২৫ অক্টোবৰ
২৫ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৮ তম (অধিবৰ্ষত ২৯৯ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১/ ১৪০০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ কবি জিঅ'ফ্ৰে চচাৰৰ মৃত্যু হয় ।
২/ ১৬৪৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু হয় ।
৩/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চিত্ৰশিল্পী পাবলো পিকাছোৰ জন্ম হয় ।
৪/ ১৯৪৭ চনৰ আজিৰ দিনটোতে পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰে । কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ সহায় প্ৰাৰ্থনা ।
৫/ ১৯৫১ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ হয় । নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ।
৬/ ১৯৭১ চনৰ আজিৰ দিনটোতে চীন ৰাষ্ট্ৰসংঘৰ সদস্য হয় আৰু টাইৱান বহিষ্কৃত হয় ।
৭/ ১৯৭১ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ নেতা শ্বেখ মজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হয় ।
৮/ ১৯৯১ চনৰ আজিৰ দিনটোতে বিবাদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয় , তাৰ ব্যৱস্থা ল'বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়লয়ে নিৰ্দেশ দিয়ে ।
৯/ ২০০৫ চনৰ আজিৰ দিনটোতে আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পি চি জি আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হয় ।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘২৫ অক্টোবৰ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
|||||||||||||||||||||||||||||||||||||||||