ৰঞ্জিতা কোলী
অৱয়ব
ৰঞ্জিতা কোলী (ইংৰাজী: Ranjeeta Koli; জন্ম: ৯ মে' ১৯৭৯) এগৰাকী ভাৰতীয় কৃষিবিদ আৰু ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজস্থানৰ ভাৰতপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।[1] তেওঁ ৭,০৭,৯৯২ টা ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰে যি আছিল মুঠ ভোটৰ প্ৰায় ৬১.৭৪%। তেওঁ ৰাজনীতিত নতুন যদিও তেওঁ ৰাজনৈতিক পৰিয়ালৰ। তেওঁৰ শহুৰেক গংগাৰাম কোলী ১৯৯১ চনৰ পৰা ১৯৯৮ চনলৈকে বায়ানা লোকসভা সমষ্টিৰ পৰা তিনিবাৰ সাংসদ আছিল।[2][3][4]
ৰঞ্জিতা হোমচান্দজী কোলী | |
---|---|
![]() | |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ২৩ মে ২০১৯ – ৪ জুন ২০২৪ | |
পূৰ্বসূৰী | বাহাদুৰ সিং কোলী |
উত্তৰসূৰী | সঞ্জনা যাতৱ |
সমষ্টি | ভৰতপুৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ৰঞ্জিতা ২৫ ছেপ্টেম্বৰ, ১৯৭৯ (৪৫ বছৰ) জয়পুৰ, ৰাজস্থান |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | শ্ৰী হোমচান্দজী গংগাৰামজী কোলী |
সন্তান | ৩ |
শিক্ষা | ৰাজকীয় বালিকা বিদ্যালয়, ৱেইৰ, ভৰতপুৰ, ৰাজস্থান |
পেচা | কৃষিবিদ, ৰাজনীতিক |
ৰঞ্জিতা কোলীয়ে ৰাজস্থানৰে ৰাজকীয় বালিকা বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে৷ তেওঁৰ স্বামী হোমচান্দজী গংগাৰামজী কোলী৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bharatpur Lok Sabha Election Result 2019: BJP's Ranjeeta Koli victorious against Congress' Abhijeet Jatav". Daily News and Analysis. 23 May 2019. https://www.dnaindia.com/india/report-bharatpur-lok-sabha-election-result-2019-bjp-s-ranjeeta-koli-victorious-against-congress-abhijeet-jatav-2751664। আহৰণ কৰা হৈছে: 24 May 2019.
- ↑ Tiwari, Rituraj (1 May 2019). "Bharatpur: A battle of Dalits in the Jat belt of Rajasthan". Rituraj Tiwari (The Economic Times). https://economictimes.indiatimes.com/news/elections/lok-sabha/india/a-battle-of-dalits-in-the-jat-belt-of-rajasthan/articleshow/69123605.cms। আহৰণ কৰা হৈছে: 18 March 2020.
- ↑ "पहले तीन बार ससुर, अब बहू बनी सांसद". Patrika. 24 May 2019. https://www.patrika.com/bharatpur-news/first-three-time-father-in-law-now-a-daughter-in-law-mp-4613101/। আহৰণ কৰা হৈছে: 18 March 2020.
- ↑ "जानलेवा हमले की निंदा: सांसद रंजीता कोली पर किए जानलेवा हमला की कोली समाज ने निंदा की" (hi ভাষাত). Dainik Bhaskar. 2021-11-14. https://www.bhaskar.com/local/rajasthan/jaipur/karauli/news/koli-society-condemned-the-deadly-attack-on-mp-ranjita-koli-129114272.html। আহৰণ কৰা হৈছে: 2022-02-06.