২৭ ছেপ্টেম্বৰ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
- ১৯২২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হয় ।
- ১৭৬০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয় ।
- ১৮৩৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয় ।
- ১৯০৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা ভগৎ সিঙৰ জন্ম হয় ।
- ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে । ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয় ।
- ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক য়শ চোপ্ৰাৰ জন্ম হয় ।
- ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয় ।
- ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হয় ১৮৭০ চনৰ আজিৰ দিনটোতে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয় ।
- ১২৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয় ।
- তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল ১৯৯৬ চনৰ আজিৰ দিনটোতে ৷
- আজি বিশ্ব পৰ্যটন দিৱস ৷