সমললৈ যাওক

ৰজনী এ. ভিছেই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰজনী এ. ভিছেই
Rajani A. Bhisey
জন্ম ২০ জানুৱাৰী, ১৯৪১ (৮৫ বছৰ)
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয়
কৰ্মস্থান পুণে বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান বোম্বাই বিশ্ববিদ্যালয়
জনা যায় Environmental Carcinogenesis and Molecular Epidemiology of Cancer, Occupational Hazards

ৰজনী এ. ভিছেই (ইংৰাজী: Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে। [1][2]

মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা তেখেতে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেখেতে মুম্বাইস্থিত ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰ লগত গৱেষণা ছাত্ৰী হিচাপে জড়িত হৈ পৰে আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে। [2] তেখেতে ইলেক্ট্ৰন মাইক্ৰস্ক'পৰ দ্বাৰা skin carcinogenesisত কাম কৰে। এইটো বিষয়ত সূচনা কৰা কামৰ জৰিয়তেই তেখেতে ১৯৭৪ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। [1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ৰজনী এ. ভিছেইয়ে এগৰাকী গৱেষণা সহযোগী হিচাপে কাম কৰিছিল। পাছলৈ জেৰ'মি জে ফ্ৰিডৰ লগত লাংকানেও চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত "drug resistant haploid frog cells"ৰ কোষপৃষ্ঠৰ অতি-গাঁঠনিক দিশত কাম কৰে। তেখেতে কৰ্কট গৱেষণা প্ৰতিষ্ঠানত জেনেটিক বিষবিজ্ঞানৰ এটা প্ৰয়োগশালাও স্থাপন কৰে। তেখেতে কৰ্কট জীৱবিজ্ঞান আৰু জেনেটিক বিষবিজ্ঞান সম্বন্ধীয় কেইটামান বিষয়ো স্নাতকোত্তৰ বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ বাবে নতুনকৈ আৰম্ভ কৰে। তেখেত মনোগ্ৰাফ কাৰ্যসূচী সদন, কৰ্কট গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগতো জড়িত।[1][3]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • UICC(Union for International Cancer Control)ৰ যুৱ বিজ্ঞানী ফেল'শ্বিপ
  • জীৱনজোৰা সাধনাৰ বঁটা,ভাৰতীয় প্ৰাণীবিজ্ঞানী সন্থাৰ দ্বাৰা প্ৰদান ২০০৭ চনত।
  • মহাৰাষ্ট্ৰ বিজ্ঞান একাডেমী, আৰু ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য।[4]

[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "IAS- Rajani A Bhisey". http://www.ias.ac.in/php/fell_detail.php3?name=Bhisey&intials=Rajani&year=20-01-1941 আহৰণ কৰা হৈছে: 16 March 2014.
  2. 1 2 "INSA - Rajani A Bhisey". Archived from the original on 16 March 2014. https://archive.is/20140316053802/http://insaindia.org/detail.php?id=N98-1229 আহৰণ কৰা হৈছে: 16 March 2014.
  3. "55-58.pdf". http://www.ias.ac.in/womeninscience/LD_essays/55-58.pdf আহৰণ কৰা হৈছে: 8 April 2014.
  4. "Indian Fellow". http://www.insaindia.res.in/detail/N98-1229 আহৰণ কৰা হৈছে: 11 April 2020.
  5. "Meet 10 of the brightest women scientists in India". https://www.shethepeople.tv/news/meet-10-of-the-brightest-women-scientists-in-india আহৰণ কৰা হৈছে: 11 April 2020.