৫ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৫ মে' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২৫ তম (অধিবৰ্ষত ১২৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০ টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হয় ৷
  2. ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক অমিয় কুমাৰ দাসৰ জন্ম হয় ৷
  3. ১৮৪৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ ঔপন্যাসিক হেনৰিক ছিনকিৱজৰ জন্ম হৈছিল ৷ তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে ৷
  4. ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি জাইল সিঙৰ ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্রপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৪৪ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ সভাপতি মইদুল ইছলাম বৰাই মৃত্যুক সাৱতি লয় ৷
  2. ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্রসিদ্ধ সংগীত শিল্পী নৌছাদৰ ৷

অনান্য[সম্পাদনা কৰক]

  1. ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক ৷
  2. ১৯৮৪ চনৰ আজিৰ দিনটোত ফু দৰ্জীয়ে এভাৰেষ্ট আৰোহণ ৷ তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্রথম ভাৰতীয় ৷
  3. ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্রতম সংবাদ-পত্র ‘ব্রাইনাৰ গেজেট’ প্রথম প্রকাশ হয় ৷ উল্লেখযোগ্য যে সংবাদ পত্রখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ ৷
  4. আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্র দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল ৷
  5. ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম অলিম্পিক ক্রীড়া আৰম্ভ হয় ৷
  6. আজি নেদাৰলেণ্ডৰ স্বাধীনতা দিৱস ৷


বাহ্যিক সংযোগ[সম্পাদনা কৰক]