টি NND ৰাজ্যিক দল
২১ পিপ’লছ্ পাৰ্টি অফ অৰুণাচল PPA ৰাজ্যিক দল নতুন
২২ পিজেণ্টছ্ এণ্ড ৱাৰ্কাৰ্ছ পাৰ্টি অফ ইণ্ডিয়া PWP ৰাজ্যিক দল
২৩ ৰিভ’লুশ্যনাৰী ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত) RSP ৰাজ্যিক দল -১
২৪ তেলেগু দেশম TDP ৰাজ্যিক দল ৩০ নতুন
২৫ দূৰদৰ্শী পাৰ্টি DDP পঞ্জীভূক্ত দল
২৬ গান্ধী কামৰাজ নেচনেল কংগ্ৰেছ GKC পঞ্জীভূক্ত দল
২৭ ঝাৰখণ্ড পাৰ্টি JKD পঞ্জীভূক্ত দল
২৮ ঝাৰখণ্ড মুক্তি মৰ্চা JMM পঞ্জীভূক্ত দল
২৯ জম্মু এণ্ড কাশ্মীৰ পেন্থাৰ পাৰ্টি JPP পঞ্জীভূক্ত দল
৩০ ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া RPI পঞ্জীভূক্ত দল
৩১ ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (খোব্ৰাগেড়ে) RPK পঞ্জীভূক্ত দল
৩২ ছোচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া SUC পঞ্জীভূক্ত দল
৩৩ তামিলনাডু কংগ্ৰেছ (কে) TNC পঞ্জীভূক্ত দল
৩৪ নিৰ্দলীয় IND
মুঠ ৫১৪ –২৮
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

পাঞ্জাব আৰু অসমৰ বিলম্বিত নিৰ্বাচন[সম্পাদনা কৰক]

অশান্ত-জৰ্জৰ পৰিস্থিতিৰ বাবে ১৯৮৪ চনত অসম, মিজোৰাম আৰু পাঞ্জাব- এই তিনিখন ৰাজ্যত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। ৩১ অক্টোবৰ ১৯৮৪ত ৰাজীৱ গান্ধীয়ে ভাৰতৰ ষষ্ঠগৰাকী প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পিছত তিনিওখন ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণৰ উন্নয়নৰ বাবে তেওঁ ব্যৱস্থাৱলী হাতত লয়। ইতিমধ্যে অসম আৰু পাঞ্জাবৰ স্বাভাৱিক পৰিবেশ ঘূৰি অহাত ১৯৮৫ চনত অসমৰ ১৪খন আৰু পাঞ্জাবৰ ১৩খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়।[1][2]

অসম[সম্পাদনা কৰক]

১৯৮৫ৰ ১৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অসমৰ ১৪খন আসনৰ ৪খন ভাৰতীয় জাতীয় কংগ্ৰেছে, ১খন ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)-এ, ১খন অসম ভৈয়াম জনজাতি পৰিষদে, ৭খন অসম গণ পৰিষদ সমৰ্থিত নিৰ্দলীয়ই আৰু ১খন সংযুক্ত সংখ্যালঘূ মৰ্চা সমৰ্থিত নিৰ্দলীয়ই লাভ কৰে।[1][2]

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল
কৰিমগঞ্জ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুদৰ্শন দাস ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
শিলচৰ সন্তোষ মোহন দেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ
স্বায়ত্ব শাসিত জিলা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
বীৰেণ সিং ইংতি ভাৰতীয় জাতীয় কংগ্ৰেছ
ধুবুৰী আব্দুল হামিদ নিৰ্দলীয়
সংযুক্ত সংখ্যালঘূ মৰ্চা সমৰ্থিত
কোকৰাঝাৰ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সমৰ ব্ৰহ্ম চৌধুৰী অসম ভৈয়াম জনজাতি পৰিষদ
বৰপেটা আটাউৰ ৰহমান নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
গুৱাহাটী দীনেশ গোস্বামী নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
মঙ্গলদৈ চাইফুদ্দিন আহমেদ নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
তেজপুৰ বিপিন পাল দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ নগাঁও মুহিৰাম শইকীয়া নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
১১ কলিয়াবৰ ভদ্ৰেশ্বৰ তাঁতী নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
১২ যোৰহাট পৰাগ চলিহা নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
১৩ ডিব্ৰুগড় হৰেণ ভূমিজ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ লক্ষীমপুৰ গকুল শইকীয়া নিৰ্দলীয়
অসম গণ পৰিষদ সমৰ্থিত
উৎস- ভাৰতৰ নিৰ্বাচন আয়োগ

পাঞ্জাব[সম্পাদনা কৰক]

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল
গুৰুদাসপুৰ সুখবনচ্ কৌৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
অমৃতচৰ ৰঘুনন্দন লাল ভাটিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
তৰন-তাৰন তাৰলোচন সিং তাৰ শিৰোমণি আকালি দল
জলন্ধৰ ৰাজিন্দৰ সিং স্পেৰ’ ভাৰতীয় জাতীয় কংগ্ৰেছ
ফিলাউৰ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুন্দৰ সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
হোচিয়াৰপুৰ কমল চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰোপৰ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
চৰণজিৎ সিং শিৰোমণি আকালি দল
পাতিয়ালা চৰণজিৎ সিং শিৰোমণি আকালি দল
লুধিয়ানা মেৱা সিং শিৰোমণি আকালি দল
১০ চাংগ্ৰুৰ বলৱন্ত সিং ৰামুৱালা শিৰোমণি আকালি দল
১১ ভাটিন্দা
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
তেজা সিং দাৰ্দী শিৰোমণি আকালি দল
১২ ফৰিদকোট শামিন্দৰ সিং শিৰোমণি আকালি দল
১৩ ফিৰোজপুৰ গুৰদয়াল সিং ধিলন ভাৰতীয় জাতীয় কংগ্ৰেছ
উৎস- ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 দত্ত, দিলীপ (১৯৯১). খোঁচা বিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, পান বজাৰ, গুৱাহাটী. পৃষ্ঠা. ৯৪-১০০. 
  2. 2.0 2.1 2.2 2.3 "STATISTICAL REPORTS OF GENERAL ELECTION TO LOK SABHA 1985)". Election Commission of india. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 28 November 2020.