সমললৈ যাওক

ৰণবীৰ সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰণবীৰ সিং

২০২৩ চনত সিং
জন্ম ৰণবীৰ সিং ভৱনানী
৬ জুলাই, ১৯৮৫ (৪১ বছৰ)[1]
বম্বে, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটন
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান
দাম্পত্যসঙ্গী দীপিকা পাডুকন (বি. ২০১৮)
সন্তান ১

ৰণবীৰ সিং জগজীৎ সিং ভৱনানী[2] (ইংৰাজী: Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে। সিং, সৰ্বাধিক পাৰিশ্ৰমিক পোৱা ভাৰতীয় অভিনেতাসকলৰ ভিতৰত অন্যতম আৰু ২০১২ চনৰপৰা ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটী ১০০ তালিকাত অন্তৰ্ভুক্ত হৈ আছে।

ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটনৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ যশ ৰাজ ফিল্মছৰ ৰোমাণ্টিক কমেডী বেণ্ড বাজা বাৰাত (২০১০)ত মুখ্য চৰিত্ৰত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে। ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। লুটেৰা (২০১৩) নামৰ ছবিখনত তেওঁ এজন বিষাদগ্ৰস্ত চোৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে প্ৰশংসা লাভ কৰে আৰু সঞ্জয় লীলা ভণশালীৰ পিৰিয়ড ড্ৰামা গʼলিয়ʼ কি ৰাছলীলা ৰাম-লীলা (২০১৩) আৰু বাজিৰাও মস্তানী (২০১৫)ৰ সৈতে একাধিক সহযোগিতাৰ জৰিয়তে নিজকে এজন আগশাৰীৰ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰে। ভণশালীৰ পদ্মাৱত (২০১৮)ত চুলতান আলাউদ্দিন খালজীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সিঙে ব্যাপক প্ৰশংসা লাভ কৰে। পদ্মাৱতখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী মুক্তি হিচাপে আত্মপ্ৰকাশ কৰে আৰু তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।

তেওঁ একশ্যনধৰ্মী চলচ্চিত্ৰ চিম্বা (২০১৮)ত অভিনয়েৰে অধিক ব্যাৱসায়িক সফলতা লাভ কৰে, সংগীতধৰ্মী নাট্য ছবিগালি বয় (২০১৯)ত সিঙৰ উচ্চাকাংক্ষী ৰেপাৰ হিচাপে অভিনয় আৰু ক্ৰীড়ামূলক ছবি ৮৩ (২০২১)ত কপিল দেৱৰ চৰিত্ৰ ৰূপায়ণৰ বাবে তেওঁ দুটাকৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। এই সফলতাৰ পিছত দুখন বাণিজ্যিকভাৱে অসফল ছবি, তেওঁ কৰণ জোহৰৰ ৰোমাণ্টিক কমেডীধৰ্মী ছবি ৰকি আৰু ৰাণী কি প্ৰেম কাহানী (২০২৩)ত অভিনয় কৰে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ আন এখন মনোনয়ন-পত্ৰ লাভ কৰে।

অভিনয়ৰ উপৰি তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ বিশিষ্ট এণ্ডাৰছাৰ। তেওঁৰ ছবি গলী বয় (২০১৯)ত গীত আৰু ৰেপৰ সৈতে তেওঁ গায়ন-বায়নৰ ক্ষেত্ৰতো পদাৰ্পণ কৰিছিল। তেওঁ তেওঁৰ সহ-অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীটোৰ এগৰাকী কন্যা সন্তান আছে। অফ-স্ক্ৰীণত তেওঁ নিজৰ আড়ম্বৰপূৰ্ণ ফেশ্বন চেন্সৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৬ জুলাই তাৰিখে, ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে (বৰ্তমান মুম্বাই)ৰ এটা সিন্ধী পৰিয়ালত অঞ্জু আৰু জগজিৎ সিং ভৱনানীৰ ঘৰত ৰণবীৰ সিং ভৱনানীৰ জন্ম হৈছিল।[1][3][4][5] ভাৰত বিভাজনৰ সময়ত তেওঁৰ ককা-আইতা সিন্ধু প্ৰদেশ (বৰ্তমানৰ পাকিস্তানত)ৰ কৰাচীৰ পৰা বম্বেলৈ গুচি যায়।[6][7] তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ নাম ঋতিকা ভৱননী।[1][8][9] সিঙে ব্যাখ্যা কৰে যে তেওঁ নিজৰ উপাধি ভৱনানী বাদ দিছিল, কিয়নো তেওঁ অনুভৱ কৰিছিল যে নামটো "বহুত দীঘল, বহুত চিলেবল" হʼলহেঁতেন, যাৰ ফলত তেওঁৰ ব্ৰেণ্ডক "বিক্ৰীযোগ্য সামগ্ৰী" বুলি ক্ষুদ্ৰ কৰি তুলিছিল।[10] সিঙৰ আইতাকো আছিল এগৰাকী চৰিত্ৰ-অভিনেত্ৰী চান্দ বাৰ্ক, যি পাঞ্জাবী খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[11] বাৰ্ক, স্বাধীনতাৰ পিছত পাকিস্তানৰ সক্ৰিয় কূটনীতিবিদ আৰু লেখক চেমুৱেল মাৰ্টিন বাৰ্কৰ ভগ্নী আছিল। সিঙৰ মাতৃৰ কাজিন সুনীতা কাপুৰ (জন্ম ভৱনানী), অভিনেতা অনিল কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[12]

সিঙে সদায় অভিনেতা হোৱাৰ আকাংক্ষা কৰিছিল, কেইবাখনো স্কুলীয়া নাটক আৰু বিতৰ্কত অংশগ্ৰহণ কৰিছিল।[13][14] কিন্তু মুম্বাইৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত যোগদান কৰাৰ পাছত সিঙে উপলব্ধি কৰিছিল যে চলচ্চিত্ৰ জগতত বিৰতি পোৱাটো সহজ নহয়। অভিনয়ৰ ধাৰণাটো "বহুত দূৰৈৰ" বুলি অনুভৱ কৰি সিঙে সৃষ্টিশীল লেখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[15][14] আমেৰিকালৈ যায় আৰু ২০০৮ চনত ইণ্ডিয়ানা বিশ্ববিদ্যালয় ব্লুমিংটনৰপৰা দূৰসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[16][14][17]

২০০৭ চনত পঢ়া-শুনা সম্পূৰ্ণ কৰি মুম্বাইলৈ উভতি অহাৰ পাছত সিঙে কেইবছৰমান কপিৰাইটাৰ হিচাপে বিজ্ঞাপনৰ কাম কৰে, অʼ এণ্ড এম আৰু জে ৱালটাৰ থম্পছনৰ দৰে এজেন্সীৰ সৈতে।[15] তেওঁ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল যদিও অভিনয়ৰ বাবে এৰি থৈ গৈছিল। তাৰ পিছত তেওঁ নিজৰ পৰ্টফলিঅ’টো পৰিচালকসকললৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।[18] তেওঁ সকলো ধৰণৰ অডিচনৰ বাবে গৈছিল, কিন্তু কোনো ভাল সুযোগ নাপালে, আনহাতে কেৱল সৰু সৰু চৰিত্ৰৰ বাবে ফোন পাইছিল: "সকলো ইমানেই অন্ধকাৰ আছিল। ই অতি হতাশাজনক আছিল। কেতিয়াবা মই ভাবিছিলো যে মই সঠিক কাম কৰিছো নে নাই।" [18]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
২০১৮ চনত নিজৰ বিবাহৰ অভ্যৰ্থনাত সিং আৰু পাডুকন

২০১২ চনৰ আগষ্ট মাহত সিঙে তেওঁৰ সহ-অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে।[19] ২০১৮ চনৰ অক্টোবৰ মাহত এই যুটীয়ে তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰে।[20] তাৰ পিছৰ মাহত ইটালীৰ লেক ক'মত পৰম্পৰাগত কোংকণী হিন্দু আৰু শিখ আনন্দ কাৰজ পদ্ধতিৰে তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়।[21][22] ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত পাডুকনে তেওঁলোকৰ প্ৰথম সন্তান তথা কন্যা দুৱা পাডুকন সিঙক জন্ম দিয়ে।[23] ২০২৬ চনৰ এপ্ৰিলত সিঙৰ চলচ্চিত্ৰ 'ধুৰন্ধৰ: দ্য ৰিভেঞ্জ'ৰ সফলতাৰ ঠিক পিছতেই এই দম্পতীয়ে তেওঁলোকৰ দ্বিতীয় সন্তানৰ আগমণৰ কথা ঘোষণা কৰে।[24]

সংবাদ মাধ্যমত ভাবমূৰ্তি আৰু আদৰণি

[সম্পাদনা কৰক]
২০২৩ চনত সিং

২০১২ চনৰ পৰা সিঙে ফৰ্বচ ইণ্ডিয়াৰ ১০০ গৰাকী চেলিব্ৰিটিৰ তালিকাত স্থান লাভ কৰি আহিছে আৰু ২০১৯ চনত তেওঁ সপ্তম স্থান লাভ কৰি সৰ্বোচ্চ স্থানত উপনীত হৈছিল।[25][26][27] সেই বছৰটোত আলোচনীখনে তেওঁৰ বাৰ্ষিক উপাৰ্জন ১১৮ কোটি টকা বুলি অনুমান কৰিছিল আৰু তেওঁক দেশৰ পঞ্চমগৰাকী সৰ্বাধিক উপাৰ্জন কৰা অভিনেতা হিচাপে স্থান দিছিল।[28] তেওঁক ২০১৭ আৰু ২০১৯ চনত জি কিউ (GQ) আলোচনীৰ ৫০ গৰাকী আটাইতকৈ প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাতো অন্তৰ্ভুক্ত কৰা হৈছিল।[29][30] ২০১৯ চনত ইণ্ডিয়া টুডেই তেওঁক দেশৰ ৫০ গৰাকী আটাইতকৈ শক্তিশালী ব্যক্তিৰ ভিতৰত স্থান দিছিল আৰু ২০২৩ চনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছেও তেওঁক একেধৰণৰ এখন তালিকাত অন্তৰ্ভুক্ত কৰিছিল।[31][32]

অভিনয় জীৱনৰ উপৰিও, সিঙে ২০১৯ চনত স্থানীয় সংগীতশিল্পীসকলক প্ৰসাৰিত কৰিবলৈ 'ইনকইংক নামৰ নিজাকৈ এটা ৰেকৰ্ড লেবেল মুকলি কৰে।[33] তেওঁ এডিডাছ, হেড এণ্ড চোল্ডাৰ্ছ, চিংছ, জেক এণ্ড জ’নছ, থাম্পছ আপ আৰু মেকমাইট্ৰিপ আদিকে ধৰি কেইবাটাও ব্ৰেণ্ডৰ বিজ্ঞাপনত অভিনয় কৰে।[34][35][36][37][38] সিং বিনীতা সিঙৰ স্টাৰ্ট-আপ 'চুগাৰ কচমেটিক্স'ৰ (Sugar Cosmetics) এজন বিনিয়োগকাৰী।[39] ক্ৰ’ল ইনকৰ্পৰেটডৰ (পূৰ্বৰ ডাফ এণ্ড ফেল্পছ) মতে ২০১৯ চনত তেওঁৰ ব্ৰেণ্ড ভেল্যু আছিল ৬৩ নিযুত মাৰ্কিন ডলাৰ, যিটো ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত চতুৰ্থ সৰ্বোচ্চ আছিল।[40] ২০২২ আৰু ২০২৩ চনত তেওঁ দ্বিতীয় স্থানত আছিল আৰু শেষৰ বছৰটোত তেওঁৰ ব্ৰেণ্ড ভেল্যু ২০৩.১ নিযুত মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছিল।[41][42] ২০২৪ চনত তেওঁ পেকেজড ফুড কোম্পানী 'এলিট মাইণ্ডছেট'ৰ (Elite Mindset) ৫০% অংশীদাৰিত্ব লাভ কৰে।[43] ২০২৫ চনত ক্ৰ’লৰ এটা প্ৰতিবেদনত তেওঁৰ ব্ৰেণ্ডৰ মূল্য ১৭০.৭ নিযুত ডলাৰ বুলি মূল্যায়ন কৰা হয় আৰু ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৱান চেলিব্ৰিটি হিচাপে তেওঁৰ স্থান বাহাল থাকে। ইয়াৰ উপৰিও 'ধুৰন্ধৰ' চলচ্চিত্ৰৰ সফলতাৰ পিছত এখন আগশাৰীৰ আন্তৰ্জাতিক ক্ৰীড়া আলোচনীৰ বেটুপাতত স্থান পোৱা তেওঁ প্ৰথমজন ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হয়।[44]

পৰ্দাৰ বাহিৰত সিং তেওঁৰ জিলিকি থকা সাজ-পাৰ তথা ফেশ্বন চেন্সৰ বাবে জনাজাত।[45]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

সিঙে পাঁচবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে: বেণ্ড বাজা বাৰাত (২০১০) ছবিৰ বাবে শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা, বাজীৰাও মাস্তানী (২০১৬), গলী বয় (২০১৯), আৰু ৮৩ (২০২১) ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু পদ্মাৱত (২০১৮) ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (সমালোচকৰ) বঁটা।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Ranveer Singh: Celeb Bio". Hindustan Times. HT Media Ltd. 18 March 2013. Archived from the original on 24 December 2014. https://web.archive.org/web/20141224201603/http://www.hindustantimes.com/Entertainment/Celebrity/Ranveer-Singh/1028316-Profile.aspx। আহৰণ কৰা হৈছে: 19 December 2013.
  2. ↑ "RANVEER SINGH JUGJEET SINGH BHAVNANI | ZaubaCorp". www.zaubacorp.com. https://www.zaubacorp.com/RANVEER-SINGH-JUGJEET-SINGH-BHAVNANI-07988769। আহৰণ কৰা হৈছে: 2025-08-03.
  3. ↑ "RANVEER SINGH JUGJEET SINGH BHAVNANI | ZaubaCorp". www.zaubacorp.com. https://www.zaubacorp.com/RANVEER-SINGH-JUGJEET-SINGH-BHAVNANI-07988769। আহৰণ কৰা হৈছে: 2025-08-03.
  4. ↑ Dandriyal, Sameeksha (6 July 2015). "Quirky, cool, high on life: Why Ranveer Singh is the face of young India". International Business Times. Archived from the original on 9 July 2015. https://web.archive.org/web/20150709022418/http://www.ibnlive.com/news/movies/quirky-cool-high-on-life-why-ranveer-singh-is-the-face-of-young-india-1016613.html। আহৰণ কৰা হৈছে: 11 October 2015.
  5. ↑ . 6 February 2014. Archived from the original on 11 December 2015. https://web.archive.org/web/20151211145735/http://www.dnaindia.com/entertainment/interview-buddy-bonding-for-arjun-kapoor-and-ranveer-singh-1959681.
  6. ↑ . 19 November 2015. Archived from the original on 15 November 2016. https://web.archive.org/web/20161115145952/http://timesofindia.indiatimes.com/SUNDER-SINGH-BHAVNANI/articleshow/49848161.cms.
  7. ↑ Lodhi, Adnan (9 December 2015). "I wish to visit Karachi once again: Ranveer Singh". The Express Tribune. Archived from the original on 1 April 2016. https://web.archive.org/web/20160401234510/http://tribune.com.pk/story/1006855/i-wish-to-visit-karachi-once-again-ranveer-singh/। আহৰণ কৰা হৈছে: 28 March 2016.
  8. ↑ . 12 March 2011. http://www.indianexpress.com/news/ranveer-singh-the-new-heartthrob/761516/0.
  9. ↑ "It's Ranveer Bhavnani and not Singh". Mid-Day. MiD Day Infomedia Ltd. 23 February 2011. Archived from the original on 26 February 2011. https://web.archive.org/web/20110226140743/http://www.mid-day.com/entertainment/2011/feb/230211-informer-8.htm। আহৰণ কৰা হৈছে: 11 March 2011.
  10. ↑ . 2 January 2014. Archived from the original on 16 November 2014. https://web.archive.org/web/20141116095920/http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/did-you-know-/Why-did-Ranveer-Singh-drop-his-sur-name/articleshow/28277610.cms.
  11. ↑ . 15 July 2023. https://www.thestatesman.com/who-is/who-is-chand-burke-bollywood-actress-and-ranveer-singhs-grandmother-1503200680.html.
  12. ↑ . 14 December 2010. Archived from the original on 17 December 2010. https://web.archive.org/web/20101217070234/http://www.mid-day.com/entertainment/2010/dec/141210-informer-5.htm.
  13. ↑ "RANVEER SINGH JUGJEET SINGH BHAVNANI | ZaubaCorp". www.zaubacorp.com. https://www.zaubacorp.com/RANVEER-SINGH-JUGJEET-SINGH-BHAVNANI-07988769। আহৰণ কৰা হৈছে: 2025-08-03.
  14. 1 2 3 "Interview: Ranveer Singh". Glamsham.com. Fifth Quarter Infomedia Pvt. Ltd. 9 December 2010. Archived from the original on 12 December 2010. https://web.archive.org/web/20101212220115/http://www.glamsham.com/movies/interviews/09-ranveer-singh-interview-121014.asp। আহৰণ কৰা হৈছে: 29 January 2011.
  15. 1 2 Ramsubramaniam, Nikhil (11 November 2010). "Introducing: Ranveer Singh". Bollywood Hungama. পৃষ্ঠাসমূহ: 1–6. Archived from the original on 23 October 2013. https://web.archive.org/web/20131023062718/http://www.bollywoodhungama.com/movies/features/type/view/id/2835/%22I%20was%20born%20with%20the%20gift%20of%20charming%20women%22%20-%20Ranveer%20Singh। আহৰণ কৰা হৈছে: 20 November 2010.Ramsubramaniam, Nikhil (11 November 2010). . Bollywood Hungama. pp.  1–6. Archived from the original on 23 October 2013. Retrieved 20 November 2010.
  16. ↑ "RANVEER SINGH JUGJEET SINGH BHAVNANI | ZaubaCorp". www.zaubacorp.com. https://www.zaubacorp.com/RANVEER-SINGH-JUGJEET-SINGH-BHAVNANI-07988769। আহৰণ কৰা হৈছে: 2025-08-03.
  17. ↑ Dandriyal, Sameeksha (6 July 2015). "Quirky, cool, high on life: Why Ranveer Singh is the face of young India". International Business Times. Archived from the original on 9 July 2015. https://web.archive.org/web/20150709022418/http://www.ibnlive.com/news/movies/quirky-cool-high-on-life-why-ranveer-singh-is-the-face-of-young-india-1016613.html। আহৰণ কৰা হৈছে: 11 October 2015.
  18. 1 2 Varde, Ashwin (24 December 2010). "Ranveer Singh  – A Star Is Born". Starweek Magazine (Mumbai, India: Magna Publication Co. Ltd): 23–27. Archived from the original on 29 December 2010. https://web.archive.org/web/20101229210546/http://www.pinkvilla.com/entertainment/discussion/ranveer-singh-star-magazine-star-born-do-you-agree-or-not। আহৰণ কৰা হৈছে: 31 December 2010.
  19. ↑ "Ranveer Singh: I haven't met anyone like Deepika Padukone, ever!". The Times of India. 25 December 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ranveer-singh-i-havent-met-anyone-like-deepika-padukone-ever/articleshow/67242687.cms.
  20. ↑ "Deepika Padukone and Ranveer Singh announce wedding date". The Indian Express. 21 October 2018. https://indianexpress.com/article/entertainment/bollywood/deepika-padukone-ranveer-singh-wedding-card-date-5411450/.
  21. ↑ "Lesser known facts about Ranveer Singh, before he became a star". mid-day. https://www.mid-day.com/photos/lesser-known-facts-about-ranveer-singh-before-he-became-a-star/17117। আহৰণ কৰা হৈছে: 14 February 2019.
  22. ↑ "Deepika Padukone, Ranveer Singh are married now, wedding ceremony ends in Italy". Hindustan Times. 14 November 2018. https://www.hindustantimes.com/bollywood/deepika-padukone-ranveer-singh-are-married-now-wedding-ceremony-ends-in-italy/story-OrrIJnMvTwI1wSwl7JbWqM.html.
  23. ↑ "Deepika Padukone, Ranveer Singh blessed with baby girl". Hindustan Times. 8 September 2024. https://www.hindustantimes.com/entertainment/bollywood/deepika-padukone-ranveer-singh-blessed-with-baby-girl-101725714396435.html.
  24. ↑ "Deepika Padukone and Ranveer Singh announce second pregnancy; 'Raaka' actress confirms with cute social media post" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/deepika-padukone-announces-second-pregnancy-with-cutest-social-media-post-expecting-baby-with-dhurandhar-star-ranveer-singh/articleshow/130365573.cms। আহৰণ কৰা হৈছে: 2026-05-04.
  25. ↑ "Ranveer Singh". Forbes. http://www.forbesindia.com/celebprofile2016/ranveer-singh/1587/23.
  26. ↑ "2017 Celebrity 100". Forbes. Archived from the original on 24 September 2014. https://web.archive.org/web/20140924062405/http://forbesindia.com/celebprofile/pawan-kalyan/52.
  27. ↑ "2019 Celebrity 100". Forbes India. Archived from the original on 19 December 2019. https://web.archive.org/web/20191219063445/http://www.forbesindia.com/lists/2019-celebrity-100/1819/all.
  28. ↑ Shah, Ruchika (19 December 2018). "2019 Celebrity 100: What the money says". Forbes India. http://www.forbesindia.com/article/2019-celebrity-100/2019-celebrity-100-what-the-money-says/56695/1.
  29. ↑ "Ranveer Singh, Badshah, Rajkummar Rao at GQ's 50 Most Influential Young Indians of 2017". Firstpost. 8 July 2017. https://www.firstpost.com/entertainment/ranveer-singh-badshah-rajkummar-rao-at-gqs-50-most-influential-young-indians-of-2017-3790559.html.
  30. ↑ Sethi, Shikha (12 December 2019). "Here's the full list of GQ's 50 most influential young Indians of 2019". GQ. Archived from the original on 27 December 2019. https://web.archive.org/web/20191227115506/https://www.gqindia.com/influence-list/content/the-gq-50-most-influential-young-indians-of-2019.
  31. ↑ "The most powerful people of India 2019". India Today. 26 July 2019. https://www.indiatoday.in/india/story/the-most-powerful-people-of-india-2019-full-list-1574021-2019-07-26.
  32. ↑ "IE100: Shah Rukh Khan climbs ranks, SS Rajamouli, Deepika Padukone make debut in most powerful Indians 2023 list". The Indian Express. 30 March 2023. https://indianexpress.com/article/entertainment/bollywood/ie100-most-powerful-indians-2023-list-shah-rukh-khan-climbs-ranks-ss-rajamouli-deepika-padukone-8525390/.
  33. ↑ "Ranveer Singh launches independent music label, his dream project". India Today. 29 March 2019. https://www.indiatoday.in/lifestyle/celebrity/story/ranveer-singh-launches-independent-music-label-his-dream-project-1489257-2019-03-29.
  34. ↑ Tewari, Saumya (14 October 2016). "Why brands are going crazy over Ranveer Singh". Livemint (HT Media). http://www.livemint.com/Consumer/XDN4pSQNquOu3hwsMfdxOK/Why-brands-are-going-crazy-over-Ranveer-Singh.html.
  35. ↑ "Ranveer Singh to represent adidas Originals in India". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ranveer-Singh-to-represent-adidas-Originals-in-India/articleshow/49126064.cms.
  36. ↑ "Ranveer Singh dances to the moves of Farah Khan in new Head & Shoulders ad campaign". ETBrandEquity.com. http://brandequity.economictimes.indiatimes.com/news/advertising/ranveer-singh-dances-to-the-moves-of-farah-khan-in-new-head-shoulders-ad-campaign/53948606। আহৰণ কৰা হৈছে: 9 December 2016.
  37. ↑ Irani, Delshad; Balakrishnan, Ravi (13 April 2016). "I consciously track the performance of my brands: Ranveer Singh". Economic Times. http://economictimes.indiatimes.com/magazines/brand-equity/i-consciously-track-the-performance-of-my-brands-ranveer-singh/articleshow/51796180.cms.
  38. ↑ "Ranveer Singh, Alia Bhatt endorse MakeMyTrip". Livemint. 17 February 2016. https://www.livemint.com/Companies/AuqBvy2pMi2jE7VX4zGueP/Ranveer-Singh-Alia-Bhatt-endorse-MakeMyTrip.html.
  39. ↑ Verma Ambwani, Meenakshi (3 September 2022). "Ranveer Singh invests in SUGAR Cosmetics" (en ভাষাত). Business Line. https://www.thehindubusinessline.com/companies/ranveer-singh-invests-in-sugar-cosmetics/article65844446.ece। আহৰণ কৰা হৈছে: 27 January 2023.
  40. ↑ Laghate, Gaurav (10 January 2019). "Virat Kohli tops powerful celebrity brands list with a brand value of $170.9 million". The Economic Times. https://economictimes.indiatimes.com/industry/services/advertising/virat-kohli-tops-powerful-celebrity-brands-list-with-a-brand-value-of-170-9-million/articleshow/67469396.cms.
  41. ↑ "Ranveer Singh, Akshay Kumar and Alia Bhatt Among Top 5 Celebrities with Maximum Brand Value". News18. 31 March 2022. https://www.news18.com/news/movies/ranveer-singh-akshay-kumar-and-alia-bhatt-among-top-5-celebrities-with-maximum-brand-value-4928954.html। আহৰণ কৰা হৈছে: 31 March 2022.
  42. ↑ "Ranveer Singh's 203.1 million USD celebrity brand value surpasses Shah Rukh Khan's 120.7 million USD, Alia Bhatt ranks above Deepika Padukone". The Indian Express. 18 June 2024. https://indianexpress.com/article/entertainment/bollywood/ranveer-singh-203-million-usd-celebrity-brand-value-surpasses-shah-rukh-khan-120-million-usd-alia-bhatt-ranks-above-deepika-padukone-9399947/.
  43. ↑ "Ranveer Singh bags 50% stake in packaged foods company Elite Mindset (SuperYou)". The Economic Times. 18 November 2024. https://economictimes.indiatimes.com/tech/startups/ranveer-singh-bags-50-stake-in-packaged-foods-company-elite-mindset/articleshow/115392782.cms?from=mdr.
  44. ↑ "Kroll Celebrity Brand Valuation 2024". Kroll. 25 September 2025. https://www.kroll.com/en/newsroom/celebrity-brand-valuation-study-2024। আহৰণ কৰা হৈছে: 2026-01-16.
  45. ↑ Singh, Divyesh (3 January 2022). "A deeper look at Ranveer Singh's statement style and love for logos". Vogue. https://www.vogue.in/fashion/content/a-deeper-look-at-ranveer-singhs-statement-style-and-love-for-logos.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]