সমললৈ যাওক

ৰংগনায়কি অম্মাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰংগনায়কি অম্মাল (২৮ মে' ১৯১০ – ১৫ আগষ্ট ১৯৯৮) এগৰাকী ভাৰতীয় মৃদংগ বাদক আছিল।[1] এইক্ষেত্ৰত তেওঁ লিংগভিত্তিক বাধা অতিক্ৰম কৰা প্ৰথম ভাৰতীয় মহিলা আছিল।[2]

পৰিয়াল

[সম্পাদনা কৰক]

ৰংগনায়কি অম্মালৰ পিতৃ থিৰুকোকাৰ্নাম শিৱৰামন এজন প্ৰসিদ্ধ ইছাই ৱেল্লালাৰ বা‌নাটুৱানাৰ (শাস্ত্ৰীয় সংগীত লগত জড়িত ব্যক্তি) আছিল। তেওঁ অৱধান পল্লৱিৰ জটিল কলাৰ বাবে খ্যাতি লাভ কৰিছিল, য'ত হাত, ভৰি আৰু মূৰ ব্যৱহাৰ কৰি একাধিক তাল বজাব পাৰিছিল। ৰংগনায়কি অম্মাল সাত ভাই-ভনীৰ মাজত দ্বিতীয় আছিল।[2] তেওঁৰ ভাতৃ উলগনাথন পিল্লাই এজন বাইলিনবাদক আছিল।[1]

প্ৰশিক্ষণ

[সম্পাদনা কৰক]

ৰংগনায়কীয়ে মৃদংগৰ কলা আয়ত্ত কৰিবলৈ প্ৰসিদ্ধ পুদুকোট্টাই দক্ষিণামূৰ্তি পিল্লাইৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। একেলগে, তেওঁ ভাৰতনাট্যমৰো প্ৰশিক্ষণ লৈছিল।[3]

২০শ শতিকাৰ আৰম্ভণিত, তেওঁ কৰ্ণাটক সংগীতৰ পাৰ্কুছন ক্ষেত্ৰত মহিলা হিচাপে পথিকৃৎ হয়। ১৯২৭ চনৰ মাদ্ৰাজত অনুষ্ঠিত অল ইণ্ডিয়া সংগীত সম্মিলনত ১৭ বছৰীয়া থিৰুকোকাৰ্নাম ৰংগনায়কি অম্মাল ২৩জন মৃদংগ শিল্পীৰ মাজত একমাত্ৰ মহিলা শিল্পী আছিল।[2] ৰংগনায়কি অম্মাল এজন প্ৰসিদ্ধ মৃদংগ বাদক আছিল।[1] সংগীত ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি হিচাপে, তেওঁ কালৈমামানি বঁটা লাভ কৰিছিল, যি তামিলনাডুৰ উচ্চতম নাগৰিক সন্মান। ১৯৯৮ চনৰ ১৫ আগষ্টত তেওঁ দেহাৱসান প্ৰাপ্ত কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]