১ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯১তম (অধিবৰ্ষত ৯২তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৪ দিন বাকী থাকে।
- ১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে।
- ১৮৭৮ - কলকাতাত যাদুঘৰ প্ৰতিষ্ঠিত হয়।
- ১৮৮৭ - মুম্বাই অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা।
- ১৯১২ - ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়।
- ১৯৩৫ - ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা।
- ১৯৩৬ - পূৰ্বতে কলিংগ বা উৎকল নামেৰে প্ৰসিদ্ধ উৰিষ্যাক ৰাজ্য ৰূপে ঘোষণা।
- ১৯৭২ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাগালেণ্ড ৰাজ্যৰ শাখা, কহিমা বিচাৰ পীঠৰ বাবে স্থায়ী বিচাৰক হিচাপে অৰূপ কুমাৰ গোস্বামীক নিযুক্ত।
- ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ।
- ২০০১ - নেদাৰলেণ্ডত সম-লিংগ বিবাহৰ বৈধকৰণ। এই আইন প্ৰণয়ন কৰা এইখনেই প্ৰথম দেশ।
- ২০০২ - নামৰূপ সাৰ কাৰখানাক হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বনৰ পৰা বিভক্ত কৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড হিচাপে নামকৰণ।
- ২০০৪ - গুগলৰ দ্বাৰা পৰিচালিত বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা জিমেইল মুকলি।
- ১৫৭৮ - ৰক্ত সঞ্চালন পদ্ধতিৰ অন্যতম উদ্ভাৱক ডা° উইলিয়াম হাৰ্ভেৰ জন্ম। (মৃত্যু: ১৬৫৭)
- ১৯২২ - ৱিলিয়াম মেনচেষ্টৰ, আমেৰিকাৰ লেখক। (মৃত্যু: ২০০৪)
- ১৯২৯ - মিলান কুন্দেৰা, ফৰাচী তথা চেক্ ঔপন্যাসিক।
- ১৯২৬ - হেমেন্দ্ৰ প্ৰসাদ বৰুৱা[1], হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি[2], অসম আৰু পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।[3]
- ১৯২৭ - যোগেশ দাস, অসমীয়া চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক।
- ১৯৩৬ - তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৩৭ - মহম্মদ হামিদ আঞ্চাৰী, ভাৰতৰ ১৩ তম ৰাষ্ট্ৰপতি।
- ১৯৪৩ - নাৰায়ণ চন্দ্ৰ বৰকটকী, ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ।
- ১৯৭৭ - ভাৰত আৰু পাকিস্তানৰ মাজত ৰেডক্লিফ নামেৰে বিভাজন কৰা ৰেখা তৈয়াৰ কৰা ছাৰ ছিৰিল ৰেডক্লিফৰ মৃত্যু হয়।
- ২০০৭ - জগজিত শইকীয়া, আমাৰ অসমৰ সংবাদদাতা।