সমললৈ যাওক

ৰঘুনাথ শিৰোমণি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঘুনাথ শিৰোমণি
সম্পূৰ্ণ নাম ৰঘুনাথ শিৰোমণি
জন্ম ১৪৭৭
নৱদ্বীপ, নাদিয়া, পশ্চিমবংগ, ভাৰত
মৃত্যু ১৫৪৭
ভাৰত
যুগ ১৩শ শতিকা-১৪শ শতিক
ধাৰা ভাৰতীয় দৰ্শনৰ ন্যায় ধাৰা
প্ৰতিষ্ঠান দৰ্শনৰ নব্য-ন্যায় ধাৰা

ৰঘুনাথ শিৰোমণি (অনুমাণিক ১৪৭৭–১৫৪৭[1]) এজন ভাৰতীয় দাৰ্শনিক আৰু যুক্তিবিদ আছিল। তেওঁ মিথিলা বিদ্যাপীঠ নামে জনাজাত প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়ৰ মুৰব্বী আছিল।[2] পশ্চিমবংগ ৰাজ্যৰ বৰ্তমানৰ নাদিয়া জিলাৰ নবদ্বীপত এক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। মাতৃৰফালৰপৰা স্মৃতিৰ বিখ্যাত সাহিত্যিক শূলপাণি (খ্ৰীষ্টপূৰ্ব প্ৰায় ১৪ শতিকা)ৰ নাতি। তেওঁ বাসুদেৱ সাৰ্বভৌমৰ ছাত্ৰ আছিল। ভাৰতীয় আনুষ্ঠানিক যুক্তিৰ চূড়ান্ত বিকাশক প্ৰতিনিধিত্ব কৰা ন্যায়ৰ নতুন ধাৰা নব্য-ন্যায়ক তেওঁ বিশ্লেষণাত্মক শক্তিৰ শিখৰত উপনীত কৰাইছিল।

ৰঘুনাথৰ সম্পৰ্ক বিশ্লেষণে প্ৰাকৃতিক পৰিঘটনাৰ বিমূৰ্ততাৰপৰা অবিচ্ছেদ্য সংখ্যাৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিছিল আৰু তেওঁৰ আধ্যাত্মিক-বিজ্ঞানৰ অধ্যয়নত জটিল বাস্তৱিকতাৰ অস্বীকাৰ বা অস্তিত্বহীনতাৰ বিষয়ে আলোচনা কৰা হৈছিল। যুক্তিৰ ক্ষেত্ৰত তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ আছিল নব্য ন্যায় ধাৰাৰ প্ৰতিষ্ঠাপক গংগেশ উপাধ্যায়তত্ত্বচিন্তামণিৰ ধাৰাবাহিক তত্ত্বচিন্তামণিদীধিতি

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Vidyabhusana, Satis Chandra (2006). A History of Indian Logic: Ancient, Mediaeval, and Modern Schools. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 463. ISBN 81-208-0565-8. https://books.google.com/books?id=0lG85RD9YZoC&q=Raghunatha+Shiromani&pg=PA463. 
  2. "The Sunday Tribune - Spectrum". www.tribuneindia.com. https://www.tribuneindia.com/2006/20061119/spectrum/main2.htm। আহৰণ কৰা হৈছে: 2022-02-06.