সমললৈ যাওক

৩ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৩ জানুৱাৰী (ইংৰাজী: 3 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬২টা দিন (অধিবৰ্ষত ৩৬৩টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৬৫৩ - কুনান ক্ৰছ শপত (Coonan Cross Oath) কেৰেলাৰ চেণ্ট থমাছ খ্ৰীষ্টানসকলে পৰ্তুগীজ শাসনক প্ৰতিহত কৰাৰ শপত গ্ৰহণ কৰে, যিটো ঔপনিৱেশিক ইতিহাসৰ এক ডাঙৰ পৰিঘটনা।
  • ১৭৮২ - চিলেট প্ৰতিষ্ঠা, ব্ৰিটিছ প্ৰশাসনে চিলেটক জিলা হিচাপে প্ৰতিষ্ঠা কৰে, য'ত পিছলৈ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মুহাৰৰামেৰ হাংগামা নামেৰে জনাজাত বিদ্ৰোহ ঘটে।
  • ১৮৮০ - ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়া, ভাৰতীয় সংবাদ মাধ্যমত এক শতিকাৰো অধিক সময় ধৰি মুখ্য ভূমিকা গ্ৰহণ কৰা এই আইকনিক আলোচনীখনৰ প্ৰথম সংখ্যা বোম্বাইত প্ৰকাশ পাইছিল।
  • ১৯৬৮ - ভাৰতৰ প্ৰথম বতৰ বিজ্ঞান ৰকেট "মেনকা"ৰ প্ৰথম পৰীক্ষণ।
  • ১৯৯৫ - ডাবৱালী স্কুলৰ অগ্নিকাণ্ড, হাৰিয়ানাৰ ডাবৱালীত বিদ্যালয়ৰ অনুষ্ঠানৰ সময়ত হোৱা এক কৰুণ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪৪২ জন লোকৰ মৃত্যু হয়, বেছিভাগেই শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃ।
  • ২০০০ - Calcutta চহৰৰ নাম আনুষ্ঠানিকভাৱে Kolkata ৰখা হয় ।
  • ২০০৪ - "নাছা"ৰ "স্পিৰিট" নামৰ যানখনৰ মঙল গ্ৰহত অৱতৰণ।
  • খ্ৰীষ্টপূৰ্ব ১০৬ - মাৰ্কাছ টুলিয়াছ চিচেৰো, ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত আৰু দাৰ্শনিক।
  • ১৭৫৩ - পাঝাছি ৰজা, কেৰালাৰ এজন হিন্দু ৰাজকুমাৰ যিয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
  • ১৭৬০ - বীৰাপাণ্ডিয়া কট্টাবোমমান, তামিলনাডুৰ ১৮ শতিকাৰ এজন মুখীয়াল যিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
  • ১৮৩১ - সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে, ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি।
  • ১৮৩৬ - মুনশী নৱল কিশোৰ, এছিয়াৰ অন্যতম পুৰণি আৰু উল্লেখযোগ্য ছপাশাল লক্ষ্ণৌৰ নৱল কিশোৰ প্ৰেছৰ প্ৰতিষ্ঠাপক।
  • ১৯০৫ - মিগিশ্বি ছেটছুকো, জাপানী যোগ চিত্ৰশিল্পী।
  • ১৯২৭ - জানকী বল্লভ পাটনায়ক, ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল। (মৃত্যু: ২১ এপ্ৰিল, ২০১৫)
  • ১৯৪১ - অৱনী চক্ৰৱৰ্তী, অসমীয়া প্ৰগতিশীল কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ।
  • ১৯৪১ - সঞ্জয় খান, ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক, বিশেষকৈ The Sword of Tipu Sultan ৰ চৰিত্ৰৰ বাবে বিখ্যাত।
  • ১৯৫৬ - মেল গিবচন, প্ৰখ্যাত অষ্ট্ৰেলিয়ান অভিনেতা।
  • ১৯৭৭ - গুল পানাগ, জনপ্ৰিয় ভাৰতীয় অভিনেত্ৰী, মডেল, আৰু প্ৰাক্তন সৌন্দৰ্য্য ৰাণী ।
  • ১৯৯৪ - চেমিনলেন দংগেল, ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।
  • ২০০৩ - গ্ৰেটা থুন্‌বাৰি, চুইডিছ পৰিৱেশ কৰ্ম্মী।
  • ২০০৩ - সতীশ ধৱন, ভাৰতীয় গণিতজ্ঞ তথা এৰ'স্পেছ অভিযন্তা।
  • ২০০৫ - জে এন দিক্ষিত, ভাৰতৰ বৈদেশিক সচিব আৰু পিছলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন বিশিষ্ট কূটনীতিবিদ।
  • ২০১৩ - এম এছ গোপালকৃষ্ণন, কৰ্ণাটক আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত এজন কিংবদন্তি ভায়লিনবাদক ।
  • জংগাল বলহু দিৱস : এই দিনটোত তিৱা জনগোষ্ঠীৰ মহান বীৰ তথা ৰজা জংগাল বলহুক সোঁৱৰণ কৰা হয়।
  • টামাছেছেৰী উৎসৱ (জাপান)।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]