২৯ ছেপ্টেম্বৰ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
- আজি বিশ্ব হৃদয় দিৱস ।
- জংগম উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰা দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু হয় ১৯৮১ বৰ্ষৰ আজিৰ তাৰিখতে ।
- ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয় ১৯৬২ চনৰ আজিৰ দিনটোতে, কলিকতাত ।
- আজিৰ দিনটোতে ১৯৭৭ চনত গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় ।
- প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয় ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে ৷
- দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হয় ২০০২ বৰ্ষৰ আজিৰ দিনটোতে ৷
- বিশ্বৰ ঐশ্বৰ্যশালী ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ সভাপতিৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হয় ২০০৪ বৰ্ষৰ আজিৰ দিনটোতে ৷
- ইংৰাজ সৈনিক পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইবৰ জন্ম হয় ১৭২৫ চনৰ আজিৰ দিনটোতে ।
- ১৫৪৭ চনৰ আজিৰ দিনটোতে স্পেইন ঔপন্যাসিক ছাভেয়া মিগুৱেল ডি কাৰ্ভেণ্টিছৰ জন্ম হয় ।
- আজিৰ দিনটোতে ১৭৫৮ চনত নৌ সেনাধ্যক্ষ হোৰেচিঅ নেলছনৰ জন্ম হয় ।
- জাৰ্মান অভিযন্তা ৰুডলফ ডিজেলৰ মৃত্যু হয় ১৯১৩ চনৰ আজিৰ দিনটোতে । তেওঁ ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল ।