ৰঞ্জনী শেট্টাৰ
| ৰঞ্জনী শেট্টাৰ | |
|---|---|
বৃহৎ আকাৰৰ ভাস্কৰ্য্য স্থাপনাৰ বাবে পৰিচিত ভাৰতীয় শিল্পী ৰঞ্জনী শেট্টাৰ | |
| জন্ম | ১৯৭৭ (বয়স ৪৮–৪৯) বেংগালুৰু, ভাৰত |
| দেশ | ভাৰতীয় |
ৰঞ্জনী শেট্টাৰ (জন্ম ১৯৭৭) এগৰাকী ভাৰতীয় দৃষ্টিশিল্পী, যি বৃহৎ আকাৰৰ ভাস্কৰ্য স্থাপনা শিল্পৰ বাবে পৰিচিত।[1] তেওঁৰ শিল্পকৰ্মসমূহ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট, মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট (MoMA), আৰু চান ফ্ৰান্সিস্কো মিউজিয়াম অৱ মডাৰ্ণ আৰ্টত প্ৰদৰ্শিত হৈছে।[2][3][4] তেওঁৰ শিল্পকৰ্মসমূহ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট আৰু গুগেনহাইম মিউজিয়াম আৰু ফাউণ্ডেচনৰ স্থায়ী সংগ্ৰহত অন্তৰ্ভুক্ত।
ব্যক্তিগত জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰঞ্জনী শেট্টাৰৰ জন্ম ১৯৭৭ চনত কৰ্ণাটকৰ বেংগালুৰুত হৈছিল। তেওঁ চিত্ৰকলাপৰিষদ, কৰ্ণাটকৰ কলেজ অৱ ফাইন আৰ্টছৰপৰা ভাস্কৰ্য বিষয়ত বেচেলৰ অৱ ফাইন আৰ্টছ (১৯৯৮) আৰু মাষ্টাৰ অৱ ফাইন আৰ্টছ (২০০০) ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ কৰ্ণাটক, ভাৰতত বাস কৰি কৰ্মৰত আছে।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০০৪ চনত নিউয়ৰ্ক চহৰৰ টালৱাৰ গেলাৰীত অনুষ্ঠিত ইণ্ডিয়ান স্প্ৰিং শীৰ্ষক একক প্ৰদৰ্শনীৰ জৰিয়তে শেট্টাৰে তেওঁৰ প্ৰথম একক প্ৰদৰ্শনী আয়োজন কৰে।[6]
তেওঁৰ শিল্পকৰ্মসমূহৰ ওপৰত নেচনেল গেলেৰী অৱ ভিক্টোৰিয়া, মেলবৰ্ণৰ দৰে প্ৰতিষ্ঠানৰ লগতে টালৱাৰ গেলেৰী আৰু মেৰিয়ান গুডমেন গেলেৰীৰপৰা প্ৰকাশনা প্ৰকাশ পাইছে।[7]
তেওঁ হেব্বাৰ ফাউণ্ডেচন এৱাৰ্ড (১৯৯৯, ২০০৩), চাৰ্লছ ৱালেছ ট্ৰাষ্ট এৱাৰ্ড (২০০৪), সংস্কৃতি বঁটা (২০০৮) আৰু আদিত্য বিক্ৰম বিৰলা কলাকাৰণ পুৰস্কাৰ (২০১১) লাভ কৰিছে।[8]
২০২৩ চনত লণ্ডনৰ বাৰ্বিকান চেণ্টাৰত ক্লাউড ছংচ আন দ্য হ'ৰাইজ'ন শীৰ্ষক প্ৰদৰ্শনীৰ জৰিয়তে ইউৰোপত তেওঁৰ প্ৰথম বৃহৎ প্ৰতিষ্ঠানিক প্ৰদৰ্শনী অনুষ্ঠিত হয়।[9]
শিল্পকৰ্ম
[সম্পাদনা কৰক]শেট্টাৰৰ শিল্পকৰ্মত মৌমাখি, কাঠ, প্ৰাকৃতিক ৰং, উদ্ভিজ্জ পেষ্ট, লেকাৰ, ইস্পাত আৰু কাপোৰ আদি সামগ্ৰী ব্যৱহৃত হয়।[4] তেওঁৰ কৰ্মপদ্ধতিত ভাৰতীয় পৰম্পৰাগত শিল্পকলাৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হয়।
তেওঁৰ উল্লেখযোগ্য শিল্পকৰ্মসমূহৰ ভিতৰত ছেভেন পণ্ডচ এণ্ড এ ফিউ ৰেইন ড্ৰপচ (২০১৭), জাষ্ট এ বিট ম'ৰ (২০০৫–২০০৬), টাছ যি ন'ট (২০০৬–২০০৭) আদি অন্তৰ্ভুক্ত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ranjani Shettar: Earth Songs for a Night Sky". The Phillips Collection. 16 May 2019. https://www.phillipscollection.org/event/2019-05-15-ranjani-shettar-earth-songs-night-sky। আহৰণ কৰা হৈছে: 4 November 2021.
- ↑ "New Work: Ranjani Shettar · SFMOMA". sfmoma.org. https://www.sfmoma.org/exhibition/new-work-ranjani-shettar/। আহৰণ কৰা হৈছে: 2019-12-05.
- ↑ "Ranjani Shettar". The Museum of Modern Art. https://www.moma.org/artists/37577। আহৰণ কৰা হৈছে: 2019-12-05.
- ↑ 4.0 4.1 "Ranjani Shettar: Seven ponds and a few raindrops". The Metropolitan Museum of Art. https://www.metmuseum.org/exhibitions/listings/2018/ranjani-shettar। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ "Ranjani Shettar – Art in Embassies". U.S. Department of State. https://art.state.gov/personnel/ranjani_shettar/। আহৰণ কৰা হৈছে: 11 May 2025.
- ↑ tab-1:slideshow "RANJANI SHETTAR: The Indian Spring". Talwar Gallery. https://www.talwargallery.com/exhibitions/ranjani-shettar11#tab:slideshow; tab-1:slideshow। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ Baker, Alex; Shettar, Ranjani (2011). Ranjani Shettar: Dewdrops and Sunshine. National Gallery of Victoria. ISBN 978-0-7241-0349-2. https://books.google.com/books?id=-XVAuAAACAAJ.
- ↑ "Ranjani Shettar Biography". www.artnet.com. https://www.artnet.com/artists/ranjani-shettar/biography। আহৰণ কৰা হৈছে: 2025-05-11.
- ↑ "Press Room: Ranjani Shettar – Cloud Songs on the Horizon". Barbican Centre. https://www.barbican.org.uk/our-story/press-room/ranjani-shettar-cloud-songs-on-the-horizon। আহৰণ কৰা হৈছে: 2023-07-12.