সমললৈ যাওক

ৰক কেণ্ডি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰক কেণ্ডি

সাধাৰণতে যুক্তৰাষ্ট্ৰত বিপনন হোৱা ৰঙীন আৰু সুগন্ধিযুক্ত ৰক কেণ্ডি
অন্য নাম Rock sugar
প্ৰকাৰ মিষ্টান্ন
উৎপত্তিৰ স্থান ভাৰত and ইৰাণ
মুখ্য উপাদান চেনি, পানী
ভিন্ন প্ৰকাৰ প্ৰায় ১০ প্ৰকাৰ
খাদ্য শক্তি
(প্ৰতি পৰিবেশন)
২২৩-৪০০ কিলোকেলৰি
আন তথ্য ৪৫০-২২৫

‘’’ৰক কেণ্ডি’’’ বা ‘’’চুগাৰ কেণ্ডি’’’ (ইংৰাজী: Rock candy)[1] এবিধ মিঠাই , যাক স্ফটিক চেনি বুলিও কোৱা হয়। তুলনামূলকভাৱে বৃহৎ চেনিৰ স্ফটিকেৰে গঠিত ই এক প্ৰকাৰৰ মিঠাই। পৃথিৱীৰ কিছুমান ঠাইত স্থানীয় বিবিধতাক ‘’মিচৰি’’, ‘’নবাত’’[2] বা ‘’নৱত’’ বুলি কোৱা হয়।[3][4] এই মিঠাইবিধ চেনি আৰু পানীৰ অতিসংপৃক্ত দ্ৰৱ এটা ক্ৰিষ্টেল নিউক্লিয়েশনৰ বাবে উপযোগী পৃষ্ঠ, যেনে ৰচী, মাৰি (stick) বা সাধাৰণ দানাযুক্ত চেনিত স্ফটিকীকৰণ কৰি তৈয়াৰ কৰা হয়। চেনি যোগ কৰাৰ আগতে পানী গৰম কৰিলে অধিক চেনি দ্ৰৱীভূত হয় আৰু ডাঙৰ স্ফটিক উৎপন্ন হয়। ছয়ৰ পৰা সাত দিনৰ পিছত স্ফটিক গঠন হয়। মিশ্ৰণটোত খাদ্যৰ ৰং যোগ কৰি ৰঙীন মিঠাই উৎপাদন কৰিব পাৰি।

বুৎপত্তি

[সম্পাদনা কৰক]

ব্যুৎপত্তিগতভাৱে "suger candy" ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে ইংৰাজী আৰু পুৰণি ফৰাচী çucre candi (অৰ্থ "চেনিৰ মিচৰি")ৰ পৰা আৰু শেষত আৰবীৰ qandi আৰু পাৰ্চীৰ qandৰ পৰা বা সম্ভৱতঃ সংস্কৃত খণ্ড ("চেনিৰ টুকুৰা)"ৰ পৰা উদ্ভৱ হৈছে। ধীৰে ধীৰে ইয়াৰ অৰ্থ ক্ৰমান্বয়ে ব্যপক হৈ পৰিল (বিশেষকৈ আমেৰিকাত)। ১৯ শতিকাৰ শেষৰ ফালে "চেনি ভিত্তি হিচাপে থকা যিকোনো মিঠাই"কে বুজোৱা হ’ল। ব্ৰিটেইনত কেৱল উতলোৱা চেনিৰ পৰা তৈয়াৰী কৰা আৰু উজ্জ্বল ৰঙৰ ৰেখাযুক্ত মিঠাইৰ মাজতে ই সীমাবদ্ধ হৈ থাকিল।[5] আধুনিক আমেৰিকান শব্দ "rock candy"ক (ভংগুৰ বৃহৎ প্ৰাকৃতিক চেনিৰ স্ফটিকক বুজায়) ব্ৰিটিছ শব্দ “rock”ৰ (এটা আকাৰহীন আৰু অস্বচ্ছ সিজোৱা চেনিৰ সামগ্ৰীক বুজায়, প্ৰথমতে কঠিন কিন্তু তাৰ পিছত মুখৰ উষ্ণতাত চোবাৱাৰ উপযুক্ত হৈ পৰে) সৈতে ভ্ৰমিত নালাগে।[6]

নৱম শতিকাৰ প্ৰথমাৰ্ধত ইছলামিক লেখকসকলে candy sugerৰ উৎপাদনৰ বিষয়ে বৰ্ণনা কৰিছে, য'ত চুপাৰ চেচুৰেটেড চেনিৰ দ্ৰৱৰ জৰিয়তে স্ফটিক গঠন কৰা হৈছিল।[7] মুছলমানৰ প্ৰসিদ্ধ ৰক কেণ্ডিৰ অন্যতম হাফিজ মোস্তাফা। তেওঁ ১৮৬৪ চনত ইষ্টানবুলত চুলতান আব্দুল আজিজৰ ৰাজত্বকালত ৰক কেণ্ডি প্ৰতিষ্ঠা কৰিছিল।[8]

উৎপাদন প্ৰক্ৰিয়া অনুযায়ী ৰক কেণ্ডিক দুভাগত ভাগ কৰা হৈছে- একক স্ফটিকীয় ৰক কেণ্ডি আৰু বহু স্ফটিকীয় ৰক কেণ্ডি।

মিচৰিয়ে স্ফটিকীয় চেনিৰ গোটক বুজায় আৰু এক প্ৰকাৰৰ কনফেচচনাৰী খনিজ। ইয়াৰ উৎপত্তি ভাৰত আৰু ইৰাণত হৈছিল আৰু ইয়াৰ অন্য কিছুমান ঠাইক rock suger বুলিও জনা যায়।[9] ভাৰতত ইয়াক এক প্ৰকাৰৰ মিঠাই হিচাপে বা গাখীৰ বা চাহ মিঠা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[10] ভাৰতীয় মিচৰি খাদ্যৰ ভিতৰত মিচৰি-মাৱা (কলাকন্দ) অন্তৰ্ভূক্ত,[11] যাক উত্তৰ-পশ্চিম ভাৰত, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, পঞ্জাব, ওড়িশা, গুজৰাট, অন্ধ্ৰ প্ৰদেশৰ উত্তৰ উপকূল আৰু ভাৰতৰ অন্য কিছু অংশত খোৱা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Judy Pearsal, ed (1996). The Oxford English Reference Dictionary (2nd সম্পাদনা). Oxford University Press. পৃষ্ঠা. 213. ISBN 0-19-860050-X. https://archive.org/details/oxfordenglishref0002unse/page/213.
  2. "What is Nabat? Understanding the Differences Between Regular Sugar and Persian Sugar Cubes" (en ভাষাত). Sadaf.com. https://www.sadaf.com/blogs/guides/what-is-nabat-understanding-the-differences-between-regular-sugar-and-persian-sugar-cubes আহৰণ কৰা হৈছে: 2024-03-07.
  3. https://www.thefooddictator.com/hirshon-uzbek-spiced-rock-candy-sugar-navat/ সাঁচ:Bare URL inline
  4. "Video: Oriental Sweets: Navat. How Navat is Made in Uzbekistan". www.centralasia-travel.com. https://www.centralasia-travel.com/en/video/navat আহৰণ কৰা হৈছে: 2024-03-07.
  5. "Candy". etymonline.com. https://www.etymonline.com/word/candy আহৰণ কৰা হৈছে: 3 February 2018.
  6. Richardson, Tim (2002). Sweets: A History of Candy. Bloomsbury. পৃষ্ঠা. 90. ISBN 978-1-58234-229-0. https://archive.org/details/sweets00timr/page/90.
  7. "SUGAR". Encyclopaedia Iranica. http://www.iranicaonline.org/articles/sugar-cultivation আহৰণ কৰা হৈছে: 2 March 2018.
  8. "Hafiz Mustafa: Istanbul confectionery now exporting". https://www.aa.com.tr/en/life/hafiz-mustafa-istanbul-confectionery-now-exporting/2197930 আহৰণ কৰা হৈছে: 14 December 2021.
  9. "Glossary: Misri". Tarla Dalal. http://www.tarladalal.com/glossary-misri-1150i আহৰণ কৰা হৈছে: 12 June 2016.
  10. Dar, Bashir Ahmad (January 1996). Studies in Muslim philosophy and literature. Iqbal Academy Pakistan. পৃষ্ঠা. 168. ISBN 978-969-416-054-2. https://books.google.com/books?id=a-zjAAAAMAAJ আহৰণ কৰা হৈছে: 9 August 2011.
  11. "Kalakand". chezshuchi.com. http://www.chezshuchi.com/Kalakand.html আহৰণ কৰা হৈছে: 12 June 2016.

অধিক পঠন

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]