সমললৈ যাওক

ৰ'জে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰ'জে
MBE
ৰ'জে কেমেৰালৈ চাই আছে
ৰ'জে ২০২৪ চনত
জন্ম ৰ'জেন পাৰ্ক
১১ ফেব্ৰুৱাৰী, ১৯৯৭ (২৮ বছৰ)
অকলেণ্ড, নিউজিলেণ্ড
অন্য নাম পাৰ্ক চে-ইয়ং
নাগৰিকত্ব
  • দক্ষিণ কোৰিয়া[1]
  • নিউজিলেণ্ড[1]
পেচা
  • গায়িকা
  • গীতিকাৰ
[2]
সক্ৰিয় হৈ থকা সময়
  • ২০১২
  • ২০১৬–বৰ্তমান
সাংগীতিক কেৰিয়াৰ
মূল ছউল, দক্ষিণ কোৰিয়া
সংগীতৰ প্ৰকাৰ
  • পপ
  • পপ-পাংক
  • কে-পপ
বাদ্যযন্ত্ৰ কণ্ঠ
ৰেকৰ্ড লেবেল
  • ৱাইজি
  • ইণ্টাৰস্ক'প
  • দ্য ব্লেক লেবেল
  • এটলাণ্টিক
ৱেবছাইট rosesarerosie.com
স্বাক্ষৰ

ৰ'জেন পাৰ্ক (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৯৭), ৰ'জে (কোৰিয়ান: 로제) নামেৰে পৰিচিত, এগৰাকী নিউজিলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ গায়িকা আৰু গীতিকাৰ।[1] তেওঁ নিউজিলেণ্ডৰ অকলেণ্ডত জন্মগ্ৰহণ কৰি অষ্ট্ৰেলিয়াৰ মেলব'ৰ্ণত ডাঙৰ-দীঘল হয়।[3] ২০১২ চনত ছিডনীত সফল অডিচনৰ পিছত তেওঁ ছউল, দক্ষিণ কোৰিয়ালৈ স্থানান্তৰ হয় আৰু ৱাইজি এণ্টাৰটেইনমেণ্টৰ সৈতে চুক্তিবদ্ধ হয়। চাৰিবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি, ২০১৬ চনৰ আগষ্টত দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য হিচাপে অভিষেক কৰে।

২০২১ চনৰ মাৰ্চ মাহত, ৰ'জে তেওঁৰ প্ৰথম একক এ্যালবাম আৰ্ মুক্তি দিয়ে, যিয়ে প্ৰথম সপ্তাহতেই ৪,৪৮,০৮৯ কপি বিক্ৰী হয়, যি কোনো কোৰিয়ান মহিলা একক শিল্পীৰ বাবে আটাইতকৈ বেছি আছিল। এই এলবামৰ মুখ্য গীত "অন দ্য গ্ৰাউণ্ড।" ৰ'জেক একক শিল্পী আৰু গ্ৰুপ সদস্য হিচাপে বিলব'ৰ্ড গ্লোবেল ২০০-ৰ শীৰ্ষস্থান লাভ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিচিত কৰে। ২০২৪ চনত তেওঁ দ্য ব্লেক লেবেল আৰু আটলাণ্টিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয় আৰু ব্ৰুনো মাৰ্চৰ সৈতে "Apt." মুক্তি দিয়ে, যি বিলব'ৰ্ড গ্লোবেল ২০০-ৰ শীৰ্ষস্থানত উপনীত হয়।

ৰ'জে তেওঁৰ সংগীত জীৱনৰ ভিতৰত বিভিন্ন সন্মান লাভ কৰিছে, যাৰ ভিতৰত পাঁচটা গিনিজ বিশ্ব অভিলেখ, দুটা MAMA বঁটা, আৰু এছিয়া আৰ্টিষ্ট বঁটাত "বৰ্ষশ্ৰেষ্ঠ গান"ৰ বঁটা অন্তৰ্ভুক্ত। ইনষ্টাগ্ৰামত তেওঁ দ্বিতীয় স্থানৰ কোৰিয়ান ব্যক্তি আৰু ৰলিং ষ্টোনৰ মতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ জীৱন্ত প্ৰতিচ্ছবি হিচাপে পৰিচিত। তেওঁ ইভ চেণ্ট লৰেণ্ট আৰু টিফানী এণ্ড কোম্পানীৰ গ্লোবেল এম্বেছেডৰ হিচাপে ফেশ্বনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

২০১৯ চনৰ অক্টোবৰ মাহত ৰ'জে
২০২০ চনৰ অক্টোবৰ মাহত ৰ'জে
২০২২ চনৰ অক্টোবৰ মাহত ৰ'জে

ফিল্মোগ্ৰাফী

[সম্পাদনা কৰক]

টেলিভিছন

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ টোকা উৎস
২০১৭ কিং অৱ মাক্স চিঙাৰ প্ৰতিযোগী (চাৰ্কাছ গার্ল) পৰ্ব ১০৩–১০৪ [4]
ফেণ্টাষ্টিক ডু' ২ প্ৰতিযোগী (অষ্ট্ৰেলিয়া ৪০০:১) পৰ্ব ১৯–২০
২০২১ চি অৱ হোপ শিল্পী দলৰ সদস্যা পৰ্ব ১, ৩–৬ [5]

সংগীত ভিডিঅ' উপস্থিতি

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক শিল্পী পৰিচালক দৈৰ্ঘ্য উৎস
২০২৫ Fat Juicy & Wet Sexyy Red আৰু Bruno Mars Bruno Mars আৰু Daniel Ramos ২:২৫ [6]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Lee, Jung-yeon (12 August 2016). (ko ভাষাত)The Dong-A Ilbo. https://www.donga.com/news/article/all/20160811/79708918/4. 
  2. "Featured Songwriters". https://warnerchappell.com/featured-songwriters/. 
  3. Noh, Han-bin (19 June 2023). "Error: no |title= specified when using {{Cite web}}" (ko ভাষাত). My Daily [ko]. https://m.entertain.naver.com/article/117/0003741515। আহৰণ কৰা হৈছে: 11 May 2024. "호주는 멜버른에서 유년기를 보낸 멤버 로제와 인연이 깊다. [অষ্ট্ৰেলিয়াৰ সৈতে ৰ'জেৰ গভীৰ সম্পৰ্ক আছে, কিয়নো তেওঁ মেলব'ৰ্ণত শৈশৱ অতিবাহিত কৰিছিল। ]" 
  4. Jo, Hae-jin (26 March 2017). (ko ভাষাত)ENews24. https://entertain.naver.com/read?oid=404&aid=0000171450. 
  5. Moon, Ji-yeon (26 May 2021). (ko ভাষাত)Sports Chosun. https://m.entertain.naver.com/now/article/076/0003734110. 
  6. Green, Walden (24 January 2025). "Bruno Mars and Sexyy Red Share Video for New Song "Fat Juicy & Wet": Watch". Pitchfork. https://pitchfork.com/news/bruno-mars-and-sexyy-red-share-video-for-new-song-fat-juicy-and-wet-watch/। আহৰণ কৰা হৈছে: 24 January 2025.