সমললৈ যাওক

তাম্ৰেশ্বৰীৰ মন্দিৰ (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাম্ৰেশ্বৰীৰ মন্দিৰ  
লেখক ৰজনীকান্ত বৰদলৈ
দেশ অসম, ভাৰত ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯২৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৰৱৰ্তী ৰাধা-ৰুক্মিণীৰ ৰণ (১৯২৮)

তাম্ৰেশ্বৰীৰ মন্দিৰ ৰজনীকান্ত বৰদলৈ ৰচিত এখন অসমীয়া উপন্যাস। 'অসম হিতৈষী' কাকতত ধাৰাবাহিকভাৱে প্ৰকাশিত এই উপন্যাসখন বৰদলৈয়ে ডিব্ৰুগড়তে ১৯২৬ চনত ৰচনা কৰিছিল।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ৰজনীকান্ত বৰদলৈৰ এই উপন্যাসখনত ধনেশ্বৰ আৰু আঘণীৰ চৰিত্ৰৰ জৰিয়তে এক প্ৰণয় কাহিনীৰ বৰ্ণনা উদাহৰণ দাঙি ধৰা হৈছে। ইয়াৰ উপৰিও উপন্যাসখনত বুৰঞ্জীৰ প্ৰত্যক্ষ প্ৰভাৱ নাই যদিও তৃতীয়বাৰ মানৰ আক্ৰমণত জুৰুলা হোৱা অসমীয়া সমাজখন ইয়াত ৰূপায়িত হৈছে। কেইজনমান ৰাজবিষয়াক ইয়াৰ মূল কাহিনীৰ লগত জড়িত কৰি ঘটনাপ্ৰবাহৰ মাজেদি তামসিক ভাবাপন্ন তান্ত্ৰিক ধৰ্মৰ তুলনাত সাত্ত্বিক ভাবাপন্ন বৈষ্ণৱ ধৰ্ম যে সকলোপিনৰ পৰা শ্ৰেষ্ঠ এই কথাকেই যুক্তিসহ প্ৰতিপন্ন কৰিবলৈকে বৰদলৈয়ে উপন্যাসত পৰিকল্পনা কৰিছিল যেন লাগে। সেই সময়ৰ প্ৰচলিত নৰবলি প্ৰথাক সমাজৰ ব্যাধিৰূপে স্পষ্টৰূপে দেখুৱাবলৈ যত্ন কৰাৰ আঁৰত বৰদলৈৰ সমাজ সংস্কাৰৰ স্পৃহাৰো দৃষ্টান্ত দাঙি ধৰিছে এই উপন্যাসখনৰ মাজেদি।[1][2]

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
  • ধনেশ্বৰ
  • আঘণী
  • শদিয়াখোৱা গোসাঁইদেৱ
  • বৈষ্ণৱী
  • উৰ্দ্ধবাহু
  • বৈৰাগী
  • লাংফাই
  • মনাই
  • মনেশ্বৰ
  • কমলেশ্বৰ
  • সৎৰাম
  • ফুলেশ্বৰী
  • বামাচাৰী তান্ত্ৰিক ইত্যাদি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. এশ বছৰৰ অসমীয়া উপন্যাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা সম্পাদিত। সম্পাদনা - ড° নগেন ঠাকুৰ। প্ৰকাশক - জ্যোতি প্ৰকাশন, ২০২৪ গুৱাহাটী। পৃষ্ঠা ৩৩৩।
  2. "তাম্ৰেশ্বৰীৰ মন্দিৰ". অসমীয়া ৱিকিউৎস. https://as.m.wikisource.org/wiki/তাম্ৰেশ্বৰীৰ_মন্দিৰ। আহৰণ কৰা হৈছে: ১১ মে' ২০২৫.