সমললৈ যাওক

২০০৬ চনত মহাৰাষ্ট্ৰত দলিত প্ৰতিবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০৬ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কানপুৰত আম্বেদকাৰৰ মূৰ্তি এটা ভাঙি পেলোৱাৰ ফলশ্ৰুতিত ভাৰতৰ মহাৰাষ্ট্ৰত দলিতসকলে এক হিংসাত্মক প্ৰতিবাদৰ সূচনা কৰে।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

২০০৬ চনৰ ছেপ্টেম্বৰ মাহত খাইৰলাঞ্জী গাঁৱত কুনবিসকলৰ এটা দলে চাৰিজন [1] দলিতক হত্যা কৰাৰ বাবে মহাৰাষ্ট্ৰত দলিতসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। ২০০৬ চনৰ ২৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ দলিত সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা ক্ষোভেই পিচলৈ হিংসাত্মক প্ৰতিবাদৰ ৰূপ লয়, যেতিয়া কানপুৰত দলিত আইকন বি আৰ আম্বেদকাৰৰ মূৰ্তি এটা ভাঙি পেলোৱাৰ দ্বৰে অপবিত্ৰ কাম কৰা হৈছিল। [2] কেইবাজনো লোকে মন্তব্য কৰে যে এই প্ৰতিবাদক খাইৰলাঞ্জী হত্যাকাণ্ডৰ দ্বাৰা ইন্ধন যোগোৱা হৈছিল, [2] [3] য'ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখ, [4] আৰু মুম্বাই আৰক্ষী আয়ুক্ত এ এন ৰয় আদিও জড়িত আছিল। [5] দ্য হিন্দুৰ মতে, খাইৰলাঞ্জী হত্যাকাণ্ডক লৈ সৃষ্টি হোৱা ক্ষোভৰ প্ৰতি ৰাজনৈতিক দলসমূহে উপযুক্ত সঁহাৰি নিদিয়াৰ ফলত উত্তেজনা বৃদ্ধি পায়। [6] পিছলৈ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰে দাবী কৰে যে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী আৰ আৰ পাটিলক উৎখাত কৰাৰ চেষ্টাত কিছুমান ৰাজনৈতিক দলে এই প্ৰতিবাদৰ সৃষ্টি কৰিছিল। [7]

প্ৰতিবাদ

[সম্পাদনা কৰক]

২০০৬ চনৰ ৩০ নৱেম্বৰত মহাৰাষ্ট্ৰৰ কেইবাটাও স্থানত হিংসাত্মক প্ৰতিবাদ সংঘটিত হয়। দলিত প্ৰতিবাদকাৰীয়ে তিনিখন ৰে’লত অগ্নিসংযোগ কৰাৰ লগতে ১০০ৰো অধিক বাছৰ ক্ষতিসাধন কৰাৰ লগতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। [8]

উত্তৰ মহাৰাষ্ট্ৰ

[সম্পাদনা কৰক]

ওছমানবাদত, প্ৰতিবাদকাৰী জনগোষ্ঠীৰ ওপৰত আৰক্ষীৰ গুলীচালনাত দুজন লোক নিহত হয়। হিংসাত্মক প্ৰতিবাদৰ সময়ত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছিল, ইয়াৰে এজন নন্দেদ আৰু এজন নাছিকত[9] ইয়াৰ পিছত মহাৰাষ্ট্ৰৰ ওছমানবাদ, নন্দেদ আৰু নন্দুৰবাৰ চহৰত সান্ধ্য আইন জাৰি কৰা হয়। [10]

ঔৰংগাবাদত, ইয়াৰ প্ৰতিবাদত এক হাজাৰ দলিতৰ ভিৰ সমবেত হয়। একাংশ প্ৰতিবাদকাৰীয়ে পাৰ হৈ যোৱা বাহনলৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত উপ-পৰিদৰ্শক আৰু এজন কনিষ্টবলকে ধৰি ছয়জন লোক আহত হয়। ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনাৰ আশ্ৰয় লয়। [11] আকোলাত ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকত জুই লগাই দিয়া হয় আৰু ৰাজ্যিক পৰিবহণ বাছত প্ৰচণ্ড শিলগুটি নিক্ষেপ কৰা হয়। [12]

ক্ষতিগ্ৰস্ত অঞ্চলত আৰক্ষী বাহিনী ব্যাপকভাৱে নিয়োগ কৰা হয়। নাছিকত এজন যুৱকক লিঞ্চিং কৰাৰ ঘটনাত প্ৰায় ১৫০০ লোকক প্ৰতিৰোধমূলক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিজন লোকক আটক কৰা হয়। [13]আকোলাত মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ প্ৰতিমূৰ্তি দাহ কৰাৰ অপৰাধত আৰক্ষীয়ে ১৪ জন লোকক গ্ৰেপ্তাৰ কৰে। [12]

পুনে জিলা

[সম্পাদনা কৰক]

পুনে আৰু পিম্পৰী-চিঞ্চৱাদ অঞ্চলত আন্দোলনকাৰীয়ে ৬০খন বাহন ক্ষতিগ্ৰস্ত কৰি অগ্নিসংযোগ কৰাৰ লগতে ১৩জন আৰক্ষী আহত হয়। [14] ৩০ নৱেম্বৰত পিম্প্ৰিত সান্ধ্য আইন জাৰি কৰা হয়। ১ ডিচেম্বৰত পৌৰ নিগমৰ এখন বাছত পিম্পৰী-চিঞ্চৱাদৰ বোপোডি চকত শিলগুটিৰে আঘাত কৰা হয়।

মুম্বাই আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহ

[সম্পাদনা কৰক]

৩০ নৱেম্বৰত ৬০০০ৰো অধিক প্ৰতিবাদকাৰীৰ এটা দলে উলহাছনগৰৰ ওচৰত ডেকান কুইন যাত্ৰীবাহী ৰেলখন ৰখাই যাত্ৰীসকলক নামিবলৈ কয় আৰু ইয়াৰ পাঁচটা বগীত জুই লগাই দিয়ে। [15] মুম্বাইৰ মাটুংগাত এখন স্থানীয় ৰেলৰ এটা ডবাত অগ্নিসংযোগ কৰা হয়। অৱশ্যে কোনো লোক আহত হোৱা নাছিল। [10] উলহসনগৰত যাতায়তি ৰেলৰ কিছুমান ডবাও জ্বলাই দিয়া হয় আৰু হিংসাত্মক জনসমাগম নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। উলহাসনগৰৰ ভিৰটোৱে ৰেল ষ্টেচনতো ভাঙি লণ্ডভণ্ড কৰে। মুম্বাইৰ কিছু অংশত প্ৰতিবাদকাৰীয়ে ৰেলপথত বহি প্ৰতিবাদ কৰাৰ ফলত উপনগৰীয়া ৰে’ল সেৱা প্ৰভাৱিত হয়। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ দোকান আৰু প্ৰতিষ্ঠানসমূহো বন্ধ কৰি দিয়া হয়। [11]

মুম্বাইৰ উপকণ্ঠ অঞ্চল যেনে কাঞ্জুৰমাৰ্গ, মুলুণ্ড, ভাণ্ডুপ, ট্ৰম্বে, কুৰলা, কলিনা, চেম্বুৰ, মালাডৰ কুৰাৰ, গোৰেগাওঁ, বান্দ্ৰাৰ পালি পাহাৰ, আৰু ৱৰ্লিত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ আৰু শিলগুটি নিক্ষেপ কৰাৰ কাণ্ডৰ বাতৰি পোৱা গৈছিল ৷ আৰক্ষীয়ে জনোৱা মতে, চেম্বুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবে গেংষ্টাৰ ছোটা ৰাজনৰ ভাতৃ দীপক নিখলজে দায়ী আছিল। [16] ভাকোলাৰ ৱেষ্টাৰ্ণ এক্সপ্ৰেছ ঘাইপথৰ খেৰৱাদি জংচনত ক্ষুব্ধ জনতাই যাতায়ত বন্ধ কৰি শিলগুটি নিক্ষেপত লিপ্ত হোৱাৰ পিছত আৰক্ষীয়ে লাথিচাৰ্জ কৰি শূন্যলৈ গুলীচালনা কৰে। থানেত শিলগুটি নিক্ষেপ কৰাৰ বাবে নিগমৰ দ্বাৰা পৰিচালিত বাছসমূহ পথৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছিল। কল্যাণৰ পৰা ডম্বিভিলিলৈ যোৱা পৌৰ পৰিবহণ নিগমৰ এখন বাছত হিংসাত্মক ৰাইজে মনপাদাত অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীয়ে দোকান-পোহাৰৰ মালিকসকলকো শ্বাটাৰ বন্ধ কৰিবলৈ বাধ্য কৰে। [17]

শিলগুটি নিক্ষেপ কৰি ১০০খনতকৈও অধিক বাছ আৰু ৩৫খন ব্যক্তিগত বাহনৰ ক্ষতিসাধন হয়। মুম্বাই আৰক্ষী আয়ুক্ত এ এন ৰায়ে এই লোকচান প্ৰায় ৩০ লাখ টকা বুলি কয়। বেষ্টে জনোৱা মতে, শিলগুটি নিক্ষেপ কৰি ইয়াৰ ৯১খন বাছ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে চাৰিজন চালক আৰু এগৰাকী মহিলা যাত্ৰী আহত হৈছে। এই প্ৰতিবাদত অতিৰিক্ত আৰক্ষী আয়ুক্ত কে এল বিষ্ণোইকে ধৰি কমেও ১৩জন আৰক্ষী আহত হয়। [11]

মুম্বাইত ১৭৬ জন লোকক আটক, [11] [12] ১৯ জন লোকক গ্ৰেপ্তাৰ কৰি আন ২৯ জন লোকক আটক কৰে।

মহাৰাষ্ট্ৰৰ বাহিৰত

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ চুবুৰীয়া ৰাজ্য গুজৰাট আৰু কৰ্ণাটকৰ কিছু অংশতো এই প্ৰতিবাদ বিয়পি পৰে ৷ গুজৰাটৰ চুৰটত ; এটা গোটে শিলগুটি নিক্ষেপ কৰি বাহনৰ ক্ষতিসাধন কৰে। এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। কৰ্ণাটকৰ হুবলীত ; বিভিন্ন দলিত সংগঠনৰ কৰ্মীসকলে প্ৰায় এক ডজন চিটি বাছলৈ শিলগুটি নিক্ষেপ কৰে। [11]

ধ্বংসকাৰীজনক গ্ৰেপ্তাৰ

[সম্পাদনা কৰক]

ইউ পি আৰ পি আইৰ উপ-সভাপতি এছ আৰ দাৰাপুৰীকে ধৰি বহু দলিত নেতাই মন্তব্য কৰে যে আম্বেদকাৰৰ মূৰ্তি ধ্বংস কৰি ভাৰতৰ দলিতসকলৰ প্ৰতি গভীৰ শত্ৰুতা প্ৰদৰ্শন কৰিছে। [18] জনতা পাৰ্টিৰ সভাপতি সুব্ৰমণ্য স্বামীয়ে দাবী কৰিছিল যে এইবোৰ "জাতীয় বিৰোধী" উৎসৰ কাম।

পিছত কানপুৰ আৰক্ষীয়ে আম্বেদকাৰৰ প্ৰতিমূৰ্তি ধ্বংস কৰাৰ অভিযোগত এজন দলিত যুৱক অৰুণ কুমাৰ বাল্মিকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, যুৱকজনে “দুজন বন্ধুৰ সৈতে মদ্যপান কৰি মূৰ্তিটোৰ ক্ষতি কৰা বুলি স্বীকাৰ কৰিছিল”। [19] ইয়াৰ পূৰ্বেও একেধৰণৰ গোচৰত কৰ্ণাটকৰ গুলবৰ্গাত আম্বেদকাৰৰ প্ৰতিমূৰ্তি অপবিত্ৰ কৰাৰ অপৰাধত এজন দলিত যুৱকক আটক কৰা হৈছিল। [20] কিন্তু কানপুৰৰ একাংশ দলিতে অভিযোগ কৰিছিল যে প্ৰকৃত দোষীক ৰক্ষা কৰিবলৈ যুৱকজনক মিছাকৈ জড়িত কৰা হৈছে। [19] বাল্মিকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ দলিতে কানপুৰত যান-বাহনৰ ক্ষতিসাধন কৰাৰ লগতে যাতায়ত বন্ধ কৰি দিয়ে। [20] ইফালে কানপুৰৰ পুৰণি ধ্বংসহোৱা প্ৰতিমূৰ্তিটো সম্পূৰ্ণ সন্মানেৰে সমাধিস্থ কৰা হয় আৰু তাৰ ঠাইত দ্ৰুতগতিত নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হয়। [21]

ৰাজনৈতিক পৰিণতি

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখে দলিত নেতাসকলক শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনায়। মুম্বাইৰ আৰক্ষী আয়ুক্ত এ এন ৰায়ে ৰাজ্য চৰকাৰক ৬ ডিচেম্বৰত (ড° আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী) বন্ধ ঘোষণা কৰিবলৈ অনুৰোধ জনায়, [13] কিন্তু চৰকাৰে তেনে কৰাৰ বিৰুদ্ধে সিদ্ধান্ত লয়। [12] দেশমুখেও সৰ্বদলীয় বৈঠক আহ্বান কৰে। কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও বিষয়টো নিষ্পত্তি কৰিবলৈ আহ্বান কৰে। [22]

ৰাজ থাকৰে "আৰ আৰ পাটিল বিৰোধী বাহিনী"য়ে দাঙ্গাক ইন্ধন যোগোৱা বুলি অভিযোগ উত্থাপন কৰে। খৈৰলাঞ্জীৰ আন এক ঘটনাৰ প্ৰতিও তেওঁ দৃষ্টি আকৰ্ষণ কৰে, য’ত এজন দলিত লোকে এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। থাকৰে ধৰ্ষণ আৰু তাৰ পিছত ছোৱালীজনীৰ মৃত্যুৰ বাবে দায়ীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়, লগতে ছোৱালীজনীৰ পৰিয়ালক কোনেও সহায় কৰা নাছিল বুলিও মন্তব্য কৰে। [12]

কানপুৰত প্ৰাক্তন আমোলা পি এল পুনিয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ধৰ্ণা (ধৰ্মঘট)ত বহিছিল, যেতিয়া জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে তেওঁলোকক ধ্বংস হোৱা মূৰ্তিটোৰ স্থানলৈ যাবলৈ বাধা দিছিল। আৰ পি আইৰ সভাপতি ৰামদাস আথাৱালেও কানপুৰত উপস্থিত হৈ উক্ত স্থান পৰিদৰ্শন কৰে। [23] ইয়াৰ পূৰ্বে তেওঁ কানপুৰত এই "ঘৃণনীয়" কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈছিল। [24] কিন্তু কানপুৰৰ এটা স্থানীয় চাৰ্কিট হাউচত আৰক্ষীয়ে তেওঁক কঠোৰ নিৰাপত্তাৰ অধীনত ৰখাৰ পিছত তেওঁ গৃহবন্দী হোৱাৰ অভিযোগ উত্থাপন কৰে। [25]

নতুন দিল্লীত অনুষ্ঠিত দলিত সাহিত্যিকৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল মাতা প্ৰসাদে ঘোষণা কৰে যে দলিত সাহিত্যৰ জৰিয়তে তেওঁলোকে ইয়াৰ প্ৰতিবাদী আন্দোলন অব্যাহত ৰাখিব। [26]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Dalit blood on village square". Frontline. http://www.frontline.in/social-issues/dalit-blood-on-village-square/article6808442.ece আহৰণ কৰা হৈছে: 2006-12-02.
  2. 1 2 "Khairlanji to Kanpur". The Indian Express. 2006-12-02. Archived from the original on 14 December 2006. https://web.archive.org/web/20061214102018/http://www.indianexpress.com/story/17707.html আহৰণ কৰা হৈছে: 2006-12-02.
  3. "Irrational violence: A result of dalit marginalisation". The Economic Times. 2006-12-02. https://economictimes.indiatimes.com/articleshow/676915.cms আহৰণ কৰা হৈছে: 2006-12-02.
  4. . 2006-12-02. Archived from the original on 2012-04-18. https://web.archive.org/web/20120418230945/http://articles.timesofindia.indiatimes.com/2006-12-02/mumbai/27797568_1_kanpur-incident-state-intelligence-dalit.
  5. . 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm.
  6. . 2006-12-02. Archived from the original on 20 April 2011. https://web.archive.org/web/20110420125602/http://www.hindu.com/2006/12/02/stories/2006120202561100.htm.
  7. . 2006-12-02. Archived from the original on 5 December 2006. https://web.archive.org/web/20061205113006/http://economictimes.indiatimes.com/articleshow/678074.cms.
  8. . 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm.
  9. "Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm."Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. Retrieved 2006-12-02.
  10. 1 2 "3 killed in Maharashtra Dalit violence". IBN Live. 2006-11-30. Archived from the original on 2007-09-27. https://web.archive.org/web/20070927213817/http://www.ibnlive.com/news/maharashtra-on-the-boil-2-kiiled-dalit-mob-rampage/27394-3.html.. IBN Live. 2006-11-30. Archived from the original Archived 2007-09-27 at the Wayback Machine on September 27, 2007. Retrieved 2006-12-01.
  11. 1 2 3 4 5 "Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm."Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. Retrieved 2006-12-02.
  12. 1 2 3 4 5 . 2006-12-02. Archived from the original on 2012-04-18. https://web.archive.org/web/20120418230945/http://articles.timesofindia.indiatimes.com/2006-12-02/mumbai/27797568_1_kanpur-incident-state-intelligence-dalit.
  13. 1 2 "3 killed in Maharashtra Dalit violence". 2006-11-30. Archived from the original on September 27, 2007. https://web.archive.org/web/20070927213817/http://www.ibnlive.com/news/maharashtra-on-the-boil-2-kiiled-dalit-mob-rampage/27394-3.html."3 killed in Maharashtra Dalit violence". IBN Live. 2006-11-30. Archived from the original on September 27, 2007. Retrieved 2006-12-01.
  14. "Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm."Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. Retrieved 2006-12-02.
  15. "Maharashtra: Dalit anger leaves 4 dead, 60 injured". 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm."Maharashtra: Dalit anger leaves 4 dead, 60 injured". Rediff.com. 2006-11-30. Archived from the original on 6 December 2006. Retrieved 2006-12-02.
  16. "3 killed in Maharashtra Dalit violence". 2006-11-30. Archived from the original on September 27, 2007. https://web.archive.org/web/20070927213817/http://www.ibnlive.com/news/maharashtra-on-the-boil-2-kiiled-dalit-mob-rampage/27394-3.html.
  17. . 2006-11-30. Archived from the original on 6 December 2006. https://web.archive.org/web/20061206175838/http://www.rediff.com/news/2006/nov/30statue.htm.
  18. "আৰ্কাইভ কপি". 2006-12-02. Archived from the original on 2007-10-01. https://web.archive.org/web/20071001044455/http://www.hindu.com/2006/12/02/stories/2006120203321200.htm.Khan, Atiq (2006-12-02). . The Hindu. Archived from the original Archived 2007-10-01 at the Wayback Machine on 2007-10-01. Retrieved 2016-03-06.
  19. 1 2 "Dalits force police to let off suspect in Kanpur". 2006-12-01. http://www.business-standard.com/india/news/dalits-force-police-to-let-off-suspect-in-kanpur/18172/on.
  20. 1 2 "Dalit youth held for desecrating Ambedkar statue". 2006-09-26. Archived from the original on 2016-02-19. https://web.archive.org/web/20160219190257/http://archive.deccanherald.com/Deccanherald/sep222006/district1711462006921.asp.
  21. "Caste protests grip Indian state". 2006-11-30. Archived from the original on 30 November 2006. https://web.archive.org/web/20061130140503/http://news.bbc.co.uk/2/hi/south_asia/6159541.stm.
  22. "Dalit protests: Deshmukh calls all-party meet". 2006-12-02. http://www.ndtv.com/template/template.asp?category=National&template=dalitprotests&slug=Maharashtra%3A+CM+calls+all-party+meet&id=97273&callid=1.
  23. . 2006-12-02. Archived from the original on 2007-10-01. https://web.archive.org/web/20071001044455/http://www.hindu.com/2006/12/02/stories/2006120203321200.htm.
  24. . 2006-12-01. http://www.hindu.com/thehindu/holnus/002200612011717.htm.[সংযোগবিহীন উৎস]"Statue desecration: Dalit activists demand action"[সংযোগবিহীন উৎস]. The Hindu. 2006-12-01. Retrieved 2006-12-02. [সংযোগবিহীন উৎস] [dead link]
  25. . 2006-12-02. http://www.zeenews.com/znnew/articles.asp?rep=2&aid=339382&sid=REG.
  26. "Statue desecration: Dalit activists demand action". The Hindu. 2006-12-01. http://www.hindu.com/thehindu/holnus/002200612011717.htm. [সংযোগবিহীন উৎস]