ৰংখাং বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ১১১ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | পাৰ্বত্য সংমণ্ডল |
| জিলা | পশ্চিম কাৰ্বি আংলং |
| লোকসভা সমষ্টি | ডিফু |
| প্ৰতিস্থা | ২০২৩ |
| সংৰক্ষণ | অনুসূচিত জনজাতি |
তুলিৰাম ৰংহাং | |
| দল | Bharatiya Janata Party |
| মিত্ৰগোট | National Democratic Alliance |
| নিৰ্বাচিত বছৰ | ২০২৬ |
ৰংখাং বিধানসভা সমষ্টি (ইংৰাজী: Rongkhang Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। ২০২৬ চনত এই সমষ্টিটোত পোনপ্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।
এই সমষ্টিটো পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
ৰংখাং বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ২০২৬ | তুলিৰাম ৰংহাং | ভাৰতীয় জনতা পাৰ্টী | |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙে এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | তুলিৰাম ৰংহাং | 69,413 | 75.39 | ||
| কংগ্ৰেছ | অগাষ্টিন ইংহী | 20,122 | 21.85 | ||
| নিৰ্দলীয় ৰাজনীতিবিদ | ৱিলছন টেৰন | 1,090 | 1.18 | ||
| ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) মুক্তি | প্ৰতিভা ইংহীপি | 990 | 1.07 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ৯৮৬ | ১.০৭ | - | |
| সংখ্যাগৰিষ্ঠ | ৪৯,২৯১ | ৫৩.৫৪ | - | ||
| মুঠ ভোটদান | ৯২,৬০১ | ||||
| বিজেপিৰ বিজয় (নতুন আসন) | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S03111 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS03111.htm। আহৰণ কৰা হৈছে: 25 June 2026.