সমললৈ যাওক

৩৬ চৌৰিংগী লেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
৩৬ চৌৰিংগী লেন

ডিভিডি কভাৰ
পৰিচালক অপৰ্না সেন
ৰচনা অপৰ্না সেন
প্ৰযোজক শশী কাপুৰ
অভিনয়ত জেনিফাৰ কেণ্ডেল
দেৱাশ্ৰী ৰায়
ধৃতিমান চেটাৰ্জী
জিঅ’ফ্ৰি কেণ্ডেল
সংগীত পৰিচালক বনৰাজ ভাটিয়া
মুক্তি
২৯ আগষ্ট ১৯৮১ (1981-08-29)
দৈৰ্ঘ্য
১২২ মিনিট
দেশ ভাৰত
ভাষাসমূহ বঙালী
ইংৰাজী

৩৬ চৌৰিংগী লেন (ইংৰাজী: 36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে[1] নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল। ইয়াত জেনিফাৰ কেণ্ডেলে মূল চৰিত্ৰটোত অভিনয় কৰিছে আৰু সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছে। অন্য চৰিত্ৰত অভিনয় কৰিছে ধৃতিমান চেটাৰ্জী আৰু দেৱশ্ৰী ৰায়ে। ছবিখনত ব্যৱহৃত দুটা প্ৰধান গীত আছিল ১৯৬০ দশকৰ ব্ৰায়ান হাইলেণ্ডৰ গীত "Yellow polka dot bikiny " আৰু মেৰী মাৰ্টিনৰ ১৯৬৪ চনৰ সংস্কৰণ "Silent night ।" [2][3]

স্বাধীনতা-উত্তৰ ভাৰতত এগৰাকী এংলো-ইণ্ডিয়ান শিক্ষয়িত্ৰী ভায়োলেট ষ্টোনহাম এতিয়া কলকাতাৰ ৩৬ চৌৰিংগী লেনত এক নিস্তব্ধ আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰি আছে। তেওঁৰ ভাতৃ এডি বৃদ্ধ আৰু নাৰ্চিং হোমত অসুস্থ হৈ পৰি আছে। ভতিজী ৰোজমেৰীৰ বিয়া হোৱাৰ পিছত তেওঁ মেকুৰী ছাৰ টবিৰ সৈতে অকলে থাকে। জীৱনত তেওঁৰ একমাত্ৰ আনন্দ আছিল শ্বেক্সপীয়েৰক পঢ়োৱা যদিও তেওঁ ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ দেখা নাপায়।


বৰদিনৰ দিনা গীৰ্জাৰ পৰা ঘৰলৈ উভতি অহা ভায়োলেটে তেওঁৰ প্ৰাক্তন ছাত্ৰী নন্দিতা আৰু তেওঁৰ লেখক-প্ৰেমিক সমৰেশক লগ পায় আৰু তেওঁলোকক কফি খাবলৈ মাতে। প্ৰথম অৱস্থাত কিছু দ্বিধাবোধ কৰাৰ পিছত তেওঁলোকে তেওঁৰ নিমন্ত্ৰণ গ্ৰহণ কৰৰে। কিন্তু তেওঁলোকে সোনকালে উপলব্ধি কৰে যে ভায়োলেট কৰ্মস্থলীত থকাৰ সময়ত তেওঁলোকৰ আড্ডাৰ বাবে ভায়োলেটৰ এপাৰ্টমেণ্টটো একেবাৰে উপযুক্ত। সমৰেশে যেতিয়া ভায়োলেটৰ এপাৰ্টমেণ্টটো স্কুলৰ সময়ত ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰে আৰু তেওঁ নিজৰ উপন্যাসখনৰ কাম কৰিব বিচাৰে বুলি কয়, তেতিয়া ভায়োলেট মান্তি হয়। সমৰেশ আৰু নন্দিতাই অতিকৈ বিচৰা গোপনীয়তা পালে আৰু ভায়োলেটে কামৰ পৰা ঘৰলৈ উভতি আহোঁতে তেওঁলোকৰ সৈতে সময় কটাব পাৰে।

অৱশেষত সমৰেশ আৰু নন্দিতাৰ বিয়া হয়, আৰু তেওঁলোকে নিজৰ জীৱনটো আগুৱাই লৈ যায়। ভায়োলেটে বৰদিনৰ দিনা তেওঁলোকক দেখা কৰিব বিচাৰে আৰু তেওঁলোকৰ বাবে এটা কেক তৈয়াৰ কৰে। অৱশ্যে তেওঁলোকৰ ঘৰত সেইদিনা পাৰ্টি এটা আছিল আৰু ভায়োলেট আহিলে এক অস্বস্তিকৰ পৰিস্থিতিত পৰিব বুলি বৰদিনৰ সময়ত চহৰত নাথাকে বুলি মিছা কথা কয়। শেষত ভায়োলেটে গম পায় যে তেওঁক মিছা কথা কোৱা হৈছে। তেওঁ পুনৰ নিজৰ অকলশৰীয়া জীৱনলৈ উভতি যায়। ছবিখনৰ শেষৰ দৃশ্যটোত ভায়োলেটে উচ্চস্বৰে কিং লিয়াৰ আবৃত্তি কৰা দেখা যায়, য’ত তেওঁৰ একমাত্ৰ দৰ্শক হৈছে ৰাস্তাৰ কুকুৰ।[4]

২৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮১)[5][4]
  • শ্ৰেষ্ঠ পৰিচালক-অপৰ্না সেন
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ- অশোক মেহতা
  • শ্ৰেষ্ঠ ইংৰাজী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]