২০ জানুৱাৰী
Jump to navigation
Jump to search
২০ জানুৱাৰী (ইংৰাজী: 20 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৫ টা দিন (অধিবৰ্ষত ৩৪৬ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- কবি, গীতিকাৰ আৰু শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ কেশৱ মহন্তই জন্ম লাভ কৰিছিল ১৯২৬ চনৰ আজিৰ দিনটোতে ৷
- বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক, প্ৰধানকৈ বিদ্ৰোহী কবি নামেৰে খ্যাত প্ৰসন্নলাল চৌধুৰীৰ দেহাৱসান ঘটে ১৯৮৬ চনৰ আজিৰ তাৰিখতে ৷
- ১৯৭৮ চনৰ আজিৰ দিনটোতে ককা বাগ্মীবৰ নীলমণি ফুকনক মৃত্যুৱে সাৱতি লয়।
- ১৮৭৯ চনৰ ২০ জানুৱাৰী ৷ এই দিনটোতে পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱে ৷
- শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৷ এই নামঘৰটো আঠখেলৰ ৰাইজ, অসম চৰকাৰ, দেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে পুনঃ নিৰ্মাণ কৰি, গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱৰ দ্বাৰা উদ্বোধন কৰা হয় ২০১৩ চনৰ আজিৰ দিনটোতে ৷
- ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল ১৯৫৭ চনৰ আজিৰ দিনটোতে ।
- মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে ১৯৭২ চনৰ আজিৰ দিনটোতে ।
- বাৰাক হুছেইন অ'বামা ৷ মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি । ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ বাৰাক হুছেইন অ'বামাই কাৰ্যভাৰ গ্ৰহণ কৰিছিল ২০০৯ চনৰ আজিৰ দিনটোতে ৷
- আজিৰ দিনটোতে ১৭৭৫ চনত ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ আণ্ড্ৰেমেৰী এম্পিয়েৰৰ জন্ম হৈছিল।
- ইটালীৰ চলচ্চিত্ৰ পৰিচালক ফেডেৰিকো ফেলিনিৰৰ জন্ম হৈছিল ১৯২০ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২০ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|