ৰেট-হ’ল মাইনিং
ৰেট-হ’ল মাইনিং বা ৰেট মাইনিং (ইংৰাজী: Rat-hole mining)[1] হৈছে উত্তৰ-পূব ভাৰতত কয়লা উলিওৱাৰ বাবে ব্যৱহৃত এটা প্ৰক্ৰিয়া। ইয়াত শ্ৰমিকে মাটি খন্দি সৰু ছিদ্ৰ কৰি কয়লা উলিয়ায়। এই প্ৰক্ৰিয়াক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (National Green Tribunal) নিষিদ্ধ কৰিছে; [2] তথাপি, এই প্ৰণালী ভাৰতৰ কিছুমান অঞ্চলত, বিশেষকৈ মেঘালয়ত, সৰু পৰিসৰৰ খনন কাৰ্যত এতিয়াও ব্যৱহৃত হৈ আছে।[3]
কৌশল
[সম্পাদনা কৰক]ৰেট-হ’ল মাইনিং প্ৰযুক্তি হৈছে এটা পদ্ধতি য’ত শ্ৰমিকে নিজে মাটি খান্দি কয়লা উলিয়ায়।[4][5] ইয়াত মাটি খান্দি কৰা ঠেক সুৰংগইদি শ্ৰমিকে কথমপিহে ওলোৱা -সোমোৱা কৰিব পাৰে। সুৰংগৰ গভীৰতা ৩-৪ ফুট মান হয়।[6] [7] এই প্ৰযুক্তি মূলতঃ দুটা প্ৰকাৰৰ :
চাইড কাটিং পদ্ধতি
[সম্পাদনা কৰক]এই পদ্ধতি সাধাৰণতে পৰ্বতৰ ঢালত প্ৰয়োগ কৰা হয়। ইয়াত শিলৰ স্তৰত জমা হোৱা কয়লাৰ তৰপবোৰক লক্ষ্য কৰি খনন কৰা হয়। এইবোৰ সাধাৰণতে শিলৰ বাহ্যিক পৃষ্ঠত ক’লা বা গাঢ় বাদামী ডাঠ ৰেখাৰ ৰূপত দেখা যায়।
বক্স কাটিং পদ্ধতি
[সম্পাদনা কৰক]ইয়াত ৫ বৰ্গ মিটাৰ প্ৰস্থৰ আৰু ৪০০ ফুট গভীৰতাৰ গোলাকাৰ বা চৌকাকাৰ গাঁত খন্দা হয়। এই পদ্ধতি উত্তৰ-পূৰ্ব ভাৰতত কয়লা উলিওৱাৰ বাবে ব্যৱহৃত হয়।[8][9]
নিষিদ্ধকৰণ
[সম্পাদনা কৰক]ৰেট-হ’ল মাইনিং পদ্ধতি বিপজ্জনক। ইয়াৰ ফলত পৰিৱেশৰ ক্ষতি হয় আৰু বহু দুৰ্ঘটনা ঘটে। বহু সময়ত এই পদ্ধতিৰ বাবে বহু শ্ৰমিকে প্ৰাণ হেৰুৱায় বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।[10] সেয়েহে এই পদ্ধতি তীব্ৰ সমালোচনাৰ সম্মুখীন হৈছে আৰু বহুতো দেশত নিষিদ্ধ কৰা হৈছে। ভাৰততো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (National Green Tribunal)-এ ৰেট-হ’ল মাইনিং নিষিদ্ধ কৰিছে।[11]
উল্লেখযোগ্য ঘটনা
[সম্পাদনা কৰক]২০১৮ চনৰ মেঘালয় দুৰ্ঘটনা
[সম্পাদনা কৰক]১৩ ডিচেম্বৰ, ২০১৮ তাৰিখে ভাৰতৰ মেঘালয় ৰাজ্যৰ ক্সান (Ksan) নামৰ ঠাইত ১৫জন শ্ৰমিক এটা খনিৰ ভিতৰত আবদ্ধ হৈ পৰে। এই খনিৰ শ্ৰমিকসকলে ৰেট-হ’ল মাইনিং প্ৰযুক্তি ব্যৱহাৰ কৰি খনন কৰি আছিল। ১৫জন শ্ৰমিকৰ ৫জন কিবা কৈ বাচি আহিবলৈ সক্ষম হৈছিল, কিন্তু বাকী ১০ জনৰ উদ্ধাৰ অভিযান ২০১৯ চনৰ ২ মাৰ্চলৈকে চলি আছিল। শ্ৰমিকসকল জয়ন্তীয়া পাৰ্বত্য জিলাৰ এখন কয়লাখনিৰ ভিতৰত প্ৰায় ৩৭০ ফুট (১১০ মিটাৰ) গভীৰতাত বন্দী হৈ পৰিছিল। খনন চলাই থাকোঁতে কাষৰ এটা খনিৰ পানীৰ সৈতে যুক্ত হোৱাত সুৰংগটো পানীৰে উপচি পৰে। খনিটোলৈ পানী কাষৰ লাইটেন নদীৰ পৰা আহিছিল।[12][13][14] [15][16][17]
এই ঘটনাৰ পিছত, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (NDRF) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (SDRF)-এ উদ্ধাৰ অভিযান আৰম্ভ কৰে। জিলা প্ৰশাসনৰ অনুৰোধৰ পিছত, ক’ল ইণ্ডিয়া, কিৰ্লোস্কৰ ব্ৰাদাৰ্ছ, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌবাহিনীৰ দলে উদ্ধাৰ অভিযানত যোগদান কৰে। কিন্তু ১০জন শ্ৰমিকৰ মাত্ৰ ২ জনৰ উঁৱলি যোৱা দেহহে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
২০২১ চনৰ ৰাইম্বাইৰ ওচৰৰ ঘটনা
[সম্পাদনা কৰক]২১ জানুৱাৰী, ২০২১ তাৰিখে মেঘালয়ৰ পূৱ জয়ন্তীয়া পৰ্বতীয়া জিলাত থকা এটা ৰেট-হ’ল খনিৰ ভিতৰত হোৱা এটা দুৰ্ঘটনাত ৬জন শ্ৰমিকৰ মৃত্যু হয়।[18]
২০২৫ চনৰ অসমৰ উমৰাংছুৰ দুৰ্ঘটনা
[সম্পাদনা কৰক]![]() উমৰাংছুৰ চহৰাঞ্চলৰ সমীপ, য'ত দুৰ্ঘটনাটো ঘটিছিল | |
| তাৰিখ | জানুৱাৰী ৬, ২০২৫ |
|---|---|
| স্থান | উমৰাংছু, অসম |
| কাৰণ | কপিলী নদীয়ে সৃষ্টি কৰা বান |
| মৃত্যু | ৪ |
| নিৰুদ্দিষ্ট | ৯ |
| গ্ৰেপ্তাৰ | ২ |
২০০৫ চনৰ ৬ জানুৱাৰীত অসমৰ ডিমা হাচাও জিলাৰ এটা ৰেট-হ'ল খনি জলমগ্ন হৈ ৯ জন লোক আৱদ্ধ হৈ পৰে। [19] পৰৱৰ্তী সময়ত চলা উদ্ধাৰ অভিযানত মাত্ৰ চাৰিগৰাকী লোকৰ দেহহে পোৱা যায়৷[20] উল্লেখযোগ্য যে, খনিটো প্ৰায় ৩০০ ফুট গভীৰ৷ [21]এই স্থানত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছডিআৰএফ), ভাৰতীয় সেনা, আৰু নৌসেনাৰ মুঠ ১০০ গৰাকী উদ্ধাৰকাৰী মোতায়েন কৰা হৈছিল৷[22] ১৬ জানুৱাৰীলৈকে এই স্থানৰ পৰা চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।[23] ভাৰতীয় ভূতাত্ত্বিক জৰীপ (GSI)ৰ এটা দলে লক্ষ্য কৰিছে যে মাটিৰ তলত ১৪ কোটি (১৪ কোটি) লিটাৰ পানী আছিল৷ আৰু সেই মুহূৰ্তলৈকে ৪ কোটি লিটাৰ পানী সফলতাৰে উলিওৱা হৈছে৷[24]ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে অসমৰ মাৰ্ঘেৰিটাৰ থকা ১৩টা অবৈধ ৰেট-হ'ল মাইনিং বন্ধ কৰা হয়৷ [25]
উত্তৰাখণ্ড উদ্ধাৰ অভিযান
[সম্পাদনা কৰক]২০২৩ চনৰ শেষৰ ফালে উত্তৰাখণ্ডৰ এটা পথ সুৰংগ খান্দি থকা অৱস্থাত ধ্বংস হৈ পৰাৰ পিছত ১৭ দিন ধৰি বন্দী হৈ থকা ৪১জন শ্ৰমিকক উদ্ধাৰ কৰাত ৰেট-হ’ল খননকাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।[26][27][28]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ (en ভাষাত) Operation Rat Mining : Dark Side Of Coal Mining In Meghalaya Exposed |, প্ৰকাশক Youtube: India Today Investigation, January 14, 2019, https://www.youtube.com/watch?v=9KRZCxWD5u8, আহৰণ কৰা হৈছে: 2023-12-03
- ↑ Sharma, Shweta. "What are ‘rat-hole’ miners? Controversial specialists brought in for final stretch of India tunnel rescue". Independent UK. https://www.independent.co.uk/asia/india/rat-hole-miners-uttarakhand-tunnel-rescue-drilling-b2454656.html.
- ↑ Karmakar, Rahul (2023-11-29). "Understanding rat-hole mining" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/understanding-rat-hole-mining-explained/article67588357.ece.
- ↑ "Explained: From rat-hole mining to vertical drilling — methods used at Uttarkashi tunnel" (en ভাষাত). Hindustan Times. 28 November 2023. https://www.hindustantimes.com/india-news/uttarkashi-tunnel-collapse-what-is-rat-hole-mining-how-is-it-different-from-vertical-drilling-101701145433533.html.
- ↑ "Uttarkashi tunnel rescue: How the 12 'rat miners' reached the 41 trapped men". The Economic Times. 28 November 2023. https://economictimes.indiatimes.com/news/india/uttarkashi-tunnel-what-is-rat-hole-mining-how-this-traditional-manual-method-came-to-the-rescue/articleshow/105564822.cms.
- ↑ Karmakar, Rahul (29 November 2023). "Understanding rat-hole mining" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/understanding-rat-hole-mining-explained/article67588357.ece.
- ↑ "What is rat-hole mining, being done to rescue trapped Uttarkashi tunnel workers" (en ভাষাত). The Indian Express. 27 November 2023. https://indianexpress.com/article/explained/rat-hole-mining-uttarkashi-tunnel-explained-9044515/.
- ↑ "What is rat-hole mining and how it saved trapped Uttarakhand workers?" (en-us ভাষাত). WION. 28 November 2023. https://www.wionews.com/india-news/what-is-rat-hole-mining-a-technique-being-used-to-help-rescue-uttarakhand-workers-663646.
- ↑ Kaushik, Riddhi (28 November 2023). "Uttarkashi tunnel collapse: What is rat-hole mining & how does it work?" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/uttarakhand/uttarkashi-tunnel-collapse-what-is-rat-hole-mining-how-does-it-work-2787450.
- ↑ "Uttarkashi tunnel collapse: How did 'banned' rat miners end ordeal of 41 workers" (en ভাষাত). mint. 28 November 2023. https://www.livemint.com/news/india/what-is-rat-mining-how-a-banned-practice-turned-the-tide-of-uttarkashi-tunnel-rescue-operations-11701166336046.html.
- ↑ Kala, Rishi Ranjan (28 November 2023). "Rat hole mining: banned practice saves 41 lives from the collapsed Uttarakhand tunnel" (en ভাষাত). BusinessLine. https://www.thehindubusinessline.com/blexplainer/rat-hole-mining-a-banned-practice-saves-41-lives-from-the-collapsed-uttarakhand-tunnel/article67584511.ece.
- ↑ Karmakar, Rahul (13 December 2018). "13 feared dead in Meghalaya coal mine". The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/13-feared-dead-in-meghalaya-coal-mine/article25736100.ece.
- ↑ "Meghalaya mine collapse: Have sought powerful pumps, they will arrive soon, says Coal India". The Indian Express. 28 December 2018. https://indianexpress.com/article/north-east-india/meghalaya/meghalaya-mine-collapse-have-sought-powerful-pumps-they-will-arrive-soon-says-coal-india-5512614/। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ "Rescue Ops On, but No Update on Trapped Miners in Flooded Meghalaya Mine". The Weather Channel. 27 December 2018. https://weather.com/en-IN/india/news/news/2018-12-27-trapped-meghalaya-miners-rescue। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ Editorial (27 December 2018). "No lessons learnt: on Meghalaya mining disaster". The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/editorial/no-lessons-learnt/article25836724.ece.
- ↑ "Tests confirm Lytein river water entered coal mine". The Shillong Times. 19 December 2018. Archived from the original on 28 December 2018. https://web.archive.org/web/20181228175049/http://www.theshillongtimes.com/2018/12/19/tests-confirm-lytein-river-water-entered-coal-mine/। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ "Families of miners trapped in Meghalaya seek miracle". The Times of India. 26 December 2018. https://timesofindia.indiatimes.com/india/families-of-miners-trapped-in-meghalaya-seek-miracle/articleshow/67257765.cms। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ Hasnat, Karishma (2 February 2021). "Another year, another mining tragedy — why Meghalaya’s ‘rat holes’ won’t stop killing". https://theprint.in/india/another-year-another-mining-tragedy-why-meghalayas-rat-holes-wont-stop-killing/594667/. "Two years after 15 miners were killed at an illegal coal mine in Meghalaya, six others lost their lives in another accident at another mine in January."
- ↑ Karmakar,Rahul (January 18, 2025 02:10 am IST). "Assam rat-hole mine tragedy: Dying for black gold". The Hindu. The Hindu. https://www.thehindu.com/news/national/assam/assam-rat-hole-mine-tragedy-dying-for-black-gold/article69109650.ece। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ Choudhury,Ratnadip (Jan 19, 2025 23:33 pm IST). "Assam Government's Massive Crackdown On Illegal Rat-Hole Mining". NDTV. NDTV. https://www.ndtv.com/india-news/assam-governments-massive-crackdown-on-illegal-rat-hole-mining-7512061। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ "Assam mine tragedy: Rescue ops continue for 4th day, efforts on to dewater shaft" (en ভাষাত). India Today. 2025-01-09. https://www.indiatoday.in/india/assam/story/assam-mine-tragedy-rescue-operations-continue-efforts-underway-dewater-shaft-2662202-2025-01-09। আহৰণ কৰা হৈছে: 2025-01-16.
- ↑ "Indian army divers retrieve the body of one of at least 9 miners trapped in a flooded coal mine" (en ভাষাত). AP News. 2025-01-08. https://apnews.com/article/coal-miners-trapped-india-assam-197ff8b4cf35728b10fc11e8b6b80b70। আহৰণ কৰা হৈছে: 2025-01-16.
- ↑ "Dewatering in ill-fated Assam coal mine continues, no sign of trapped miners" (en-IN ভাষাত). The Hindu. 2025-01-15. ISSN 0971-751X. https://www.thehindu.com/news/national/assam/dewatering-in-ill-fated-assam-coal-mine-continues-no-sign-of-trapped-miners/article69101101.ece.
- ↑ "It could take 60 days to drain water from mine where 9 men perished in Assam" (en ভাষাত). The Indian Express. 2025-01-17. https://indianexpress.com/article/india/10-days-after-mining-disaster-assam-cabinet-approves-judicial-inquiry-constitutes-sit-9783125/। আহৰণ কৰা হৈছে: 2025-01-17.
- ↑ Staff Reporter (18 Jan 2025 5:53 PM). "Umrangso aftermath: 13 illegal rat-hole mines shut down in Margherita". NDTV. The Assam Tribune. https://assamtribune.com/assam/umrangso-aftermath-13-illegal-rat-hole-mines-shut-down-in-margherita-1565172। আহৰণ কৰা হৈছে: 20 January 2025.
- ↑ "How India's 'rat-hole' miners freed 41 tunnel workers". bbc.com. 29 November 2023. https://www.bbc.com/news/world-asia-india-67563247.
- ↑ "'If 1 dies to save 40 people...': Rat-hole miner on Uttarkashi rescue operation" (en ভাষাত). 29 November 2023. https://www.indiatoday.in/india/story/uttarkashi-tunnel-rescue-rat-hole-miner-munna-qureshi-workers-silkyara-2469188-2023-11-29.
- ↑ Mishra, Ishita (29 November 2023). "On all fours in ‘rat holes’, the heroes of Silkyara scrape by on the margins" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/never-got-so-much-praise-for-doing-our-jobs-say-muslim-and-dalit-rat-hole-miners-who-rescued-trapped-silkyara-workers/article67587279.ece.
