ৰতন কাহাৰ
| পদ্মশ্ৰী ৰতন কাহাৰ | |
|---|---|
| জন্ম | ১৯৩৫ কেন্দুলী, বীৰভূম জিলা, পশ্চিমবংগ, ভাৰত |
| পেচা | ঝুমুৰ, কবি, লোকশিল্পী |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৪ - বৰ্তমান |
| দাম্পত্যসঙ্গী | শান্তি কাহাৰ (পত্নী) |
| সন্তান | তিনিজন পুত্ৰ আৰু এজনী কন্যা |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০২৪) |
ৰতন কাহাৰ এজন প্ৰবীণ ভাৰতীয় লোকগায়ক আৰু বাংলা ঝুমুৰ আৰু ভাদু গীতৰ গীতিকাৰ। ২০২৪ চনত তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।[1] তেওঁৰ বৰো লোকেৰ বিটিলো, লাম্বা লাম্বা চুল লোকগীতটো খুবেই জনপ্ৰিয়।
জীবনী
[সম্পাদনা কৰক]ৰতন কাহাৰৰ জন্ম হৈছিল ১৯৩৫ চনত ব্ৰিটিছ ভাৰতৰ পশ্চিম বংগৰ বীৰভূম জিলাৰ কেন্দুলীৰ এটা দৰিদ্ৰ পৰিয়ালত। তেওঁৰ পিতৃ অশোক কাহাৰ দৈনিক মজুৰি শ্ৰমিক, আৰু ককা ৰাখৰী কাহাৰো দৈনিক মজুৰি শ্ৰমিক আছিল, আৰু পিছলৈ অন্ধতাৰ বাবে ভিক্ষাৰী হৈ পৰিছিল। ৰতন কাহাৰে বেছি পঢ়া নাছিল, চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত দৰিদ্ৰতাৰ কাৰণে সি ছিউৰীত থকা মোমায়েকৰ ঘৰলৈ গুচি যায়।[2] দৰিদ্ৰ শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰতন কাহাৰ সৰুৰে পৰা আৰ্থিক সংকটত ডাঙৰ-দীঘল হৈছিল। গ্ৰাম্য বংগৰ ভাদু উৎসৱৰ বাবে তেওঁ গীত ৰচনা কৰি গায় আৰু পাকৈত হৈ উঠে। ১৯৭২ চনত ৰচিত তেওঁৰ বিখ্যাত গীত "বৰ লোকেৰ বিটি লো" স্বপ্না চক্ৰৱৰ্তীৰ কণ্ঠত জনপ্ৰিয় হৈ পৰে। এই গীতটিৰ মূল শাৰী, লাল গেন্দা ফুল, ২০২০ চনত জনপ্ৰিয় ৰেপ শিল্পী বাদশ্বাহে তেওঁৰ "গেন্দা ফুল"ত মুক্তি দিয়াৰ সময়ত বিতৰ্কৰ সৃষ্টি হৈছিল। সেই বিতৰ্কৰ বাবেই ৰতন কাহাৰৰ সংগীত সৃষ্টি, সাফল্য, গীত, শিল্পকলা চৰ্চালৈ আহে। বাদশাহে তেওঁক পাঁচ লাখ টকা দি বিবাদ নিষ্পত্তি কৰে।[3] তেওঁ এটা সময়ত যাত্ৰা দলৰ ছুকুৰী সাঁজিছিল। জীৱনটো কষ্টৰে ভৰা হ’লেও তেওঁ সংগীতক ভাল পায়। পাহাৰী সন্যালে তেওঁক আকাশবাণীলৈ লৈ আহিছিল।[4] পিছলৈ তেওঁ দূৰদৰ্শনৰ বাবেও কাম কৰে। বৰ্তমানলৈকে তেওঁ প্ৰায় দুহেজাৰ গীত ৰচনা কৰিছে। তেওঁৰ অনন্য গীতসমূহ হ'ল -
- দিদি জানো কি গো জান না
- পালা ৰে পালা ৰে ৰাবণ
- ঠেলে দে মালেৰ গাড়ি চাপাব বস্তা
- অঘ্ৰাণেতে নবান খেতে আমাৰ বন্ধু কেন এল না
সন্মান
[সম্পাদনা কৰক]
২০২৪ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ চতুৰ্থ অসামৰিক পুৰস্কাৰ পদ্মশ্ৰী বঁটাৰে কাহাৰ মহাশয়ক সম্মানিত কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Padma Awards 2024 announced". https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1999790। আহৰণ কৰা হৈছে: ২০২৪-০১-২৭.
- ↑ "বড় লোকেৰ বিটি লো'-ৰ শ্ৰষ্টা, চৰম দাৰিদ্ৰেৰ সঙ্গে লড়াই, বাংলাৰ গৰ্ব পদ্মশ্ৰী ৰতন কাহাৰ". https://bangla.aajtak.in/cinema-and-tv-serial-news/story/ratan-kahar-receives-padmashri-award-birbhum-famous-folk-singer-got-famous-after-writing-boro-loker-biti-lo-song-ratan-kahar-detailed-profile-soc-794390-2024-01-26। আহৰণ কৰা হৈছে: ২০২৪-০১-২৭.
- ↑ "বাদশা ভালো লোক, বিতৰ্কেৰ জন্যই হয়ত আমাকে লোকে জেনেছিলেন, পদ্মশ্ৰী পেয়ে গৰ্বিত ও ধন্য". https://bangla.hindustantimes.com/entertainment/exclusive-interview-of-boroloker-bitilo-fame-folk-artist-ratan-kahar-who-will-get-padma-shree-2024-31706256669339.html। আহৰণ কৰা হৈছে: ২০২৪-০১-২৭.
- ↑ "পদ্মশ্ৰী পাচ্ছেন 'বড়লোকেৰ বিটি লো'ৰ স্ৰষ্টা ভাদুশিল্পী ৰতন কাহাৰ, কেমন আছেন? কীভাবে চলে সংসাৰ?". https://bengali.abplive.com/district/birbhum/padma-shri-2024-for-art-from-west-bengal-88-years-old-bhadu-folk-singer-boro-loker-beti-lo-writer-ratan-kahar-1042218। আহৰণ কৰা হৈছে: ২০২৪-০১-২৮.