ৰঘু ৰায়
| ৰঘু ৰায় | |
|---|---|
২০১৫ চনত ৰঘু ৰায় | |
| জন্ম | ১৯৪২ (বয়স ৮২–৮৩) ঝাং, ব্ৰিটিছ ভাৰত। |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | ফটোগ্ৰাফাৰ, ফটো সাংবাদিক |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৫ – বৰ্তমান |
ৰঘুনাথ ৰায় চৌধুৰী বা ৰঘু ৰায় (ইংৰাজী: Raghu Rai, জন্ম ১৮ ডিচেম্বৰ, ১৯৪২) এজন কিংবদন্তি ভাৰতীয় ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক।[1][2] তেওঁ ভাৰতৰ ফটোগ্ৰাফী জগতৰ মহীৰুহ। তেওঁক ভাৰতীয় ফটোগ্ৰাফীৰ পিতৃ বুলি কোৱা হয়।[3] প্ৰবাদপ্ৰতিম ফটো সাংবাদিকগৰাকী ১৯৭২ চনত ভাৰতৰ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হৈছিল। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধ আৰু পাছলৈ ১৯৮৪ চনত ভূপাল গেছ ট্ৰেজেডী ইতিহাসৰ জীৱন্ত দলিল উপস্থাপন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰে।
সমগ্ৰ পৃথিৱী তেওঁ যিদৰে ভ্ৰমণ কৰিছে, নিজৰ জন্মভূমিৰ প্ৰতিটো কোণলৈ হাতত কেমেৰা লৈ তেওঁ ভ্ৰমিছে। তেওঁৰ কেমেৰাত বন্দী হৈছে দালাই লামাৰ হাঁহি, প্ৰাৰ্থনাৰত মাদাৰ টেৰেছা বা বিছমিল্লা খাঁৰ অভিব্যক্তি। ৰঘু ৰায়ৰ ভাৰত: ৰঙৰ প্ৰতিফলন (Raghu Rai's India: Reflections in Colour) আৰু ক'লা আৰু বগাত প্ৰতিফলন (Reflections in Black and White) নামৰ কিতাপ দুখনত সকলো সংকলিত হৈছে।[4][5][6]
জন্ম আৰু প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ৰঘুনাথ ৰায়ৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৮ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ ঝাং নামৰ গাঁৱত, বৰ্তমান এই গাঁওখন পাকিস্তানত।[7][8] মাক-দেউতাকৰ তেওঁ আছিল কনিষ্ঠ সন্তান।[7] দেউতাকে ৰঘুক অভিযন্তা হোৱাটো বিচাৰিছিল। পঢ়া-শুনা কৰি চিভিল ইঞ্জিনিয়াৰ হৈ তেওঁ দিল্লীত চৰকাৰী চাকৰিও কৰিছিল। কিন্তু তেওঁৰ ভাল লগা নাছিল। জ্যেষ্ঠ ভাতৃ শৰমপাল চৌধুৰী (এছ. পাল)য়ে ইতিমধ্যে ফটোগ্ৰাফাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ককায়েকক নিজৰ মনৰ কথা কোৱাত ককায়েকে ভায়েকৰ আগ্ৰহ দেখি বন্ধু এজনৰ ওচৰলৈ পঠিয়াই দিলে। ১৯৬২ চনত তেওঁ ককায়েকৰ বন্ধুৰ কাম-কাজ চাবলৈ গাঁৱলৈ গৈছিল আৰু নিজাববীয়াকৈ শিকিছিল। ফটোগ্ৰাফী তেওঁৰ জীৱনৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ পৰিল।
কৰ্ম-জীৱন
[সম্পাদনা কৰক]১৯৬৫ চনত কলকাতাৰ ইংৰাজী দৈনিক কাকত দ্য ষ্টেটছমেনৰ দিল্লী কাৰ্যালয়ত মুখ্য ফটোগ্ৰাফাৰ হিচাপে নিযুক্তি লাভ কৰে।[9] ১৯৭৬ চনত তেওঁ দ্য ষ্টেটছমেন এৰি কলকাতাৰপৰা প্ৰকাশিত ইংৰাজী সাপ্তাহিক কাকত "ছাণ্ডে"ত চিত্ৰ সম্পাদক হিচাপে যোগদান কৰে। ফৰাচী মানৱতাবাদী ফটোগ্ৰাফাৰ হেনৰী কাৰ্টিয়েৰ-ব্ৰেছনে ১৯৭১ চনত পেৰিছত অনুষ্ঠিত এখন প্ৰদৰ্শনীত ৰঘু ৰায়ৰ কৰ্মৰাজি দেখি মুগ্ধ হৈছিল। তেওঁ ৰঘু ৰায়ক তেওঁ প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা - 'মেগনাম ফটো'ত ফটো সাংবাদিক হিচাপে নিযুক্তি দিয়ে।[10]
ইতিমধ্যে ভাৰত আৰু বিশ্বই বাংলাদেশৰ মুক্তিযুদ্ধৰ ঐতিহাসিক দিনবোৰ তেওঁৰ কেমেৰাত দেখিছে। ১৯৮০ চনত "চানডে" এৰি ইংৰাজী ভাষাৰ বাতৰি আলোচনী ইণ্ডিয়া টুডেৰ প্ৰাৰম্ভৰ কালছোৱাত চিত্ৰ সম্পাদক/ভিজুৱেলাইজাৰ/ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল। ১৯৮২ চনৰপৰা ১৯৯১ চনলৈকে তেওঁ বিশেষ বিশেষ সংখ্যা, অলংকৰণ, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বিষয়ৰ সচিত্ৰ প্ৰবন্ধ আদিত অৰিহণা যোগাইছিল। তেওঁ পষেকীয়া ইণ্ডিয়া টুডেৰ ফটোগ্ৰাফীৰ পৰিচালক পদতো কাৰ্যনিৰ্বাহ কৰিছিল।[11] ৰঘু ৰায় ১৯৯০ চনৰপৰা ১৯৯৭ চনৰ ভিতৰত তিনিখন বিশ্ব প্ৰেছ ফটো প্ৰতিযোগিতাৰ[12] জুৰীৰ সদস্য আছিল, আৰু ইউনেস্কোৰ আন্তঃৰাষ্ট্ৰীয় ফটো প্ৰতিযোগিতাত দুবাৰকৈ জুৰীৰ সদস্য আছিল।
তেওঁ ১৯৮৪ চনত আন্তঃৰাষ্ট্ৰীয় সংস্থা গ্ৰীণপিছৰ বাবে ভূপাল গেছ ট্ৰেজেডীৰ বিশদ বিৱৰণীৰে এখন তথ্যচিত্ৰ সম্পূৰ্ণ কৰিছিল। পাছলৈ ইয়াক ২০০৪ চনত এক্সপ’জাৰ: এ প’ৰ্ট্ৰেইট অৱ কৰ্পৰেট ক্ৰাইম নামৰ কিতাপখনত অন্তৰ্ভুক্ত কৰা হয়, আৰু দুৰ্ঘটনাৰ কুৰিবছৰীয়া জয়ন্তীত ভাৰতৰ উপৰি তিনিটা স্থানত - ইউৰোপ, আমেৰিকা আৰু দক্ষিণ এছিয়াত ইয়াক প্ৰদৰ্শন কৰা হয়। ইয়াৰ জৰিয়তে ৰঘু ৰায়ে ভূপালৰ আশে-পাশে থকা অঞ্চলসমূহত ক্ষতিপূৰণ নোপোৱাকৈ আজিও বিষাক্ত পৰিৱেশত বাস কৰি থকা দুৰ্ঘটনাটোৰ ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদান কৰাৰ লগতে সংশ্লিষ্ট সকলোৰে মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰিছিল।[13]
পুৰস্কাৰ
[সম্পাদনা কৰক]- ১৯৭২ চনত ভাৰত চৰকাৰৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ প্ৰশংসনীয় কামৰ বাবে পদ্মশ্ৰী অসামৰিক বঁটা।[14]
- ২০১৯ চনত উইলিয়াম ক্লেইনৰ একাডেমী ডেছ ব’ছ আৰ্টছ ফটোগ্ৰাফী বঁটা।[15]
- ২০১৭ চনত ভাৰত চৰকাৰ আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ "জীৱনজোৰা সাফল্য একাডেমী।"
- ২০১৯ - ডেছ বিউছ আৰ্টছ ফটোগ্ৰাফী বঁটা - উইলিয়াম ক্লেইন।[15]
প্ৰদৰ্শনী
[সম্পাদনা কৰক]- ১৯৯৭: ৰেট্ৰ’স্পেকটিভ – নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট, নতুন দিল্লী, ভাৰত।
- ২০০২: ৰঘু ৰায়ৰ ভাৰত – এ ৰেট্ৰ’স্পেকটিভ, ফটোফিউজন, লণ্ডন।[16]
- ২০০২: ভলকেৰ্ট ফাউণ্ডেশ্যন, উইণ্টাৰথাৰ, ছুইজাৰলেণ্ড।
- ২০০৩: ভোপাল – ছালা কনচিগ্লিয়েৰ, ভেনিচ, ইটালী; ফটোগ্ৰাফিক গেলেৰী, হেলচিংকি, ফিনলেণ্ড।
- ২০০৩: এক্সপ'জাৰ: প'ৰ্ট্ৰেইট অৱ এ কৰ্পৰেট ক্ৰাইম – ইউনিভাৰ্চিটি অৱ মিছিগান, এন আৰ্বাৰ, আমেৰিকা।
- ২০০৪: এক্সপ’জাৰ – ড্ৰিক গেলেৰী, ঢাকা, বাংলাদেশ লেইকা গেলেৰী, প্ৰাগ, চেক গণৰাজ্য।
- ২০০৫: ভোপাল ১৯৮৪–২০০৪ – মেলকৱেগ গেলেৰী, আমষ্টাৰডাম, নেদাৰলেণ্ড।
- ২০০৫: ভাৰত – মিউজিঅ’ কেপিটলিনি চেণ্ট্ৰেল মণ্টেমাৰ্টিনি, ৰোম, ইটালী।
- ২০০৭: ৰেনকণ্ট্ৰেছ ডি আৰ্লছ উৎসৱ, ফ্ৰান্স।[17]
- ২০১২: মাই ইণ্ডিয়া – ফটোফ্ৰিঅ’, অষ্ট্ৰেলিয়া।
- ২০১৩: গছ (ক'লা আৰু বগা), নতুন দিল্লী।
- ২০১৪: ভাৰতৰ পোহৰত: ৰঘু ৰায়ৰ ফটোগ্ৰাফী, হংকং আন্তঃৰাষ্ট্ৰীয় ফটো মহোৎসৱ, হংকং।
- ২০১৫: গছ, আৰ্ট এলাইভ আৰ্ট গেলেৰী, দিল্লী।[18]
- ২০১৬, "ৰঘু ৰায়ৰ সৰ্বশ্ৰেষ্ঠ ফটোগ্ৰাফ", ওজাছ আৰ্ট, নতুন দিল্লী।[19]
গ্ৰন্থ
[সম্পাদনা কৰক]- ১৯৭৪ A Day in the life of Indira Gandhi, Nachiketa Publications, India
- ১৯৮৩ Delhi: A Portrait, Delhi Tourist Development Corporation/Oxford University Press, India/UK
- ১৯৮৪ The Sikhs, Lustre Press, India
- ১৯৮৫ Indira Gandhi (with Pupul Jayakar), Lustre Press, India
- ১৯৮৬/৮৭ Taj Mahal, Times Editions, Singapore; Robert Laffont, France; Rizzoli Publications, USA
- ১৯৮৮ Dreams of India, Time Books International, Singapore; (L'Inde), Arthaud, France
- ১৯৮৯ Calcutta, Time Books International, India
- ১৯৯০ Delhi and Agra (with Lai Kwok Kin and Nitin Rai), Hunter Publications, Inc., USA
- ১৯৯০/৯১ Tibet in Esilio, Mondadori, Italy; (Tibet in Exile), Chronicle Books, USA
- ১৯৯১ Khajuraho, Time Books International, India
- ১৯৯৪ Raghu Rai's Delhi, Indus/Harper Collins, India
- ১৯৯৬/০১ Dreams of India, Times Editions, Singapore/Greenwich, UK আই.এচ.বি.এন. 9789812046062
- ১৯৯৬ Faith and Compassion: The Life and Work or Mother Teresa, Element Books, USA. আই.এচ.বি.এন. 9781852309121
- ১৯৯৭ My Land and Its People, Vadehra Gallery, India
- ১৯৯৮ Man, Metal and Steel, Steel Authority of India, Ltd., India
- ২০০০ Raghu Rai... in his Own Words, Roli Books, India
- ২০০০ Lakshadweep, UT of Lakshadweep, India
- ২০০১ Raghu Rai's India – A Retrospective, Asahi Shimbun, Japan
- ২০০২ Bhopal Gas Tragedy (with Suroopa Mukherjee), Tulika Publishers, India
- ২০০৩/০৪ Saint Mother: A Life Dedicated, Timeless Books, India;Mère Teresa), La Martinière, France
- ২০০৪ Exposure: Portrait Of A Corporate Crime, Greenpeace, Netherlands
- ২০০৪ Indira Gandhi: A Living Legacy, Timeless Books, India
- ২০০৫ Romance of India, Timeless Books, India
- ২০০৫ Mother Teresa: A Life of Dedication, Harry N. Abrams, USA. আই.এচ.বি.এন. 9780810958753
- ২০০৮ Raghu Rai's India: Reflections in Colour, Haus Books. আই.এচ.বি.এন. 9781905791965
- ২০১০ India's Great Masters: A Photographic Journey into the Heart of Classical Music[20]
- ২০১১ The Indians: Portraits From My Album, Penguin Books. আই.এচ.বি.এন. 978-0-670-08469-2.[21]
- ২০১৩ Bangladesh: The Price of Freedom, Niyogi Books. আই.এচ.বি.এন. 978-93-81523-69-8
- ২০১৩ Trees, PHOTOINK, India
- ২০১৪ The Tale of Two: An Outgoing and an Incoming Prime Minister
- ২০১৪ Vijayanagara Empire: Ruins to Resurrection, Niyogi Books. আই.এচ.বি.এন. 978-93-83098-24-8
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Raghu Rai: The Man Who Redefined Photojournalism in India
- ↑ Imaging India
- ↑ "Raghu Rai, The Father of Indian Photography (ইংৰাজীতে)". ২০২১-১২-২৭. Archived from the original on 2021-12-28. https://web.archive.org/web/20211228145412/https://www.therawsociety.org/raghu-rai/। আহৰণ কৰা হৈছে: 2025-08-07.
- ↑ Chaudhuri, Zinnia Ray (2021-01-16). "In pictures: Raghu Rai's five-decade career captures the essence of India" (en-US ভাষাত). http://scroll.in/article/775515/in-pictures-raghu-rais-five-decade-career-captures-the-essence-of-india.
- ↑ Bawa, Jaskirat Singh (2021-01-16). "Raghu Rai on the Story Behind His Five Most Iconic Photographs" (en ভাষাত). https://www.thequint.com/photos/raghu-rai-on-the-story-behind-his-five-most-iconic-photographs.
- ↑ "A good photographer needs fire in the belly, says award-winning photojournalist Raghu Rai". 2021-01-16. https://www.newindianexpress.com/cities/delhi/2019/aug/19/a-good-photographer-needs-fire-in-the-belly-says-award-winning-photojournalist-raghu-rai-2021000.html.
- ↑ 7.0 7.1 Day, Elizabeth (18 September 2014). "Raghu Rai | Interview". The Observer. https://www.theguardian.com/artanddesign/2010/jan/17/raghu-rai-photography-exhibitions-london.
- ↑ "Oh my god! This was what it used to be". Mid-Day. 11 December 2010. https://www.mid-day.com/articles/oh-my-god-what-used/105403.
- ↑ "ৰঘু ৰাই (ইংৰেজিতে)". ২০২১-১২-২৭. https://www.magnumphotos.com/photographer/raghu-rai/.
- ↑ "Pocketful of Rai". Time. 14 March 2011. Archived from the original on 17 April 2024. https://web.archive.org/web/20240417004312/https://content.time.com/time/magazine/article/0,9171,2056617,00.html। আহৰণ কৰা হৈছে: 7 August 2025.
- ↑ Lee, Kevin (18 September 2014). "Invisible Interview: Raghu Rai, India – Part 1". http://invisiblephotographer.asia/2012/11/14/invisibleinterview-raghurai-part1/.
- ↑ Day, Elizabeth (18 September 2014). "Raghu Rai | Interview". https://www.theguardian.com/artanddesign/2010/jan/17/raghu-rai-photography-exhibitions-london.
- ↑ "Picturing disaster ". 15 September 2002. https://www.thehindu.com/todays-paper/tp-features/tp-sundaymagazine/picturing-disaster/article28517869.ece.
- ↑ "Raghu Rai chosen as first recipient of newly instated international photography award". Business Standard India. 2021-01-16. https://www.business-standard.com/article/pti-stories/raghu-rai-chosen-as-first-recipient-of-newly-instated-international-photography-award-119091600865_1.html.
- ↑ 15.0 15.1 "The Magnum Digest: September 13, 2019". 2019-09-16. https://www.magnumphotos.com/newsroom/magnum-digest/the-magnum-digest-september-13-2019/.
- ↑ "Photography Exhibition: Raghu Rai's India". 2020-07-03. Archived from the original on 2020-07-03. https://web.archive.org/web/20200703183912/https://www.photofusion.org/exhibitions/photography-exhibition-raghu-rai/। আহৰণ কৰা হৈছে: 2025-08-07.
- ↑ "Presentation of the festival - Les Rencontres d'Arles". 2020-07-03. Archived from the original on 2019-03-30. https://web.archive.org/web/20190330200212/https://www.rencontres-arles.com/en/presentation-du-festival/। আহৰণ কৰা হৈছে: 2025-08-07.
- ↑ "Framing Flora" (en-US ভাষাত). 2021-01-16. https://www.vervemagazine.in/arts-and-culture/photography-exhibition-trees-raghu-rai-art-alive-gallery-new-delhi.
- ↑ "Picturing Time With Raghu Rai" (en-US ভাষাত). 2021-01-16. https://www.vervemagazine.in/arts-and-culture/photography-show-picturing-time-raghu-rai-pjas-art-new-delhi.
- ↑ "Ragas in frames". The Hindu. 20 August 2010. http://www.thehindu.com/arts/art/article584101.ece?homepage=true.
- ↑ "Sees, Shoots And Leaves". Tehelka খণ্ড 8 (9). 5 March 2011. Archived from the original on 2016-08-25. https://web.archive.org/web/20160825191321/http://archive.tehelka.com/story_main49.asp?filename=hub050311SEES.asp। আহৰণ কৰা হৈছে: 2025-08-07.