ৰ'জেলি অ'কাম্প'-ফ্ৰিডমেন
| ' | |
|---|---|
| জন্ম | ২৩ নৱেম্বৰ, ১৯৩৭ মেনিলা |
| মৃত্যু | ০৪ ছেপ্টেম্বৰ, ২০০৫ (৬৭ বছৰ) কিৰ্কলেণ্ড, ৱাছিংটন, US |
| জাতীয়তা | ফিলিপিনো-আমেৰিকান |
| ক্ষেত্ৰ | অণুজীৱবিজ্ঞান উদ্ভিদবিজ্ঞান |
| শিক্ষানুষ্ঠান | ফ্ল'ৰিডা ষ্টেট বিশ্ববিদ্যালয় |
| উল্লেখনীয় বঁটা | এণ্টাৰ্কটিকা সেৱা পদক |
| দাম্পত্যসঙ্গী | ইম্ৰে ফ্ৰিডমেন |
ৰ'জেলি অ'কাম্প'-ফ্ৰিডমেন (২৩ নৱেম্বৰ ১৯৩৭ – ৪ ছেপ্টেম্বৰ ২০০৫) এগৰাকী ফিলিপিনো-আমেৰিকান অণুজীৱবিজ্ঞানী আৰু উদ্ভিদবিজ্ঞানী আছিল। তেওঁ ছায়ান'বেক্টেৰিয়া আৰু চৰম পৰিবেশত বাস কৰা জীৱ(extremophiles)ৰ অধ্যয়নত বিশেষ অৱদান আগবঢ়াইছিল। তেওঁৰ গৱেষণাক মংগল গ্ৰহৰ পৰিবৰ্তন (terraforming) সম্পৰ্কীয় অধ্যয়নত উল্লেখ কৰা হৈছে।
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]ৰ'জেলি অ'কাম্প'ৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৩ নৱেম্বৰ তাৰিখে ফিলিপাইনৰ মেনিলাত এলিছিঅ' আৰু জেনেৰ'ছা অ'কাম্প'ৰ ঘৰত।[1]
তেওঁ ১৯৫৮ চনত ফিলিপাইন বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদবিদ্যাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৬৬ চনত জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ মেনিলাৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কাম কৰিবলৈ ফিলিপাইনলৈ উভতি যায়।[2] ১৯৬৮ চনত, তেওঁ ফ্ল'ৰিডা ষ্টেট বিশ্ববিদ্যালয়ত ড° ইম্ৰে ফ্ৰিডমেনৰ সৈতে যোগদান কৰে আৰু ১৯৭৩ চনত পিএইচ.ডি. ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত, তেওঁ ফ্ৰিডমেনৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়।[1] ১৯৮৭ চনত, তেওঁ টেলাহাছিৰ ফ্ল'ৰিডা এ এণ্ড এম বিশ্ববিদ্যালয়ত প্ৰফেছৰ হিচাপে নিযুক্ত হয়, আৰু গ্ৰীষ্মকালত ফ্ল'ৰিডা ষ্টেট বিশ্ববিদ্যালয়ত ফ্ৰিডমেনৰ সৈতে গৱেষণাত নিয়োজিত থাকে।[1][3] তেওঁ তেওঁৰ জীৱনৰ শেষৰ ভাগত ছেটি(SETI) ইনষ্টিটিউটৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ আৰু তেওঁৰ স্বামীয়ে একেলগে সাগৰীয় শেলাই আৰু অন্যান্য অণুজীৱৰ অধ্যয়নৰ বাবে বিশ্বজুৰি ভ্ৰমণ কৰিছিল। ১৯৭০ চনৰ মাজভাগত, তেওঁলোকে এণ্টাৰ্কটিকাৰ ড্ৰাই ভেলী অঞ্চলৰ ৰ'ছ মৰুভূমিত গৱেষণা কৰিছিল, য'ত পৰ্বতমালাসমূহ জীৱনহীন বুলি ধৰা হৈছিল। এই ঠাইসমূহ শীতল আৰু শুষ্ক আছিল আৰু বেছিভাগ অঞ্চল আছিল বৰফহীন। তেওঁলোকে বীকন বালুকাশিলাত কল'নাইজ কৰা ক্ৰিপ্ট'এণ্ড'লিথ নামৰ অণুজীৱ আৱিষ্কাৰ কৰিছিল, যিবোৰে ঠাণ্ডা সহ্য কৰি গ্ৰীষ্মকালত পুনৰ জলীয়ভূত হৈ আলোক সংশ্লেষণ কৰিব পাৰে। লেব'ৰেটৰিত সফলতাৰে ইহঁতক উৎপাদন কৰোৱাৰ পিছত, তেওঁলোকে ১৯৭৬ চনৰ ২৪ ছেপ্টেম্বৰত এই আৱিষ্কাৰ সম্পৰ্কে এটা প্ৰবন্ধ লিখে। এই কামটো নাছা আৰু ৱাল্টাৰ ক্ৰ'নকাইটে মংগল গ্ৰহত জীৱনৰ সম্ভাৱনাৰ আধাৰ হিচাপে উল্লেখ কৰিছিল, কাৰণ মংগলৰ পৰিৱেশো একে ধৰণৰ।[1][4][5]
এণ্টাৰ্কটিকাৰ ডাৰৱিন পৰ্বতমালাৰ ফ্ৰিডমেন শৃংগ তেওঁৰ নামত নামকৰণ কৰা হৈছে,কাৰণ তেওঁ ইয়াৰ বীকন বালুকাশিলাত এণ্ড'লিথিক অণুজীৱ সহ-আৱিষ্কাৰ কৰিছিল।[2][3] ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিষ্ঠানে ১৯৮১ চনত তেওঁক এণ্টাৰ্কটিকা সেৱা পদক প্ৰদান কৰে।[1]
তেওঁৰ জীৱনকালত, তেওঁ বিশ্বজুৰি চৰম পৰিবেশৰ পৰা ১,০০০ ৰো অধিক প্ৰকাৰৰ অণুজীৱ সংগ্ৰহ কৰিছিল। ৰ'জেলি অ'কাম্প'-ফ্ৰিডমেনৰ মৃত্যু ২০০৫ চনৰ ৪ ছেপ্টেম্বৰত পাৰ্কিনচন ৰোগত কিৰ্কলেণ্ড, ৱাছিংটনত হৈছিল।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Oakes, Elizabeth H. (2007). "Ocampo-Friedmann, Roseli". Encyclopedia of World Scientists (Rev. সম্পাদনা). প্ৰকাশক New York: Facts on File. পৃষ্ঠা. 553. ISBN 978-1-4381-1882-6. https://books.google.com/books?id=uPRB-OED1bcC&q=Roseli%20Ocampo-Friedmann&pg=PA553.
- ↑ 2.0 2.1 2.2 "In Memoriam Dr. Roseli Ocampo Friedmann". The Florida State University, Department of Biological Sciencewww.bio.fsu.edu. Archived from the original on June 10, 2015. https://web.archive.org/web/20150610172404/http://www.bio.fsu.edu/faculty-friedmannro.php। আহৰণ কৰা হৈছে: June 10, 2015.
- ↑ 3.0 3.1 3.2 "Roseli Ocampo Friedmann - FSU Biological Science Courtesy Faculty Emeritus". www.bio.fsu.edu. Archived from the original on 2015-12-22. https://web.archive.org/web/20151222085846/http://www.bio.fsu.edu/faculty-friedmannro.php। আহৰণ কৰা হৈছে: 2015-12-15.
- ↑ "Looking for Life in All the Wrong Places | DiscoverMagazine.com". Discover Magazine. http://discovermagazine.com/1997/may/lookingforlifein1124/। আহৰণ কৰা হৈছে: 2015-12-15.
- ↑ "Antarctica's Frigid Deserts Harbor Life inside Rocks, Scientists Say". The Times-News (Hendersonville, North Carolina). https://news.google.com/newspapers?nid=1665&dat=19780130&id=Tz5PAAAAIBAJ&pg=6878,2815359&safe=strict&hl=en। আহৰণ কৰা হৈছে: 2018-05-21.