ৰজা ফাকুৱা

ৰজা ফাকুৱা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰতিবছৰে অনুষ্ঠিত কৰা দৌল উৎসৱ। এই উৎসৱ আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰে পৰা পালিত হৈ আহিছে। প্ৰতি বছৰ চ’ত মাহৰ শুক্লা দ্বিতীয়া তিথিত ৰজা ফাকুৱা বা ৰজা দৌল পালন কৰা হয়।
কাহিনী
[সম্পাদনা কৰক]
কাহিনী অনুসৰি আহোম ৰজা প্ৰমত্ত সিংহৰ ৰাণীয়ে এবাৰ শাৰীৰিক অসুস্থতাৰ বাবে শ্ৰীকৃষ্ণৰ দৌলোৎসৱত অংশ ল’ব পৰা নাছিল। সেয়ে স্বামী ৰজা প্ৰমত্ত সিংহই ৰাণীক সন্তুষ্ট কৰিবৰ বাবে দৌল উৎসৱৰ ১৫ দিন পাছত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত পুনৰ দৌল উৎসৱ পাতে। ১৭ শতিকাতে আৰম্ভ কৰা এই উৎসৱ পৰম্পৰাত পৰিণত হয় আৰু ই বৰ্তমানেও পালিত হৈ আছে।[1] মন্দিৰ চৌহদত থকা ফাকুৱা দৌলটি প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।[2]
পৰম্পৰা
[সম্পাদনা কৰক]দৌলৰ পৰম্পৰা অনুসৰি ৰজা ফাকুৱাতো গোঁসাই ফুৰোৱা, মেজি জ্বলোৱা আৰু যাগ-যজ্ঞ আদি কৰি প্ৰসাদ বিতৰণ কৰা হয়। ৰজাৰ আদেশত পালিত হৈছিল বাবে এই ফাকুৱাক ৰজা ফাকুৱা বুলি কোৱা হয়।[1]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- 1 2 "হয়গ্ৰীৱ মাধৱ মন্দিৰত শতিকা পুৰণি দৌলোৎসৱ". দৈনিক অসম: ৮. ৮ এপ্ৰিল ২০২৫.
- ↑ "ইতিহাসৰ জলঙাইদি হাজো". https://mahabahu.com/%e0%a6%87%e0%a6%a4%e0%a6%bf%e0%a6%b9%e0%a6%be%e0%a6%b8%e0%a7%b0-%e0%a6%9c%e0%a6%b2%e0%a6%99%e0%a6%be%e0%a6%87%e0%a6%a6%e0%a6%bf-%e0%a6%b9%e0%a6%be%e0%a6%9c%e0%a7%8b/। আহৰণ কৰা হৈছে: 15 April 2025.