সমললৈ যাওক

ৰজা ছান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছান্না খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে ইণ্ডোনেছিয়াজাভা শাসন কৰা এজন ৰজা আছিল।

কাংগাল শিলালিপি (খ্ৰীষ্টপূৰ্ব ৭৩২) অনুসৰি জাভা দ্বীপটো বহুদিনৰপৰা এই জ্ঞানী আৰু গুণী ৰজাৰ শাসনৰ অধীনত আছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত ৰাজ্যখন অৰাজক হৈ পৰিল। হিংসা আৰু বিভ্ৰান্তিৰ মাজতে সন্নাহ (ছান্নাৰ ভগ্নী)ৰ পুত্ৰ সঞ্জয় সিংহাসনত আৰোহণ কৰি মাতাৰাম ৰাজ্য প্ৰতিষ্ঠা কৰে।.[1][2]

কাৰিটা পৰহ্যাংগন (খ্ৰীষ্টপূৰ্ব ষোড়শ শতিকাৰ শেষৰফালে ৰচিত এখন গ্ৰন্থ)ত তেওঁৰ নাম প্ৰবু ছান্না বা ব্ৰতসেনা নামেৰে ৰখা হৈছিল। কাৰিটা পৰহ্যাংগনৰ মতে, ছান্না আছিল গালুহৰ ৰজা যিটো তেওঁৰ ভতিজা ভায়েক পুৰ্বাছোৰাই দখল কৰিছিল। এই পুথিখনত সঞ্জয়ক তেওঁৰ ভতিজা নহয়, ছান্নাৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। গতিকে, পিতৃৰ পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ সঞ্জয়ে গলুহক বিশেষ বাহিনীৰে আক্ৰমণ কৰি পৰিয়ালসহ পূৰ্বছোৰাকো হত্যা কৰে। ইয়াৰ পিছত সঞ্জয়ে ছান্নাৰ ৰাজ্য পুনৰ দখল কৰি জাভা শাসন কৰিবলৈ আৰম্ভ কৰে[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Soekmono, R. (2002) (id ভাষাত). Pengantar Sejarah Kebudayaan Indonesia 2. Kanisius. পৃষ্ঠা. 40. ISBN 9789794132906. https://books.google.com/books?id=Ua_L2i3HgOIC&dq=Raja+Sanna&pg=PA40.
  2. Iguchi, Masatoshi (2015-01-28) (en ভাষাত). Java Essay: The History and Culture of a Southern Country. Troubador Publishing Ltd. ISBN 9781784621513. https://books.google.com/books?id=oQ5TBgAAQBAJ&dq=Sanna+java&pg=PA219.
  3. (id ভাষাত) Sejarah. Grasindo. 2004. ISBN 9789797325305. https://books.google.com/books?id=u1dWJ19ZnHkC&dq=Raja+Sanna+carita+parahyangan&pg=PA71.