ৰঙ্গনায়কী
| ৰঙ্গনায়কী | |
|---|---|
| শ্ৰীৰংগমৰ দেৱী | |
ৰঙ্গনায়কীৰ মূৰ্তী | |
| সম্পৰ্ক | শ্ৰী বৈষ্ণৱ |
| নিবাস | বৈকুণ্ঠ |
| সঙ্গী | ৰঙ্গনাথ |
| আসন/বাহন | হাতী |
| হিন্দু পাঠ্য | নালাৰিয়া দিব্য প্ৰধানম |
| উৎসৱ | বৈকুণ্ঠ একাদশী |
ৰঙ্গনায়কী (তামিল: ரங்கநாயகி, সংস্কৃত: रङ्गनायकी, ৰোমানীকৃত: Raṅganāyakī, আক্ষৰিক অৰ্থ: 'ৰংগনাথৰ পত্নী'), এগৰাকী হিন্দু দেৱী। তেওঁক তায়াৰ (তামিল: தாயாம், ৰোমানীকৃত: Tāyār অৰ্থাৎ 'মাতৃ') নামেৰেও জনা যায়৷[1] শ্ৰীৰংগমৰ শ্ৰীৰংগনাথস্বামী মন্দিৰৰ তেওঁ এগৰাকী অধিষ্ঠাতী দেৱী।[2] তেওঁ হৈছে শ্ৰীৰংগমৰ প্ৰধান দেৱতা ৰংগনাথৰ প্ৰধান পত্নী। এই দেৱীক মহালক্ষ্মীৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়, আনহাতে ৰংগনাথক বিষ্ণুৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়।[3] তাইক ৰঙ্গনাচিয়াৰ (Ranganachiyar) আৰু পেৰিয়া পিৰাট্টি (Periya Piratti) বুলিও কোৱা হয়।
ৰঙ্গনায়কীক শ্ৰীৰংগমৰ লোক তথা বিষ্ণুৰ অনুগামী বৈষ্ণৱসকলে পূজা কৰে। শ্ৰীবৈষ্ণৱ পৰম্পৰা অনুসৰি তাইক স্বয়ং ৰংগনাথৰ সমান বুলি গণ্য কৰা হয় আৰু ঐশ্বৰিক দম্পতীৰ বাবে পূজাৰ মাধ্যম আৰু অন্ত দুয়োটা বুলি গণ্য কৰা হয়।
মন্দিৰ
[সম্পাদনা কৰক]ৰঙ্গনাথস্বামী মন্দিৰত দুটা প্ৰধান মূৰ্তি (মূলা মুৰ্তি) আৰু এটা শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি) আছে, কাৰণ ১৩২৩ খ্ৰীষ্টাব্দত খিলজি বংশৰ মালিক কাফুৰে মন্দিৰ আক্ৰমণৰ সময়ত শোভাযাত্ৰাৰ মূৰ্তিটো মন্দিৰৰ ওচৰত এজোপা গছৰ তলত পুতি থোৱা হৈছিল। পৰৱৰ্তী সময়ত তাত এখন দেৱাল স্থাপন কৰা হ'ল আৰু তেওঁৰ মূৰ্তি সেই পবিত্ৰ স্থানৰ পৰা স্থানান্তৰ কৰা হ'ল যাতে ই অপবিত্ৰ নহয়।[4] লুণ্ঠনৰ পাছত সেই মূৰ্তিটো পোৱা নগ’ল আৰু থানৰ পুৰোহিতে খৰখেদাকৈ নতুন মূৰ্তি সৃষ্টিৰ নিৰ্দেশ দিলে। এই মূৰ্তিটোৱেই আছিল এই মন্দিৰৰ দ্বিতীয় প্ৰধান মূৰ্তি (মূল মূৰ্তি)। স্থানীয় কিংবদন্তি অনুসৰি ৰঙ্গনায়কী দেৱীয়ে এজন ভক্তৰ সপোনত আবিৰ্ভাৱ হৈ তেওঁৰ শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি) ক’ত আছে সেই কথা অবগত কৰে। এই মূৰ্তিটো ভক্তই খান্দি পুনৰ স্থাপন কৰে। মূল মূৰ্তিটোক আবৰি ৰখা বেৰখন পিছত ভাঙি যায় আৰু মূল মূৰ্তিটো আৰু তাৰ সলনি স্থাপন কৰা মূৰ্তিবোৰ এতিয়া বহুলভাবে পূজা কৰা হয়। স্থানীয় বিশ্বাসত প্ৰধান মূৰ্তিয়ে দেৱী শ্ৰীদেৱীক প্ৰতিনিধিত্ব কৰে আৰু দ্বিতীয় মূৰ্তিটোৱে বিষ্ণুৰ পত্নী দেৱী ভূদেৱীক প্ৰতিনিধিত্ব কৰে। আন মন্দিৰৰ দৰে ৰঙ্গনাথ মন্দিৰৰ শোভাযাত্ৰাৰ মূৰ্তিসমূহ কেতিয়াও গৰ্ভগৃহৰ পৰা আঁতৰাই নিয়া নহয়। শোভাযাত্ৰাৰ সময়ত মন্দিৰৰ দেৱীয়ে মন্দিৰৰ দেৱতাৰ কাষত নিজৰ স্থান লোৱাটো মন্দিৰৰ প্ৰথা। শ্ৰীৰংগমত অৱশ্যে ৰঙ্গনাথৰ শোভাযাত্ৰাৰ মূৰ্তিটো অনুগামীসকলে তেওঁৰ গৰ্ভগৃহলৈ আনুষ্ঠানিকভাৱে কঢ়িয়াই লৈ আনে, যিয়ে প্ৰতীকীভাৱে প্ৰিয়জনক লগ কৰা স্বামীক প্ৰতিনিধিত্ব কৰে।[5][6]
বছৰত এবাৰ পাংগুনি উত্তীৰাম উপলক্ষে, তামিল মাহৰ পাংগুনীৰ যিদিনা উত্তীৰাম নক্ষত্ৰ আৰোহণত থাকে, সেই দিনটোত ৰঙ্গনাথ আৰু ৰঙ্গনায়কীৰ ঐশ্বৰিক শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি) এদিনৰ বাবে একত্ৰিত কৰা হয়। দুয়োটা মূৰ্তি একেলগে মৰ্ত্যৰ পৰিসীমা বা সীমাবদ্ধতাৰ বাহিৰত থকা দিব্য-দম্পতি (ঈশ্বৰ দম্পতী) বুলি জনা যায়।[7] এই কাৰণে এই মন্দিৰত তিৰুকল্যাণ-উৎসৱ (বিবাহ উৎসৱ) নাথাকে। এই দৰ্শনক ছেৰতী-সেৱাই (যৌথ সেৱা) বোলা হয়।
পৰাসৰ ভট্টৰে ৰচনা কৰা শ্ৰীগুণৰত্ন কোসম নামৰ শ্লোকটো ৰঙ্গনায়কীৰ বাবে উৎসৰ্গিত। অৱশ্যে মন্দিৰৰ পৰম্পৰাগত আচাৰ-অনুষ্ঠানৰ সময়ত লক্ষ্মী অষ্টোত্ৰম পাঠ কৰা হয়। বেদান্ত দেশিকাৰ দ্বাৰা ৰচিত শ্ৰী স্তুতি আৰু আদি শংকৰাচাৰ্যৰ দ্বাৰা ৰচিত কনকধৰা স্তোত্ৰম মন্দিৰৰ ভক্তসকলে তেওঁৰ প্ৰশংসাত পাঠ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Raman, K. V. (2003) (en ভাষাত). Sri Varadarajaswami Temple, Kanchi: A Study of Its History, Art and Architecture. Abhinav Publications. পৃষ্ঠা. 8. ISBN 978-81-7017-026-6. https://books.google.com/books?id=myK8ZYEIu4YC&dq=t%C4%81y%C4%81r+tamil&pg=PA8.
- ↑ Hawley, John Stratton; Wulff, Donna Marie (1998) (en ভাষাত). Devī: Goddesses of India. Motilal Banarsidass Publ.. পৃষ্ঠা. xii. ISBN 978-81-208-1491-2. https://books.google.com/books?id=CZrV3kOpMt0C&dq=ranganayaki+goddess&pg=PP16.
- ↑ Kumar, P. Pratap (1997) (en ভাষাত). The Goddess Lakṣmī: The Divine Consort in South Indian Vaiṣṇava Tradition. Scholars Press. পৃষ্ঠা. 81. ISBN 978-0-7885-0199-9. https://books.google.com/books?id=ejpCrALI_hsC&dq=ranganayaki+goddess&pg=PA81.
- ↑ Gembali, Neeharika (2022-03-30) (en ভাষাত). Sri Ranganatha Swamy Temple. Writers Pouch. পৃষ্ঠা. 13. ISBN 979-8-88641-724-1. https://books.google.com/books?id=O9tmEAAAQBAJ&dq=goddess+ranganayaki&pg=PT13.
- ↑ Viswanatha (2016-01-15) (en ভাষাত). Theology and Tradition of Eternity: Philosophy of Adi Advaita. Partridge Publishing. পৃষ্ঠা. 68. ISBN 978-1-4828-6982-8. https://books.google.com/books?id=ujdxCwAAQBAJ&dq=ranganayaki+visit&pg=PT68.
- ↑ Warrier, Shrikala (December 2014) (en ভাষাত). Kamandalu: The Seven Sacred Rivers of Hinduism. MAYUR University. পৃষ্ঠা. 204. ISBN 978-0-9535679-7-3. https://books.google.com/books?id=qNhiCAAAQBAJ&dq=ranganayaki+visit&pg=PA204.
- ↑ "I need to know the significance of Pankuni uttiram and Kalyana utsavam". Sri Vaishnava Home Page. 28 March 2002. Archived from the original on 3 October 2011. https://web.archive.org/web/20111003123401/http://ramanuja.org/sv/bhakti/archives/rituals/mar2002/0021.html। আহৰণ কৰা হৈছে: 21 November 2011.