ৰঞ্জিত বৰপূজাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঞ্জিত বৰপূজাৰী

ৰঞ্জিত বৰপূজাৰী
জন্ম ১৯৪২
শিৱসাগৰ
মৃত্যু ৪ জুলাই ১৯৬০
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চৰকাৰী ভাষা আন্দোলনৰ শ্বহীদ

ৰঞ্জিত বৰপূজাৰী হ'ল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ।[1] ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত কটন কলেজৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল। ১৯৬০ চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা দাৱীত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। কটন কলেজও তাৰ ব্যতিক্ৰম নাছিল। আন্দোলনত অংশগ্ৰহণ কৰা একাংশ ছাত্ৰ দ’লক নিয়ন্ত্ৰণ কৰিবলৈ পুলিছে গুলি চালনা কৰা এক ঘটনাত ছাত্ৰবাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদ হৈছিল।

অসমৰ শিৱসাগৰ জিলাত ৰঞ্জিৎ বৰপূজাৰীৰ জন্ম হৈছিল। পিতৃ হেমকান্ত বৰপূজাৰীয়ে শিৱসাগৰ কাছাৰীত ওকালতি কৰিছিল । পূজাৰীৰ মাকৰ নাম আছিল তিলোত্তমা। বৰপূজাৰীয়ে শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজৰ বিজ্ঞান শাখাত নাম লিখাইছিল।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]