ৰণকাদেৱী
ৰণকাদেৱী দ্বাদশ শতিকাৰ পশ্চিম ভাৰতৰ সৌৰাষ্ট্ৰ অঞ্চলৰ চোডাসমা শাসক খেংগাৰাৰ এগৰাকী কিংবদন্তিমূলক ৰাণী। চোডাসমা ৰজা খেংগাৰা আৰু চৌলুক্য ৰজা জয়সিংহ সিদ্ধৰাজৰ যুদ্ধক প্ৰতিনিধিত্ব কৰা সাহিত্যত তেওঁৰ উল্লেখ আছে।[1] কিন্তু এই কিংবদন্তি বিশ্বাসযোগ্য নহয়।[2]
ৰণকাদেৱীৰ কিংবদন্তি
[সম্পাদনা কৰক]ৰণকাদেৱী আছিল চোডাসমা ৰাজধানী জুনাগড়ৰ সমীপৰ মাজেৱদী গাঁৱৰ এগৰাকী মৃৎশিল্পীৰ কন্যা। তেওঁৰ সৌন্দৰ্য্যৰ খ্যাতি জয়সিংহৰ ওচৰ পালেগৈ, তেওঁ ৰণকাদেৱীক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। খেংগাৰাৰ সৈতে ৰণকাদেৱীৰ বিবাহৰ খবৰে জয়সিংহক ক্ষুব্ধ কৰি তুলিছিল।[1][3] কিংবদন্তিৰ অন্য এটা সংস্কৰণৰ মতে ৰণকাদেৱীৰ জন্ম কুচৰ ৰজাৰ ঘৰত হৈছিল যদিও জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিছিল যে যিজনে ৰণকাদেৱীক বিয়া কৰাব তেওঁ নিজৰ ৰাজ্য হেৰুৱাই আদবয়সতে মৃত্যুবৰণ কৰিব। সেয়ে ৰজাই শিশু ৰণকাদেৱীক পৰিত্যাগ কৰে৷ পৰিত্যক্ত শিশুটিক হাদমত বা জাম ৰাৱাল নামৰ এজন মৃৎশিল্পীয়ে নিজৰ কন্যা হিচাপে ডাঙৰ-দীঘল কৰিছিল।[4] ইফালে খেংগাৰে মালৱালৈ অভিযান চলাওঁতে জয়সিংহৰ ৰাজধানী অনাহিলাপাটক (বৰ্তমান পতন) আক্ৰমণ কৰি প্ৰৱেশদ্বাৰ ভাঙি পেলাইছিল৷ ফলত জয়সিংহ আৰু অধিক ক্ষুব্ধ হৈ উঠিছিল।[5][4]
খেংগাৰা পূৰ্বতে নিজে জুনাগড়ৰ উপাৰকোট দুৰ্গত থাকিছিল আৰু জুনাগড়ৰ সমীপৰ গিৰ্নাৰৰ পাহাৰীয়া দুৰ্গত থকা ৰাজপ্ৰসাদত ৰাণী ৰণকাদেৱীক ৰাখিছিল। তেওঁৰ ভতিজা বিশাল আৰু দেশালে তাত প্ৰহৰীৰ কাম কৰিছিল আৰু কেৱল তেওঁলোককহে তাত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। খেংগাৰা ৰণকাদেৱী দৰ্শন কৰিবলৈ উপাৰকোটৰ পৰা গিৰ্নাৰ দুৰ্গলৈ গৈছিল। এদিন তেওঁ দেশালক তাত মদ্যপান কৰি থকা অৱস্থাত পাইছিল আৰু সকলো প্ৰতিবাদৰ পিছতো তেওঁৰ বিৰুদ্ধে ৰণকাদেৱীৰ সৈতে অনুচিত ঘনিষ্ঠতাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত তেওঁ দেশাল আৰু বিশাল দুয়োকে জুনাগড়ৰ পৰা বহিষ্কাৰ কৰিছিল।[5][4]
তেতিয়া তেওঁলোকে জয়সিংহৰ ওচৰলৈ গৈ জুনাগড়ত আক্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকে কেইখনমান শস্য কঢ়িওৱা গৰুগাড়ী লৈ উপাৰকোটত প্ৰৱেশ কৰি ৰখীয়াক হত্যা কৰি ৰাজপ্ৰসাদত আক্ৰমণ কৰিলে। খেংগাৰা ওলাই আহি যুদ্ধ কৰি যুদ্ধত মৃত্যুবৰণ কৰিলে আৰু তেওঁলোকে উপাৰকোট দখল কৰিলে। ইয়াৰ পিছত দেশাল আৰু বিশালে জয়সিংহক গিৰ্নাৰ দুৰ্গলৈ লৈ গ’ল আৰু ৰাণী ৰণকাদেৱীক দুৱাৰ খুলিবলৈ ক’লে। যুদ্ধৰ কথা নাজানি ৰণকাদেৱীয়ে যেতিয়া দুৱাৰ খুলিলে তেতিয়া জয়সিংহ সোমাই আহিল আৰু ৰণকাদেৱীৰ পুত্ৰ দুজনক হত্যা কৰিবলৈ আদেশ দিলে। জয়সিংহই ৰণকাদেৱীক লগত লৈ অনাহিলাপটকৰ ফালে উভতি গ'ল।[5][4]
যাত্ৰাপথত ভোগাভো নদীৰ পাৰৰ বৰ্ধমানপুৰত ৰণকাদেৱীৰ সম্ভ্ৰান্ত ধাৰণত মুগ্ধ হৈ ৰণকাদেৱীক প্ৰথম ৰাণী হোৱাৰ প্ৰস্তাৱ দিলে, কিন্তু ৰণকাদেৱীয়ে তেওঁক ক’লে যে যিহেতু তেওঁ ৰণকাদেৱীৰ নিৰীহ পুত্ৰ আৰু স্বামীক হত্যা কৰিলে সেয়ে তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰে। তাৰ পিছত তেওঁ জয়সিংহক গালি পাৰি সকীয়াই দিলে যে তেওঁ নিঃসন্তান অৱস্থাতে মৰিব লাগে। তাৰ পাছত, স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইত নিজকে সমৰ্পন কৰি সতী হিচাপে আত্মবলিদান দিলে। পৰবৰ্তী সময়ত ৰণকাদেৱীৰ অভিশাপ পূৰণ হ’ল আৰু কোনো সন্তান নোহোৱাকৈয়ে জয়সিংহই মৃত্যুবৰণ কৰিলে।[5][4][6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Parikh, Rasiklal C. (1938). "Introduction". Kavyanushasana by Acharya Hemachandra. II Part I. প্ৰকাশক Bombay: Shri Mahavira Jaina Vidyalaya. পৃষ্ঠা. CLXXVIII-CLXXXIII. https://archive.org/details/in.ernet.dli.2015.3740.
- ↑ Majumdar 1956, পৃষ্ঠা. 69.
- ↑ Campbell, James Macnabb (1896). Gazetteer Of The Bombay Presidency: History of Gujarat. I. Part I. প্ৰকাশক Bombay: The Government Central Press. পৃষ্ঠা. 175–177. https://archive.org/details/in.ernet.dli.2015.280094.
- ↑ 4.0 4.1 4.2 4.3 4.4 Alaka Shankar (2007). "Ranak Devi". Folk Tales Of Gujarat. Children's Book Trust. পৃষ্ঠা. 43–49. ISBN 978-81-89750-30-5. https://books.google.com/books?id=p7WSGDNrtt4C&pg=PA48.
- ↑ 5.0 5.1 5.2 5.3 Watson, James W., ed (1884). Gazetteer of the Bombay Presidency : Kathiawar. VIII. প্ৰকাশক Bombay: Government Central Press. পৃষ্ঠা. 493–494. https://books.google.com/books?id=c70MAAAAIAAJ&pg=PA711.
এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
- ↑ Poonam Dalal Dahiya (15 September 2017). ANCIENT AND MEDIEVAL INDIA EBOOK. MGH. পৃষ্ঠা. 540. ISBN 978-93-5260-673-3. https://books.google.com/books?id=tbU6DwAAQBAJ&pg=PT540.