২০২৫ প্ৰয়াগ কুম্ভ মেলা
সময়সীমা | ৪৪ দিন |
---|---|
তাৰিখ | 13 January – 26 February 2025 |
স্থান | ত্ৰিবেণী সংগম |
স্থান | প্ৰয়াগৰাজ |
ভৌগোলিক স্থানাংক | 25°25′52″N 81°53′06″E / 25.431°N 81.885°Eস্থানাংক: 25°25′52″N 81°53′06″E / 25.431°N 81.885°E |
অন্য নাম | মহা কুম্ভ মেলা |
প্ৰকাৰ | সামাজিক প্ৰথা |
বিষয়বস্তু | উৎসৱমুখৰ অনুষ্ঠান |
উদ্দেশ্য | ৰীতি-নীতি |
Patrons | তপস্বী, সন্ত, সাধু, সাধ্বী, কল্পবাসী, আৰু তীৰ্থযাত্ৰী |
Organised by | প্ৰয়াগৰাজ কুম্ভ মেলা কৰ্তৃপক্ষ |
ৱেবছাইট | kumbh |
UNESCO Intangible Cultural Heritage |
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
![]() |
২০২৫ প্ৰয়াগ কুম্ভ মেলা হʼল ভাৰতৰ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজ চহৰৰ ত্ৰিবেণী সংগমত, ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হʼবলগীয়া মহা কুম্ভ মেলাৰ চলিত বৰ্ষৰ সংস্কৰণ, যি ২০২৫ মহা কুম্ভ নামেৰেও জনাজাত। কুম্ভ মেলাৰ এই 'মহা' সংস্কৰণটি প্ৰতি ১৪৪ বছৰত এবাৰকৈ অনুষ্ঠিত হয় আৰু ই ৪৪ দিনলৈ চলিব।[1] এই মেলালৈ প্ৰায় ৪০ কোটি দৰ্শনাৰ্থী আহিব বুলি অনুমান কৰা হৈছে।
কুম্ভ মেলা প্ৰায় প্ৰতি ১২ বছৰৰ মূৰে মূৰে চাৰিটা স্থানত—প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িনী আৰু নাশিক—পৰ্যায়ক্ৰমে অনুষ্ঠিত হয়।[2][3] বৃহস্পতি (গুৰু), বেলি (সূৰ্য), আৰু জোন (চন্দ্ৰ)ৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ স্থান নিৰ্ধাৰণ কৰা হয়।[4]
তাৎপৰ্য্য
[সম্পাদনা কৰক]মহা কুম্ভ মেলা অসুৰসকলৰ ওপৰত দেৱতাসকলৰ বিজয়ৰ প্ৰতীক।[5] ২০২৫ চনত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হʼব বুলি আশা কৰা হৈছে॥[6][7]
মহা কুম্ভ মেলা সমগ্ৰ বিশ্বত শান্তিপূৰ্ণ মানুহৰ বৃহত্তম সমাৱেশ হিচাপে পৰিচিত।[8] এই সমাৱেশত কোটি কোটি ভক্তই গঙ্গা, যমুনা আৰু ৰহস্যময় সৰস্বতী নদীত গা ধোৱে, যাৰ পানীক হিন্দু ধৰ্মাৱলম্বীসকলে পৱিত্ৰ বুলি বিশ্বাস কৰে। ই আত্মাৰ পৰিশুদ্ধি আৰু মোক্ষ বা মুক্তি লাভৰ পথৰ প্ৰতীক।[9] ২০২৫ চনৰ মহা কুম্ভ মেলাত প্ৰায় ৪০ কোটি দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে[10][11] আৰু ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ফ্ৰান্সসহ অন্যান্য দেশৰ গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকিব।[12][13]
আন্তঃগাঁথনি
[সম্পাদনা কৰক]
উত্তৰ প্ৰদেশ চৰকাৰে মহা কুম্ভ মেলাৰ বাবে আন্তঃগাঁথনি আৰু অনাময় প্ৰকল্পৰ বাবে ₹৭০০০ কোটিকৈও অধিক টকা অধিক ব্যয় কৰিছে।[8] ২০২৫ বৰ্ষৰ মহা কুম্ভ মেলাত যিকোনো ধৰণৰ অগ্নি-সংশ্লিষ্ট দুৰ্ঘটনাৰ পৰা সুৰক্ষাৰ বাবে উন্নতমানৰ অগ্নিনিৰ্বাপক বাহন থাকিব।[14][15] মহাকুম্ভৰ সময়ত নদীখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ বাবে উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰে ৫০০জন বিশেষ গংগা প্ৰহৰীক প্ৰতিনিধি হিচাপে নিযুক্তি দিব।[16] মেলা অঞ্চলৰ আশে-পাশে ৮৩টা প্ৰকল্পৰ মুঠ ব্যয় ১৪২৮.৬৮ কোটি হ’ব বুলি অনুমান কৰা হৈছে যাৰ ভিতৰত ৪৭টা প্ৰকল্প ১৫ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈছে আৰু বাকীবোৰ অতি শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।[17] পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলক সহায় কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলি আৰু চেটবটৰ ব্যৱহাৰ কৰা হৈছে।[18]
মহা কুম্ভ ২০২৫ মেলাৰ বাবে "মহাকুম্ভ মেলা ২০২৫ এপ" নামৰ এটি মʼবাইল এপ প্ৰচলিত কৰা হৈছে। য'ত পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলৰ সহায়-সহযোগিতাৰ বাবে ঘাট, মন্দিৰ, আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰধান ধৰ্মীয় স্থানসমূহ আছে।[19] ভাৰতীয় ৰে’লৱে মহাকুম্ভ ২০২৫ উপলক্ষে তীৰ্থযাত্ৰীসকলে আশা কৰা ধৰণে আগমনৰ বাবে প্ৰয়াগৰাজ এক্সপ্ৰেছ আৰু লক্ষ্ণৌ মেইলৰ দৰে গুৰুত্বপূৰ্ণ ৰে’লত ডবাৰ সংখ্যা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।[20]
স্বাস্থ্যবিধি নিয়ন্ত্ৰণ
[সম্পাদনা কৰক]মহা কুম্ভ, ২০২৫ মেলাত উন্নত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মান বজায় ৰখা হʼব, যʼত প্ৰতি ১০টা শৌচাগাৰৰ বাবে এজন পৰিচ্ছন্নতা কৰ্মী আৰু ১০জন কৰ্মীৰ বাবে এজন তত্ত্বাৱধায়ক নিয়োজিত থাকিব।[21] স্বচ্ছ মহাকুম্ভ নিশ্চিত কৰাৰ বাবে প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই প্ৰায় ১০ হাজাৰ অনাময় কৰ্মীক নিয়োগ কৰিছে। স্বচ্ছ কুম্ভৰ পদক্ষেপৰ অধীনত প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই মহাকুম্ভ অঞ্চলত প্ৰায় ১ লাখ ৫০ হাজাৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ স্থাপন কৰিছে। মেলা অঞ্চলৰ ভিতৰত পকী ঘাট, ফুটপাথ, ৰাস্তা, ৰাজহুৱা স্থান পৰিষ্কাৰ কৰিবলৈও এটা কমপেক্ট মেনুৱেল ছুইপিং মেচিন স্থাপন কৰা হৈছে। ১ লাখ ৫০ হাজাৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ স্থাপনৰ উপৰিও শৌচাগাৰত অনাময়ৰ মাত্ৰা অনুসৰণ কৰিবলৈ কিউআৰ ক’ড ভিত্তিক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰা হৈছে।[22]
স্বাস্থ্য সেৱা
[সম্পাদনা কৰক]উপস্থিতসকলৰ মংগল নিশ্চিত কৰিবলৈ ব্যাপক চিকিৎসা সুবিধা স্থাপন কৰা হৈছে:[23]
- ৪০৭জন চিকিৎসক আৰু ৭০০ৰো অধিক পেৰামেডিকেল কৰ্মচাৰী নিয়োগ কৰা হ’ব
- মহিলা আৰু শিশুসকলৰ বিশেষ যত্নৰ সৈতে ২৪ ঘণ্টীয়া চিকিৎসা সেৱা
- ১০০খন বিছনাযুক্ত অস্থায়ী কেন্দ্ৰীয় চিকিৎসালয় স্থাপন কৰা হ’ব
অমৃত স্নান
[সম্পাদনা কৰক]পৌষ পূৰ্ণিমা, মকৰ সংক্ৰান্তি, মৌনি অমাৱস্যা, বসন্ত পঞ্চমী, মাঘী পূৰ্ণিমা আৰু মহা শিৱৰাত্ৰিৰ উপলক্ষে অমৃত স্নানৰ আয়োজন কৰা হৈছে। এই উৎসৱবোৰ যথাক্ৰমে ১৩, ১৪ আৰু ২৯ জানুৱাৰী আৰু ৩, ১২ আৰু ২৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হʼব।[24][25][26]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Maha Kumbh Mela 2025: How this event after 144 years is different from 3 other Kumbhs" (en ভাষাত). India Today. 2025-01-07. https://www.indiatoday.in/information/story/maha-kumbh-mela-2025-difference-four-types-of-kumbhs-prayagraj-sangam-shahi-snan-2660993-2025-01-07। আহৰণ কৰা হৈছে: 2025-01-13.
- ↑ J. S. Mishra (2004). Mahakumbh, the Greatest Show on Earth. Har-Anand Publications. পৃষ্ঠা. 17. ISBN 978-81-241-0993-9. https://books.google.com/books?id=1pCXqynwwQcC&pg=PA17.
- ↑ J. C. Rodda; Lucio Ubertini; Symposium on the Basis of Civilization—Water Science? (2004). The Basis of Civilization—water Science?. International Association of Hydrological Science. পৃষ্ঠা. 165–. ISBN 978-1-901502-57-2. https://books.google.com/books?id=JI65-MygMm0C&pg=PA165.
- ↑ "Kumbh Mela, explained: Its mythology, history, astrology, and why millions flock to it" (en ভাষাত). The Indian Express. 2025-01-14. https://indianexpress.com/article/explained/explained-culture/kumbh-mela-explained-its-mythology-history-astrology-appeal-9775169/। আহৰণ কৰা হৈছে: 2025-01-14.
- ↑ "Maha Kumbh Mela 2025: Why You Should Travel To The World's Largest Religious Gathering" (en ভাষাত). Times Now. 16 November 2024. https://www.timesnownews.com/travel/destinations/maha-kumbh-mela-2025-why-you-should-travel-to-the-worlds-largest-religious-gathering-photo-gallery-115298268/3.
- ↑ "Maha Kumbh 2025 Mela: When will it start? Know the dates of royal bath, significance, and more" (en ভাষাত). The Indian Express. 12 November 2024. https://indianexpress.com/article/when-is/mahakumbh-2025-mela-when-will-it-start-9666170/.
- ↑ "Maha Kumbh Mela 2025: How this event after 144 years is different from 3 other Kumbhs" (en ভাষাত). India Today. 2025-01-07. https://www.indiatoday.in/information/story/maha-kumbh-mela-2025-difference-four-types-of-kumbhs-prayagraj-sangam-shahi-snan-2660993-2025-01-07। আহৰণ কৰা হৈছে: 2025-01-13.
- ↑ 8.0 8.1 Ellis-Petersen, Hannah (2025-01-13). "India’s Maha Kumbh Mela festival gets under way for first time in 144 years" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2025/jan/13/india-maha-kumbh-mela-festival-kicks-off-for-first-time-in-144-years.
- ↑ "Home - Maha Kumbh Mela 2025" (en-US ভাষাত). mahakumbh.in. 2022-11-08. https://mahakumbh.in/। আহৰণ কৰা হৈছে: 2025-01-13.
- ↑ Sharma, Vishesh (13 November 2024). "Maha Kumbh 2025: How brands can make a splash during the mega marketing mela" (en ভাষাত). bestmediainfo.com. https://bestmediainfo.com/special/in-depth/maha-kumbh-2025-how-brands-can-make-a-splash-during-the-mega-marketing-mela-7576471.
- ↑ "Maha Kumbh Mela 2025: Prayagraj To Host A Two-Day Bird Festival For The First Time" (en ভাষাত). Times Now. 13 November 2024. https://www.timesnownews.com/travel/news/maha-kumbh-mela-2025-prayagraj-to-host-a-two-day-bird-festival-for-the-first-time-article-115219274.
- ↑ "Kumbh: Global dignitaries & saints to attend Ganga aarti". The Times of India. 17 November 2024. https://timesofindia.indiatimes.com/city/allahabad/maha-kumbh-2025-global-dignitaries-to-attend-spectacular-ganga-aarti/articleshow/115392059.cms.
- ↑ Yoon, John; Kumar, Hari (14 January 2025). "Maha Kumbh Mela: World’s Largest Gathering Begins in India". The New York Times. https://www.nytimes.com/2025/01/14/world/asia/india-hindu-festival-maha-kumbh-mela.html.
- ↑ "Maha Kumbh 2025 to have 'fire bikes', offroaders as quick response vehicles | VIDEO" (en ভাষাত). English.Mathrubhumi. 17 November 2024. https://english.mathrubhumi.com/news/india/maha-kumbh-mela-2025-dates-safety-measures-1.10085588.
- ↑ "Mahakumbh:Fire safety measures to exceed Kumbh 2019 standards with doubled resources". hindustantimes.com. 16 November 2024. https://www.hindustantimes.com/cities/others/mahakumbhfire-safety-measures-to-exceed-kumbh-2019-standards-with-doubled-resources-101731699721835.html.
- ↑ "Mahakumbh 2025: Prayagraj gears up with 500 Ganga Praharis to maintain river sanctity". The Times of India. 17 November 2024. https://timesofindia.indiatimes.com/city/allahabad/mahakumbh-2025-prayagraj-gears-up-with-500-ganga-praharis-to-maintain-river-sanctity/articleshow/115381190.cms.
- ↑ "47 of 83 Maha Kumbh projects completed". The Times of India. 15 November 2024. https://timesofindia.indiatimes.com/city/allahabad/ahead-of-2025-maha-kumbh-47-of-83-key-projects-completed-in-prayagraj/articleshow/115311289.cms.
- ↑ "Maha Kumbh 2025: UP steps up security, adds AI and chatbots for real-time assistance to travellers". The Times of India. 24 October 2024. https://timesofindia.indiatimes.com/travel/travel-news/maha-kumbh-2025-up-steps-up-security-adds-ai-and-chatbots-for-real-time-assistance-to-travellers/articleshow/114547389.cms.
- ↑ "Streamlining pilgrimage in Prayagraj: Maha Kumbh Mela 2025 navigation app launched for visitors". The Times of India. 3 November 2024. https://timesofindia.indiatimes.com/city/allahabad/streamlining-pilgrimage-in-prayagraj-introducing-the-maha-kumbh-mela-2025-navigation-app/articleshow/114909207.cms.
- ↑ info medias, the. "Mahakumbh 2025: Spiritual Festival and Indian Railway Updates". the info medias. https://theinfomedias.com/mahakumbh-2025-indian-railway-updates/। আহৰণ কৰা হৈছে: 2 January 2025.[সংযোগবিহীন উৎস]
- ↑ "Maha Kumbh 2025: Advanced sanitation standards set to ensure clean and safe experience for devotees and tourists in Prayagraj". The Times of India. 18 November 2024. https://timesofindia.indiatimes.com/city/allahabad/maha-kumbh-2025-advanced-sanitation-standards-set-to-ensure-clean-and-safe-experience-for-devotees-and-tourists-in-prayagraj/articleshow/115414356.cms.
- ↑ "10,000 sanitation workers to make Kumbh clean & green". The Times of India. 2025-01-11. ISSN 0971-8257. https://timesofindia.indiatimes.com/india/10000-sanitation-workers-to-make-kumbh-clean-green/articleshow/117134518.cms.
- ↑ "महाकुंभ-2025 : प्रयागराज में कुंभ मेला क्षेत्र में गाइनेकोलॉजिस्ट और पीडियाट्रिक शिफ्टवार 24 घंटे देंगे अपनी सेवाएं". ddnews.gov.in. https://ddnews.gov.in/mahakumbh-2025-gynecologists-and-pediatricians-will-provide-their-services-24-hours-shift-wise-in-the-kumbh-mela-area-in-prayagraj/। আহৰণ কৰা হৈছে: 2025-01-05.
- ↑ "Maha Kumbh 2025: What is Amrit Snan and how to register for it online?". Business-standard. 9 Jan 2025. https://www.business-standard.com/india-news/maha-kumbh-2025-what-is-amrit-snan-and-how-to-register-for-it-online-nc-125010900817_1.html। আহৰণ কৰা হৈছে: 15 January 2025.
- ↑ "Mahakumbh 2025: Over 1 crore take dip in Sangam on Day 1; first ‘Amrit Snan’ today as millions gather on Makar Sankranti" (en-us ভাষাত). Hindustan Times. 2025-01-14. https://www.hindustantimes.com/india-news/mahakumbh-2025-over-1-crore-take-holy-dip-in-sangam-first-amrit-snan-today-as-millions-gather-on-makar-sankranti-101736813425800.html.
- ↑ "Kumbh Mela 2025: Know The Exact Dates From The Start To The Shahi Snan" (en ভাষাত). news.abplive.com. 13 November 2024. https://news.abplive.com/religion/kumbh-mela-2025-know-the-exact-dates-from-the-start-to-the-shahi-snan-prayagraj-1730932.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবচাইট Archived 2020-11-07 at the Wayback Machine