ৰণবীৰ শ্ব’ৰে
| ৰণবীৰ শ্ব’ৰে | |
|---|---|
২০১৫ চনত ৰণবীৰ | |
| জন্ম | ১৮ আগষ্ট, ১৯৭২ (৫৩ বছৰ) জলন্ধৰ, পঞ্জাব, ভাৰত |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৯৮–বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | কংকনা সেন শৰ্মা (বি. ২০১০; বিবাহ বিচ্ছেদ ২০২০) |
| সন্তান | ১ |
ৰণবীৰ শ্ব'ৰে (ইংৰাজী: Ranvir Shorey; জন্ম: ১৮ আগষ্ট ১৯৭২) এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰাক্তন ভিডিঅ' জকী। এক ছ’টিছি লাভ ষ্ট’ৰী (২০০২) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা তেওঁ মূলসুঁতিৰ আৰু স্বতন্ত্ৰ চিনেমা দুয়োটা ক্ষেত্ৰতে কাম কৰি আহিছে। তেওঁৰ ব্যৱসায়িকভাৱে সফল ছবিসমূহৰ ভিতৰত জিছম (২০০৩), লক্ষ্য (২০০৪), হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড (২০০৭), সিং ইজ কিং (২০০৮), এক থা টাইগাৰ (২০১২), আংগ্ৰেজি মিডিয়াম (২০২০), আৰু টাইগাৰ ৩ (২০২৩)। ইয়াৰ উপৰিও তেওঁ খোছলা কা ঘোছলা (২০০৬), ট্ৰেফিক চিগনেল আৰু ভেজা ফ্ৰাই (দুয়োখনেই ২০০৭), মিথ্যা (২০০৮), টিটলি (২০১৪), আৰু এ ডেথ ইন দ্য গুঞ্জ (২০১৬) আদি ছবিত অভিনয় কৰিছে।[1][2] তেওঁ সোণচিৰিয়া (২০১৯)ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।[3]
ইয়াৰ পিছত তেওঁ ঝলক দিখলা জা ৭ (২০১৫) আৰু চলো কই বাত নাহি (২০২১) আতিথ্য প্ৰদান কৰে। ইয়াৰ উপৰিও বিভিন্ন ডিজিটেল ধাৰাবাহিক যেনে-ৰংবাজ (২০১৮), ছেক্ৰেড গেমছ (২০১৮-১৯), হাই আৰু হাছমুখ (দুয়োখনেই ২০২০), মেট্ৰ’ পাৰ্ক আৰু টাব্বাৰ (দুয়োখনেই ২০২১), আৰু ছানফ্লাৱাৰ (২০২১-২৪) আদিত অভিনয় কৰিছিল। ২০২৪ চনত তেওঁ ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি ৩ত অংশগ্ৰহণ কৰে আৰু দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে অভিযানৰ অন্ত পেলায়।[4][5]
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৭২ চনৰ ১৮ আগষ্টত পঞ্জাৱৰ জলন্ধৰত বলিউডৰ প্ৰযোজক কৃষণ দেৱ শ্ব'ৰে[6]ৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ লোকেশ শ্বোৰে নামৰ এজন ভাতৃ আছে।[7] ৰণবীৰ শ্বোৰেই প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা জলন্ধৰৰ দয়ানন্দ মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কৰিছিল। শ্বোৰে অভিনেতা তথা পৰিচালক ৰজত কাপুৰ আৰু অভিনেতা বিনয় পাঠকৰ ঘনিষ্ঠ বন্ধু।

ৰণবীৰ শ্বোৰেই পূজা ভাটৰ লগত ৰোমাণ্টিক সম্পৰ্ক স্থাপন কৰিছিল। ২০১০ চনৰ ৩ ছেপ্টেম্বৰত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা অভিনেত্ৰী কংকনা সেন শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[8] ২০০৮ চনত তেওঁলোকৰ গোৰেগাঁও বাসগৃহত এক অন্তৰংগ অনুষ্ঠানত বাগ্দান হৈছিল ৷ ২০১১ চনৰ ১৫ মাৰ্চত দক্ষিণ মুম্বাইৰ এখন চিকিৎসালয়ত এই দম্পতীৰ পুত্ৰ হাৰুণ শ্ব'ৰীৰ জন্ম হয়।[9] পিছত বিবাহৰ পাঁচ বছৰৰ অন্তত দম্পতীৰ মাজত বিচ্ছেদ ঘটে। তেওঁলোকে এতিয়াও বন্ধু হৈ আছে আৰু পুত্ৰৰ তত্ত্বাৱধানৰ অংশীদাৰ হৈ আছে।[10][11]
কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁ নিজৰ বন্ধু তথা সহ-অভিনেতা বিনয় পাঠকৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ষ্টাৰ ৱানত সম্প্ৰচাৰিত সফল টক শ্ব’ ৰণবীৰ বিনয় ঔৰ কৌন? আৰু দ্য গ্ৰেট ইণ্ডিয়ান কমেডী শ্ব’ৰ আঁত ধৰোঁতা আছিল।[12]
২০০২ চনত মণিষা কৈৰালাৰ বিপৰীতে এক চুটিচি লাভ ষ্ট’ৰী ছবিৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে। তেওঁৰ পৰৱৰ্তী ছবি জিম (২০০৩) হিট হৈছিল যদিও তাত তেওঁৰ ভূমিকা আছিল তেনেই সামান্য। ২০০৬ চনৰ কমেডী ছবি খোচলা কা ঘোচলাতহে তেওঁ প্ৰথমবাৰৰ বাবে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ছবিখনে যথেষ্ট প্ৰশংসা লাভ কৰাৰ লগতে তেওঁৰ হাস্যমধুৰ ভূমিকাকো শলাগ লোৱা হয়। তেওঁ প্যাৰ কে ছাইড ইফেক্টছত ৰাহুল বসুৰ বন্ধু নানুৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৭ চনত তেওঁ বহু তাৰকাযুক্ত ছবি হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেডত অভিনয় কৰে যিখন মধ্যমীয়াভাৱে সফল হৈছিল। ইয়াৰ পিছত তেওঁ যশ ৰাজ ফিল্মছৰ নিৰ্মাণত ২০০৭ চনৰ নৱেম্বৰত মুক্তি পোৱা আজা নাচলেত অভিনয় কৰে। ২০০৮ চনৰ ফেব্ৰুৱাৰীত মুক্তি পোৱা মিথ্যাত ৰণবীৰ শ্ব’ৰেয়ে মুখ্য অভিনেতা হিচাপে কাম কৰে আৰু ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে। ২০০৮ চনত ৰণবীৰক আগলী ঔৰ পাগলী আৰু বক্স অফিচত হিট হোৱা সিং ইজ কিংৰ দৰে ছবিত দেখা গৈছিল।[13]
২০১৪ চনত কালৰ্ছ টিভিত সম্প্ৰচাৰিত ঝলক দিখলা যা ছিজন ৭ৰ তেওঁ আঁত ধৰিছিল।[14]
২০১৮ চনত তেওঁ স্বৰা ভাস্কৰৰ সৈতে শ্বেম নামৰ এখন চুটি ছবিত অভিনয় কৰিছিল।[15] তেওঁ ২০১৯ চনৰ ছবি সোণচিৰিয়াত সুশান্ত সিং ৰাজপুত, আশুতোষ ৰাণা আৰু মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিছিল।[16]
ৰণবীৰ শ্ব’ৰে অভিনীত কডাক নামৰ ডাৰ্ক কমেডীখনেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।[17]
শ্ব’ৰে জনপ্ৰিয় ৰিয়েলিটি টিভি শ্ব’ বিগবছ অ’টিটি ছিজন ৩ৰ এজন প্ৰতিযোগী আছিল। জিঅ’ চিনেমা প্ৰিমিয়ামত সম্প্ৰচাৰিত এই অনুষ্ঠানটোত তেওঁ ২০২৪ চনৰ ২১ জুনত প্ৰৱেশ কৰিছিল।[18]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | নাম | চৰিত্ৰ | টোকা
|
|---|---|---|---|
| ১৯৯৯ | সামনে যে কৌন | চুটি ছবি | |
| ২০০২ | এক চুটিচি লাভ ষ্ট’ৰী | মনীষাৰ প্ৰেমিক | |
| ২০০৩ | জিম | বিশাল | |
| ফ্ৰিকি চক্ৰ | লেখক | ইংৰাজী চলচ্চিত্ৰ | |
| ৱেইছা ভী হোতা হ্যায় পাৰ্ট II | ৰণবীৰ শ্ব’ৰী | ||
| ২০০৪ | লক্ষ্য | তৰচেম সিং | |
| ২০০৫ | হম দম | এন্থনী | |
| দ্য ফিল্ম | পৰিচালক কৌশিক | ||
| ২০০৬ | শিৱা | দক্ষ | |
| মিক্সড ডাবলছ | Sunil Arora | ||
| য়ু হোতা তো ক্যা হোতা | স্পৰ্টছ বাৰ মেনেজাৰ | ||
| প্যাৰ কে ছাইড ইফেক্টছ | নানু | ||
| খোচলা কা ঘোচলা | বাণ্টি খোচলা | ||
| ২০০৭ | ট্ৰেফিক ছিগনেল | ডমিনিক ডি’ছুজা | |
| হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড | হিতেশ | ||
| ভেজা ফ্ৰাই | আচিফ মাৰ্চেণ্ট | ||
| নো স্মোকিং | আব্বাছ টায়াৰৱালা | ||
| আজা নাচলে | মোহন শৰ্মা | ||
| ২০০৮ | মিথ্যা | ভিকে | |
| চিৰ্ফ | আকাশ | ||
| আগলী ঔৰ পাগলী | কবীৰ | ||
| গুড লাক | এ জিগলো | ||
| সিং ইজ কিং | পুনীত সাবৰৱাল | ||
| ৮ | আৰিফ | খণ্ড: "How can it be?" | |
| দশবিদনিয়া | জগতাপ | ||
| ফেশ্বন | নিজে | কেমিঅ' | |
| ২০০৯ | চান্দনী চক টু চাইনা | চপ ষ্টিক | |
| কুইক গান মুৰুগান | চনচনী ৰিপ'ৰ্টাৰ | কেমিঅ' | |
| থ্যাংকছ মা | এম. চি. মটৱানী | ||
| ডু নট ডিষ্টাৰ্ব | এজন ডিটেক্টিভ | ||
| ৰাত গয়ী, বাত গয়ী? | গাগছ সিং | ||
| ২০১০ | আপ কে লিয়ে হম | ||
| দ্য ফিল্ম ইম’শ্যনেল অত্যাচাৰ | লেছলি | ||
| আই এম ২৪ | গগনদীপ সিং | ||
| ইতি মৃণালিনী | মহিন্দৰ | ||
| ২০১২ | লাইফ কী তো লগ গয়ী | অমল গাংগুলী | |
| ফ্যাটছ’! | সুদীপ | ||
| এক থা টাইগাৰ | গোপী আৰ্য | ||
| হিৰোইন | তপনদা | ||
| মিডনাইটছ চিলড্ৰেন | লৰেল | কানাডিয়ান-ব্ৰিটিছ চলচ্চিত্ৰ | |
| ২০১৩ | বম্বে টকীজ | ভিকীৰ দেউতাক | |
| বাজাতে ৰহো | বাল্লু | ||
| আঁখো দেখি | পৰ্যটক ফটোগ্ৰাফাৰ | কেমিঅ' | |
| ২০১৪ | হেপ্পী এণ্ডিং | মণ্টু | |
| ২০১৫ | গৌৰ হৰি দাস্তান | ৰাজীৱ সিংঘল | |
| তিতলি | বিক্ৰম | ||
| ২০১৬ | মোহ মায়া মানি | অমন | |
| ২০১৭ | ব্লু মাউণ্টেইনছ | ঔম মেহৰা | |
| এ ডেথ ইন দ্য গঞ্জ | বিক্ৰম | ||
| গলি গুলিয়াঁ | গণেশী | ||
| কডৱী হাৱা | বেংকাৰ | ||
| ২০১৮ | হালকা | ৰমেশ | |
| মান্টো | ঈশ্বৰ সিং | ||
| ২০১৯ | সোণচিৰিয়া | ৱকীল সিং | |
| টেনীছ বাডিজ | মিষ্টাৰ সিং | ||
| শ্বেম | সুমেৰ শেঠ | চুটি ছবি | |
| ২০২০ | ইংৰাজী মিডিয়াম | বাবলু | |
| কডাক | সুনীল | ||
| লুটকেছ | ইনস্পেক্টৰ কোলটে | ||
| ২০২১ | ৪২০ আই পি চি | চাভাক জামশেদজী | |
| মাৰ্ডাৰ এট তিশ্ৰী মঞ্জিল ৩০২ | অভিষেক দেৱান | ||
| ২০২২ | RK/RKay | ৰণবীৰ | |
| ২০২৩ | মুম্বাইকাৰ | প্ৰবল কান্ত পাটিল | |
| টাইগাৰ ৩ | গোপী আৰ্য | ||
| এভ্ৰিবডি লাভছ সোহৰাব হাণ্ডা | মাধৱন | ||
| ২০২৪ | অ্যাকচিডেন্ট অৰ কন্সপিৰেচি: গোধৰা | মহমুদ কুৰেশী | |
| দ্য চিগনেচাৰ | |||
| ২০২৫ | জছী ৱেডছ জছী | চেহগল | |
| চেম্পিয়ন | হাছিম | তেলেগু চলচ্চিত্ৰ |
টেলিভিছন
[সম্পাদনা কৰক]| বছৰ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৯৮ | অয়ে | আঁত ধৰোঁতা | ইংৰাজী ভাষাৰ অনুষ্ঠান |
| হাউচ এৰেষ্ট | |||
| ১৯৯৯ | ছাবা | ||
| ২০০০ | চ্যাট ৰুম | ||
| ২০০৪–২০০৭ | দ্য গ্ৰেট ইণ্ডিয়ান কমেডী শ্ব’ | বিভিন্ন চৰিত্ৰ | |
| ২০০৭ | ৰণবীৰ বিনয় ঔৰ কৌন? | আঁত ধৰোঁতা | |
| ২০১০ | কাম কা প্লট | দশৰথ শ্ৰীবাস্তৱ | টেলিভিছন চলচ্চিত্ৰ |
| ২০১২ | সাৱধান ইণ্ডিয়া | আঁত ধৰোঁতা | |
| ২০১৪ | ফিয়েৰ ফেক্টৰ: খতৰোঁ কে খিলাড়ী ৫ | প্ৰতিযোগী | ৰিয়েলিটি শ্ব’ |
| ঝলক দিখলা যা ৭ | আঁত ধৰোঁতা | ||
| ২০১৮ | ৰংবাজ | সিদ্ধাৰ্থ পাণ্ডে | |
| ২০১৯ | ছেক্ৰেড গেমছ | শ্বাহিদ খান | |
| ২০১৯–২০২১ | মেট্ৰ’ পাৰ্ক | কল্পেশ পেটেল | |
| ২০১৯ | বোম্বাৰ্ছ | দেবু | |
| দ্য অফিচ | প্ৰেম চোপ্ৰা | ||
| ফ্লিপ | ৰঘু | খণ্ড: "Bully" | |
| ২০২০ | হাই | জেকচন লাকড়া | |
| হচমুখ | জিম্মী দ্য মেকাৰ | ||
| পৰিৱাৰ | শিশু পাল নাৰায়ণ | ||
| এ ছুইটেবল বয় (A Suitable Boy) | ৱাৰিছ | ||
| মেট্ৰ’ পাৰ্ক: কুৱাৰেন্টাইন এডিচন | কল্পেশ পেটেল | ||
| ২০২১–২০২৪ | ছানফ্লাৱাৰ | ইনস্পেক্টৰ এছ. দিগেন্দ্ৰ | ZEE5 ধাৰাবাহিক |
| ২০২১ | টব্বৰ | অজিত সোধিত | |
| চলো কোই বাত নহীঁ | আঁত ধৰোঁতা | ||
| ২০২৪ | বিগবছ অ’টিটি ৩ | প্ৰতিযোগী | ৰিয়েলিটি শ্ব’ |
| শেখৰ হোম | জয়ব্ৰত চাহনী | ||
| ২০২৫ | কানেডা | ৰঞ্জিত বাজৱা | |
| বিন্দিয়া কে বাহুবলী | ছোটা দাউদ |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | শিতান | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৬ | আইবিএন লাইভ মুভি বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেতা | টিটলি | মনোনীত | [19] |
| ২০১৯ | এফঅ'আই অনলাইন বঁটা | সোনচাৰিয়া | বিজয়ী | [20] | |
| আইৰিল বঁটা | শ্ৰেষ্ঠ অভিনেতা(কমেডী) | মেট্ৰো পাৰ্ক | মনোনীত | [21] | |
| গোল্ড বঁটা | কমেডি চৰিত্ৰ শ্ৰেষ্ঠ পুৰুষ অভিনয় | মেট্ৰো পাৰ্ক | বিজয়ী | [22] | |
| ২০২০ | ফিল্মফেয়াৰ | শ্ৰেষ্ঠ সহযোগী অভিনেতা | সোনচাৰিয়া | মনোনীত | [3] |
| ২০২১ | এছিয়ান টেলিভিছন বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেতা | সোনচাৰিয়া | বিজয়ী | [23] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ranvir Shorey in web series Rangbaaz along with Saqib Saleem" (en ভাষাত). mid-day. 2018-10-23. Archived from the original on 2018-11-09. https://web.archive.org/web/20181109153327/https://www.mid-day.com/articles/ranvir-shorey-in-web-series-rangbaaz-along-with-saqib-saleem/19914160.
- ↑ "I Have Time But No Work: Actor Ranvir Shorey". News18. https://www.news18.com/news/movies/i-have-time-but-no-work-actor-ranvir-shorey-1865045.html.
- 1 2 "Technical Nominations for the 65th Amazon Filmfare Awards 2020". Filmfare. 31 January 2020. https://www.filmfare.com/news/bollywood/technical-nominations-for-the-65th-filmfare-awards-2020_-38868.html.
- ↑ "Bigg Boss OTT 3: Ranvir Shorey Predicts Chandrika Dixit AKA Vada Pav Girl's Eviction - Watch" (en ভাষাত). Times Now. 2024-07-14. https://www.timesnownews.com/entertainment-news/tv/bigg-boss-ott-3-ranvir-shorey-predicts-chandrika-dixit-aka-vada-pav-girl-eviction-article-111731571। আহৰণ কৰা হৈছে: 2024-07-15.
- ↑ "Bigg Boss OTT 3 Grand Finale: Ranvir Shorey becomes the second runner-up, says 'yahan tak aaya wohi badi baat hai'". The Times of India. 2024-08-02. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/bigg-boss-ott-3-grand-finale-ranvir-shorey-becomes-the-second-runner-up-says-yahan-tak-aaya-wohi-badi-baat-hai/articleshow/112231670.cms.
- ↑ "Ranvir Shorey's father filmmaker KD Shorey dies at 92" (en ভাষাত). Hindustan Times. 2022-09-17. https://www.hindustantimes.com/entertainment/bollywood/ranvir-shorey-s-father-filmmaker-kd-shorey-dies-actor-says-lost-my-greatest-source-of-inspiration-101663398825449.html। আহৰণ কৰা হৈছে: 2024-07-16.
- ↑ "Ranvir Shorey". BookMyShow. https://in.bookmyshow.com/person/ranvir-shorey/1836। আহৰণ কৰা হৈছে: 16 July 2014.
- ↑ "Ranvir Shorey marry Konkona Sen". WorldSnap. http://www.worldsnap.com/news/entertainment/bollywood/ranvir-shorey-konkona-sen-tie-the-knot-91200.html। আহৰণ কৰা হৈছে: 4 September 2010.
- ↑ "Konkona-Ranvir blessed with baby boy". Times Of India. 16 March 2011. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Konkona-Ranvir-blessed-with-baby-boy/articleshow/7709064.cms.
- ↑ "Konkona Sen Sharma, Ranvir Shorey announce separation". 14 September 2015. https://indianexpress.com/article/entertainment/bollywood/konkona-sen-sharma-ranvir-shorey-announce-separation/। আহৰণ কৰা হৈছে: 18 February 2020.
- ↑ "I hold myself responsible for my separation from Konkona, says Ranvir Shorey". 29 September 2015. https://indianexpress.com/article/entertainment/bollywood/i-hold-myself-responsible-for-my-separation-from-konkona-ranvir-shorey/#sthash.EYKQnZJ6.dpuf। আহৰণ কৰা হৈছে: 18 February 2020.
- ↑ "Laugh Riot, an article from indiantelevision.com". http://www.indiantelevision.com/special/boxpopuli/y2k7/aug/boxpopuli31.php। আহৰণ কৰা হৈছে: 11 August 2007.
- ↑ "Films: Ranvir Shorey | The List". film.list.co.uk. https://film.list.co.uk/listings/ranvir-shorey/। আহৰণ কৰা হৈছে: 2020-05-15.
- ↑ "I'm not leaving Jhalak: Ranvir Shorey". India Today. June 25, 2014. https://www.indiatoday.in/movies/celebrities/story/ranvir-shorey-jhalak-dikhla-ja-tv-hiatus-manish-paul-khatron-ke-khiladi-madhuri-dixit-remo-198206-2014-06-25। আহৰণ কৰা হৈছে: 19 August 2019.
- ↑ "Anusha Bose: "Ranvir Shorey taught me to be ready to change the plan!"". Kovid Gupta Films. 2018. https://www.youtube.com/watch?v=nN4NfXBFl70&t=453s। আহৰণ কৰা হৈছে: 2019-06-25.
- ↑ Bhatia, Uday (2019-03-01). "Film review: 'Sonchiriya' cuts to the bone" (en ভাষাত). Livemint. https://www.livemint.com/industry/media/film-review-sonchiriya-cuts-to-the-bone-1551411439478.html। আহৰণ কৰা হৈছে: 2020-05-15.
- ↑ "Kadakh movie review: Ranvir Shorey-starrer is engaging enough to be watched in one go" (en ভাষাত). The Indian Express. 2020-06-18. https://indianexpress.com/article/entertainment/movie-review/kadakh-movie-review-ranvir-shorey-rajat-kapoor-6464891/। আহৰণ কৰা হৈছে: 2020-12-15.
- ↑ "Bigg Boss OTT 3: When and where to watch...". Times Entertainment. Times of India/Bombay Times. Jun 21, 2024. https://timesofindia.indiatimes.com/tv/news/hindi/bigg-boss-ott-3-when-and-where-to-watch-the-premiere-of-anil-kapoor-hosted-controversial-reality-show/articleshow/111159972.cms.
- ↑ "IBNLive Movie Awards". https://www.news18.com/topics/ibnlive-movie-awards/.
- ↑ "FOI Online Awards". https://www.foionlineawards.com/.
- ↑ "iReel Awards 2019: List of Nominees". News18. https://www.news18.com/i-reel-awards/list-of-nominees/। আহৰণ কৰা হৈছে: 2021-06-02.
- ↑ Srivastava, Anshika (12 October 2019). "Here's The Complete List Of Winners At The Gold Awards 2019! - Fuzion Productions" (en-US ভাষাত). Fuzion Productions. Archived from the original on 3 August 2020. https://web.archive.org/web/20200803181856/https://www.fuzionproductions.com/heres-the-complete-list-of-winners-at-the-gold-awards-2019/। আহৰণ কৰা হৈছে: 2021-01-29.
- ↑ "2021 Nominees" (en-US ভাষাত). Asian Television Awards. https://www.asiantvawards.com/nominees/2021-nominees/। আহৰণ কৰা হৈছে: 2021-11-12.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰণবীৰ শ্ব’ৰে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰণবীৰ শ্ব’ৰে সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- ৰণবীৰ শ্ব’ৰে সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
