ৰঞ্জিতা কৌৰ
| ৰঞ্জিতা কৌৰ | |
|---|---|
| জন্ম | ৰঞ্জিতা মিৰ্জা ২২ ছেপ্টেম্বৰ, ১৯৫৬ (৬৯ বছৰ) |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৬-বৰ্তমান |
| সন্তান | ১ |
ৰঞ্জিতা ৰবি কৌৰ (ইংৰাজী: Ranjeeta Robby Kaur; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৫৬)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী[2] আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ FTII) প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁ প্ৰায় ৪৭ খন ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে লাইলা মজনু (১৯৭৬), আঁখিয়ো কে ঝৰোখেঁ ছে (১৯৭৮) আৰু পতি পত্নী ঔৰ ৱহ (১৯৭৮)। তেওঁ তিনিবাৰকৈ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল, য’ত ওপৰত উল্লেখ কৰা দুখন ছবিও আছে।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]লাইলা মজনু (১৯৭৬) ছবিখনত ঋষি কাপুৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি কৌৰে তেওঁৰ চলচ্চিত্ৰী কেৰিয়াৰ আৰম্ভ কৰে।[4] পৰৱৰ্তী সময়ত তেওঁ পতি পত্নী ঔৰ ৱহ (সঞ্জীৱ কুমাৰৰ সৈতে) আৰু আঁখিয়ো কে ঝৰোখেঁ ছে (শচীনৰ সৈতে) আদি ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰে। মিথুন চক্ৰৱৰ্তীৰ সৈতে সুৰক্ষা, তাৰাণা, হমছে বঢ়কৰ কৌন, আদত ছে মজবুৰ, বাজী, ঘৰ এক মন্দিৰ (১৯৮৪) আদি ছবিত তেওঁ এক বিশিষ্ট যুতি গঠন কৰিছিল। সত্তে পে সত্তাত তেওঁ অমিতাভ বচ্চনৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। কৌৰে ৰাজশ্ৰীৰ বহু সফল ছবিত অভিনয় কৰি এই প্ৰডাকচন হাউচটোৰ সৈতে জড়িত আছিল । ঋষি কাপুৰ, শচীন, ৰাজ বব্বৰ, ৰাজ কিৰণ, দীপক পৰাশৰ, বিনোদ মেহৰা আৰু আমোল পালেকাৰৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল। চলচ্চিত্ৰ জগতৰ পৰা মেলানি মগাৰ পূৰ্বে তেওঁৰ শেষ ছবিখন আছিল ১৯৯০ চনত গুনাহোঁ কা দেৱতা। নব্বৈৰ দশকৰ মাজভাগত কেইখনমান টেলিভিছন ধাৰাবাহিকত অভিনয় কৰি তেওঁ অভিনয়ৰ পৰা বিৰতি লৈছিল। ১৫ বছৰৰ পাছত পুনৰ চিনেমালৈ ঘূৰি আহে অঞ্জানে: দ্য আনন’ন (২০০৫)ৰ যোগেদি। ২০০৮ চনত তেওঁ জিন্দগী তেৰে নাম ছবিত অভিনয় কৰে, যিয়ে তেওঁক মিথুন চক্ৰৱৰ্তীৰ সৈতে পুনৰ মিলিত কৰে। ছবিখনৰ পলমকৈ ২০১২ চনত মুক্তি পাইছিল। ২০১১ চনত তেওঁ শচীনৰ সৈতে আঁখিয়ো কে ঝৰোখেঁ ছেৰ ছিকুৱেল জানা পেহচানাত পুনৰ মিলিত হয়।[5] ২০২৪ চনৰ হিচাপত আজিলৈকে এইখনেই তেওঁৰ শেষ ছবি।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "कभी इस एक्ट्रेस के घर के बाहर लगती थी मेकर्स की लाइन, एक छोटी सी गलती ने बर्बाद कर दिया करियर" (hi ভাষাত). Amar Ujala. 22 September 2019. https://www.amarujala.com/photo-gallery/entertainment/bollywood/ranjeeta-kaur-birthday-special-and-her-bollywood-career-life-unfacts.
- ↑ "Entertainment News: Latest Hollywood & Bollywood News, Movies Releases & Reviews". The Indian Express. https://indianexpress.com/section/entertainment/। আহৰণ কৰা হৈছে: 15 December 2019.
- ↑ Farook, Farhana (3 March 2018). "Memories of another day" (en ভাষাত). Filmfare. https://www.filmfare.com/features/memories-of-another-day-26889-1.html.
- ↑ Lalwani, Vivek (13 September 2020). "Exclusive! Ranjeeta Kaur on Bollywood: Too much toxicity in the film industry now" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/exclusive-ranjeeta-kaur-on-bollywood-too-much-toxicity-in-the-film-industry-now/articleshow/78086654.cms.
- ↑ Malani, Gaurav (15 September 2011). "Jaana Pehchana: Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Jaana-Pehchana-Movie-Review/articleshow/9992902.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰঞ্জিতা কৌৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।