২৯ ছেপ্টেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
২৯ ছেপ্টেম্বৰ (ইংৰাজী: 29 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭২তম (অধিবৰ্ষত ২৭৩তম) দিন। বছৰ শেষ হ'বলৈ ৯৩ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- আজি বিশ্ব হৃদয় দিৱস।
- জংগম উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰা দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু হয় ১৯৮১ বৰ্ষৰ আজিৰ তাৰিখতে।
- ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয় ১৯৬২ চনৰ আজিৰ দিনটোতে, কলিকতাত।
- আজিৰ দিনটোতে ১৯৭৭ চনত গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।
- প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয় ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে।
- দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হয় ২০০২ বৰ্ষৰ আজিৰ দিনটোতে।
- বিশ্বৰ ঐশ্বৰ্যশালী ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ সভাপতিৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হয় ২০০৪ বৰ্ষৰ আজিৰ দিনটোতে।
- ইংৰাজ সৈনিক পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইবৰ জন্ম হয় ১৭২৫ চনৰ আজিৰ দিনটোতে।
- ১৫৪৭ চনৰ আজিৰ দিনটোতে স্পেইন ঔপন্যাসিক ছাভেয়া মিগুৱেল ডি কাৰ্ভেণ্টিছৰ জন্ম হয়।
- আজিৰ দিনটোতে ১৭৫৮ চনত নৌ সেনাধ্যক্ষ হোৰেচিঅ নেলছনৰ জন্ম হয়।
- জাৰ্মান অভিযন্তা ৰুডলফ ডিজেলৰ মৃত্যু হয় ১৯১৩ চনৰ আজিৰ দিনটোতে। তেওঁ ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল।