ৰজা মহেন্দ্ৰ প্ৰতাপ
ৰজা মহেন্দ্ৰ প্ৰতাপ | |
|---|---|
১৯৭৯ চনৰ এটি ভাৰতীয় ডাক-টিকটত ৰজা মহেন্দ্ৰ প্ৰতাপ | |
| অস্থায়ী ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি | |
| কাৰ্যকাল ১ ডিচেম্বৰ ১৯১৫-জানুৱাৰী ১৯১৯ | |
| সাংসদ, লোক সভা | |
| কাৰ্যকাল ১৯৫৭ – ১৯৬২ | |
| পূৰ্বসূৰী | ৰজা গিৰিৰাজ চৰণ সিং |
| উত্তৰসূৰী | চৌধুৰী দিগম্বৰ সিংহ (ভাৰতীয় জাতীয় কংগ্ৰেছ) |
| সমষ্টি | মথুৰা লোকসভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১ ডিচেম্বৰ, ১৮৮৬ হথৰাজ, নৰ্থ-ৱেষ্টাৰ্ণ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ২৯ এপ্ৰিল, ১৯৭৯ (৯২ বছৰ) |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | মহম্মদ এংলো-অৰিয়েণ্টেল কলেজিয়েট স্কুল |
ৰজা মহেন্দ্ৰ প্ৰতাপ (ইংৰাজী: Raja Mahendra Pratap; জন্ম:১ ডিচেম্বৰ, ১৮৮৬-২৯ এপ্ৰিল, ১৯৭৯) হৈছে এগৰাকী ভাৰতীয় স্বাধীনতা-সংগ্ৰামী, সাংবাদিক আৰু বিপ্লৱী। তেওঁ ১৯১৫ চনত, কাবুলৰপৰা প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্বাচিত ভাৰত চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ অস্থায়ী চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু ব্ৰিটিছ ভাৰতৰ সমাজ সংস্কাৰবাদী আছিল।[1] ১৯৪০ চনত তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানত ভাৰতৰ কাৰ্যবাহী মণ্ডলীও গঠন কৰিছিল।[2][3] তেওঁক জনপ্ৰিয়ভাৱে আৰ্য পেশ্বৱা বুলি জনা যায়।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]উত্তৰ প্ৰদেশৰ হথৰাছ ৰাজ্যৰ মুৰছনত[5], এটা ৰজাঘৰীয়া জাত পৰিয়ালত, ১৮৮৬ চনৰ ১ ডিচেম্বৰত মহেন্দ্ৰ প্ৰতাপৰ জন্ম হৈছিল। ৰজা ঘনশ্যাম সিঙৰ তেওঁ তৃতীয় পুত্ৰ আছিল। প্ৰতাপৰ তিনি বছৰ বয়সত হথৰাছৰ ৰজা হৰনাৰায়ণ সিঙে তেওঁক পুত্ৰ ৰূপে তুলি লৈছিল।[6] ১৯০২ চনত, কলেজীয়া ছাত্ৰাৱস্থাত ৰাজকীয় ৰাজ্য হাৰিয়ানাৰ (তেতিয়াৰ পঞ্জাৱৰ) বলবীৰ কৌৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল।
শিক্ষা
[সম্পাদনা কৰক]১৮৯৫ চনত প্ৰতাপ আলিগড়ৰ আলিগড় চৰকাৰী হাইস্কুলত ভৰ্তি হয়। কিন্তু সোনকালেই তেওঁ মহম্মদান এংলো-অৰিয়েণ্টেল কলেজিয়েট স্কুললৈ বদলি হয়, যি পিছলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয় হয়।[6] ইয়াত তেওঁ এগৰাকী ব্ৰিটিছ হেডমাষ্টৰক শিক্ষক ৰূপে পাইছিল। ছাৰ চয়ৈদ আহমদ খান এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক আছিল।[7]
ন’বেল বঁটাৰ বাবে মনোনয়ন
[সম্পাদনা কৰক]প্ৰতাপে ১৯৩২ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[1][8] এন. এ. নিলচনে এই পুৰস্কাৰৰ বাবে তেওঁৰ নামত মনোনয়ন দাখিল কৰিছিল। মনোনয়ন পত্ৰ দাখিল কৰা নিলচনে এখন চমু জীৱনীত এইদৰে লিখিছিল,
সিং ৱৰ্ল্ড ফেডাৰেচনৰ এগৰাকী সম্পাদক আৰু আফগানিস্তানৰ বেচৰকাৰী দূত।
কেৱল জীৱন লেখাতে সীমাবদ্ধ হৈ নাথাকি মনোনয়নকাৰীগৰাকীয়ে সিঙৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক কাৰ্যকলাপৰ কথাও লিখিছিল। বিশেষকৈ ভাৰত-তুৰ্কী-জাৰ্মান অভিযানত তেওঁৰ ভূমিকাক আলোকপাত কৰা হৈছিল। উদাহৰণস্বৰূপে, জাৰ্মানীৰ কাইজাৰ উইলহেম আৰু তুৰস্কৰ চুলতান মহম্মদ ৰিছাদে তেওঁৰ হাতত আফগান ৰজালৈ পত্ৰ প্ৰেৰণ কৰিছিল। ১৯১৫ চনৰ ২ অক্টোবৰ তাৰিখে তেওঁ কাবুলত উপস্থিত হৈছিল। ১৯১৫ চনৰ ১ ডিচেম্বৰত ভাৰতৰ বাবে এখন অস্থায়ী চৰকাৰ গঠন কৰা হয়। ১৯১৭ চনত তেওঁ ৰাছিয়ালৈ যায় আৰু লেনিনগ্ৰেডত ট্ৰ’টস্কিক সাক্ষাৎ কৰে। তাৰপৰা তেওঁ কাইজাৰ আৰু চুলতানক দেখা কৰি, আফগানিস্তানৰ ৰজাৰ বাৰ্তা দিবলৈ উভতি আহে। বুডাপেষ্ট আৰু ছুইজাৰলেণ্ডত তেওঁ কিছু সময় পাৰ কৰিছিল। জাৰ্মান বিমানেৰে তেওঁক ৰাছিয়ালৈ অনা হৈছিল আৰু তাতেই তেওঁ লেনিনক লগ পাইছিল। তাৰপৰা তেওঁ আফগানিস্তানলৈ যায়। ৰজা অমনুল্লাই তেওঁক বিভিন্ন উদ্দেশ্যত চীন, জাপান, চিয়াম, তুৰ্কী, জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠাইছিল। কিন্তু ব্ৰিটিছৰ সৈতে এখন চুক্তি কৰাৰ পাছত, ৰজাই প্ৰতাপক অৱহেলা কৰিবলৈ লয়। শেষত এইবুলি কৈ সামৰা হ’ল;
তেওঁ মূলতঃ আফগানিস্তানৰ বেচৰকাৰী অৰ্থনৈতিক অভিযানত আছিল। তথাপি জন্মসূত্ৰে ভাৰতীয় হোৱাৰ বাবে তেওঁ আদৰ্শবাদী আমেৰিকানসকলক, সেই দেশত ব্ৰিটিছৰ বৰ্বৰতাক উদঙাই দিব বিচাৰিছিল। এই সন্ধিক্ষণত, যেতিয়া ভাৰতৰ মহান স্বাধীনতা আন্দোলন ক্ষীপ্ৰ গতিৰে বিকশিত হৈছে, তেতিয়া আধ্যাত্মবাদীসকলৰ লগতে ব্যৱসায়ীসকলৰ বাবেও এইটো জৰুৰী যে, তেওঁলোকে আমাৰ সমাজ জীৱনৰ এই নতুন ঘটনাটোক বিচক্ষণতাৰে অধ্যয়ন কৰে। .... তেওঁ এই দেশত (আমেৰিকা যুক্তৰাষ্ট্ৰ) বৰ্তমানৰ প্ৰবাসৰ সময়ছোৱাত এই দিশত কিছু ব্যৱহাৰিক ফলাফল লাভ কৰাৰ আশা কৰিছে। তেওঁ ৱাশ্বিংটন ডি চিত আফগানিস্তানৰ তথ্য ব্যুৰো আৰু ৱৰ্ল্ড ফেডাৰেচনৰ কাৰ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ মাথোঁ নিজৰ সৰ্বোত্তম বুজনেৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিছে আৰু ভাগ্যৰ কাম-কাজক প্ৰকৃতিৰ নিয়মৰ ওপৰত এৰি দিছে!
এইটো জানিবলৈ আগ্ৰহ হ’ব যে– এজন ছুইডিছে সিঙক কিয় মনোনীত কৰিলে? উত্তৰটো সেই নথি-পত্ৰত পোৱা যাব, যিবোৰ মনোনয়ন পত্ৰৰ সৈতে প্ৰেৰণ কৰা হৈছিল। অৰ্থাৎ সিঙে বিশ্ব ফেডাৰেচনৰ ধাৰণাটোক সমৰ্থন কৰিছিল, যাৰ বিষয়ে এন.এ. নিলছনে ১৯১০ চনত প্ৰচাৰ কৰিছিল।(International Federation – Speeches in – xviii Universal Congress of Peace)[9]
স্বাধীনতা সংগ্ৰাম
[সম্পাদনা কৰক]শহুৰেকৰ আপত্তি সত্বেও ১৯০৬ চনত কংগ্ৰেছৰ এখন সভাত ভাগ লবলৈ প্ৰতাপ কলিকতালৈ গৈছিল। তাত তেওঁ স্বদেশী আন্দোলনৰ সৈতে জড়িত কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিক লগ পাইছিল আৰু থলুৱা সামগ্ৰী আৰু স্থানীয় শিল্পীৰে সৈতে সৰু সৰু উদ্যোগক প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছিল।
১৯১৫ চনত, ছুইজাৰলেণ্ডত তেওঁৰ উপস্থিতিৰ কথা গম পাই নৱ প্ৰতিষ্ঠিত বাৰ্লিন কমিটিৰ বীৰেন্দ্ৰনাথ চট্টোপাধ্যায়ে জাৰ্মান বৈদেশিক মন্ত্ৰালয়ৰ Von Zimmermann ক প্ৰতাপক বাৰ্লিনলৈ নিমন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰিছিল। ইতিমধ্যে চট্টোপাধ্যায়ে পাৰ্চী বিপ্লৱী দাদা চন্দাজী কেৰহাস্পৰ নেতৃত্বত আফগানিস্তানলৈ প্ৰথমটো মিছন পঠিয়াইছিল। শ্যামজী কৃষ্ণবৰ্মা আৰু লালা হৰদয়ালৰ পৰা বীৰেন্দ্ৰনাথ চট্টোপাধ্যায়ৰ কামৰ বিষয়ে অৱগত হৈ প্ৰতাপে দ্বিতীয় কাইজাৰ উইলহেমক ব্যক্তিগতভাৱে লগ কৰিবলৈ জোৰ দিয়ে; প্ৰতাপক চাবলৈ কাইজাৰৰ ইচ্ছাৰ কথা জনাবলৈ বীৰেন্দ্ৰনাথ লৰালৰিকৈ জেনেভালৈ যায় আৰু দুয়ো একেলগে বাৰ্লিনলৈ যায়। লালা হৰদয়ালে তেওঁলোকক অনুসৰণ কৰে। অৰ্ডাৰ অৱ দ্য ৰেড ঈগলৰে সন্মান জনাই কাইজাৰে - যদিহে আফগান সীমান্তৰ মাজেৰে ভাৰত আক্ৰমণ কৰা হয়, তেন্তে ফুলকিয়ান ৰাষ্ট্ৰসমূহৰ (জিন্দ, পাটিয়ালা আৰু নভা) কৌশলগত অৱস্থান কি হ’ব(!) এই লৈ উদ্বেগ ব্যক্ত কৰে।
প্ৰতাপৰ ইচ্ছানুসৰি, সেনাৰ নীতি আৰু কাম-কাজৰ প্ৰত্যক্ষ জ্ঞান আহৰণৰ বাবে প্ৰতাপক পোলেণ্ড সীমান্তৰ সামৰিক শিবিৰলৈ লৈ যোৱা হৈছিল। ১৯১৫ চনৰ ১০ এপ্ৰিলত জাৰ্মান কূটনীতিবিদ ৱাৰ্নাৰ অট্টো ৱন হেণ্টিগ, মৌলৱী বৰকাতুল্লাহ আৰু আন কেইজনমান সদস্যৰ সৈতে প্ৰতাপে কাইজাৰৰ পৰা যথাযথ প্ৰমাণপত্ৰ লৈ বাৰ্লিন ত্যাগ কৰে।
অস্থায়ী ভাৰত চৰকাৰ
[সম্পাদনা কৰক]১৯১৫ চনৰ ১ ডিচেম্বৰত, আফগানিস্তানৰ কাবুলত]] মুক্ত হিন্দুস্তানৰ নিৰ্বাচিত চৰকাৰ[10] হিচাপে প্ৰতাপে নিজকে ৰাষ্ট্ৰপতি, মৌলৱী বৰকতুল্লাক প্ৰধানমন্ত্ৰী আৰু মৌলানা উবাইদুল্লা সিন্ধীক গৃহমন্ত্ৰী হিচাপে লৈ ভাৰতৰ প্ৰথমখন অস্থায়ী চৰকাৰ প্ৰতিষ্ঠা কৰি ব্ৰিটিছ বিৰুদ্ধে জেহাদ ঘোষণা কৰে।[11]
ভাৰতলৈ ওভতনি
[সম্পাদনা কৰক]- ১৯৫৭ চনৰ লোকসভা নিৰ্বাচন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Gupta, Sourabh (28 November 2014). "3 surprising facts about Jat King at the centre of AMU row". India Today. http://indiatoday.intoday.in/story/amu-raja-mahendra-pratap-singh-birthday-3-things-jat-king/1/404219.html.
- ↑ Singh, Vir (2005). Life and Times of Raja Mahendra Pratap. Low Price Publications (India). ISBN 9788188629329. Archived from the original on 24 February 2012. https://web.archive.org/web/20120224222505/http://www.lppindia.com/servlet/lppgetbiblio?bno=000411। আহৰণ কৰা হৈছে: 30 October 2015.
- ↑ "The Role and Contribution of Raja Mahendra Pratap in Indian Freedom Movement". Archived from the original on 1 December 2021. https://web.archive.org/web/20211201024048/http://shodh.inflibnet.ac.in:8080/jspui/bitstream/123456789/508/2/02_introudction.pdf। আহৰণ কৰা হৈছে: 30 October 2015.
- ↑ "Raja Mahendra Pratap". India Post. http://www.indianpost.com/viewstamp.php/Alpha/R/RAJA%20MAHENDRA%20PRATAP.
- ↑ G. Schwanitz, Wolfgang (2004-12-31). "The German Mission to Afghanistan 1915-1916". In L. Hughes, Thomas. Germany and the Middle East 1871-1945. Vervuert Verlagsgesellschaft. পৃষ্ঠা. 38. doi:10.31819/9783964565259-004. ISBN 978-3-96456-525-9. https://www.degruyter.com/document/doi/10.31819/9783964565259-004/pdf?licenseType=restricted.
- ↑ 6.0 6.1 Bhattacharya, Abinash Chandra (1962). Bahirbharate Bharater Muktiprayas (in Bengali), Kalikata:Firma K.L.Mukhopadhyaya, pp. 9–24
- ↑ "Explained: Battleground AMU; A Raja and his Legacy". The Indian Express. 29 November 2014. http://indianexpress.com/article/india/india-others/explained-battleground-amu-a-raja-and-his-legacy/। আহৰণ কৰা হৈছে: 30 October 2015.
- ↑ The Nomination Database for the Nobel Prize in Peace, 1901–1955. nobelprize.org
- ↑ Rajinder, Singh (2016) Inside Story of Nobel Peace Prize Award – Indian Contestants. Shaker, Aachen. pp. 21–30. আই.এচ.বি.এন. 978-3844043389
- ↑ "Looking back at the times". The Hindu. 28 January 2015. ISSN 0971-751X. http://www.thehindu.com/features/friday-review/history-and-culture/seminar-at-the-aligarh-muslim-university-highlighted-the-contribution-of-its-alumni-including-that-of-raja-mahendra-pratap-in-indias-freedom-struggle/article6830815.ece.
- ↑ Contributions of Raja Mahendra Prata by Hakim Syed Zillur Rahman, International Seminar on Raja Mahendra Pratap & Barkatullah Bhopali|Maulavi Barkatullah, Barkatulla University, Bhopal, 1–3 December 2005.