ৰতিৰহস্য
| ৰতিৰহস্য | |
|---|---|
| লেখক | কোক্কোকা |
| দেশ | কাশ্মীৰ |
| ভাষা | সংস্কৃত |
| বিষয় | মানৱ যৌনতা |
| প্ৰকাৰ | যৌনতা মূলক |
| প্ৰকাশ | একাদশ বা দ্বাদশ শতিকাৰ সময়ছোৱা |
| ইংৰাজীত প্ৰকাশ |
১৯৬৪ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰিত |
| পৃষ্ঠা সংখ্যা | ১৭২ |
ৰতিৰহস্য (रतिरहस्य) হ'ল ইংৰাজীত Secrets of Love নামেৰে অনুবাদিত, আৰু কোক শাস্ত্ৰ নামেও জনাজাত যৌনতা সম্পৰ্কীয় গ্ৰন্থ। এইখন গ্ৰন্থ প্ৰাৰম্ভিক মধ্যযুগীয় কাশ্মীৰী পণ্ডিত তথা কবি কোক্কোকাই ৰচনা কৰিছিল, যি কোক পণ্ডিত নামৰেও জনাজাত।[1][2][3][4] গ্ৰন্থখনৰ সঠিক ৰচনাকাল নিৰ্দিষ্টভাৱে জনা নাযায় যদিও একাদশ বা দ্বাদশ শতিকাত লিখা হৈছে বুলি অনুমান কৰা হয়।[2] কোক্কোকাই সম্ভৱতঃ বেণুদত্ত নামৰ এজন ৰজাক সন্তুষ্ট কৰিবলৈ গ্ৰন্থখন ৰচনা কৰিছিল। তেওঁ নিজকে ‘‘সিদ্ধ পটিয়া পণ্ডিত’’ — অৰ্থাৎ “বিদ্বানসকলৰ মাজৰ এগৰাকী কৌশলী ব্যক্তি’’ বুলি বৰ্ণনা কৰিছে।[1][5] গ্ৰন্থখন সংস্কৃত ভাষাত লিখা হৈছে।[6]
ঐতিহাসিক পৰিপ্ৰেক্ষিত
[সম্পাদনা কৰক]কামসূত্ৰ প্ৰাচীন ভাৰতৰ যৌন-গ্ৰন্থ হ’লেও, ৰতিৰহস্য মধ্যযুগীয় সমাজ-সংস্কৃতি অনুসৰি ৰচিত। তেতিয়া উপলব্ধ নতুন সামাজিক পৰিৱেশৰ কামুক মনোভাব মিছিলে লৈ এই গ্ৰন্থৰ প্ৰয়োজন হৈছিল, আৰু সেই প্ৰেক্ষাপটতে কোক্কোকাই ৰতিৰহস্য ৰচনা কৰে।[2]
গঠন-ৰীতি
[সম্পাদনা কৰক]ৰতিৰহস্যত পঞ্চদশ ‘‘পঞ্চিৱেদ’’ (অধ্যায়) আছে আৰু ই মুঠতে ৮০০টা শ্লোকৰ সমষ্টি। ইয়াত বিভিন্ন শাৰীৰিক গঠন, চন্দ্ৰ-পঞ্জিকা, বিভিন্ন ধৰণৰ যোনিৰ গঠন, বিভিন্ন বয়সৰ মহিলাৰ বৈশিষ্ট্য, আলিংগন, চুম্বন, সহবাস আৰু যৌন আসন আদি বিষয় আলোচনা কৰা হৈছে।[1][2] কোক্কোকাই প্ৰেমৰ বিভিন্ন দশা উল্লেখ কৰি কৈছে যে, ইয়াৰ পঞ্চম দশা হ'ল ওজন হ্ৰাস, নৱম দশা হ'ল মূৰ্ছা আৰু দশম তথা অন্তিম দশা হ'ল মৃত্যু।[7] গ্ৰন্থখনত বিভিন্ন ধৰণৰ মহিলাৰ বৰ্গীকৰণ; সংবেদনশীল অঞ্চল আৰু সিহঁতৰ কামোত্তেজনাত সহায়ক দিশসমূহো উল্লেখ আছে।
ৰতিৰহস্যত ভাৰতীয় মহিলাৰ সৌন্দৰ্যৰ বৰ্ণনা বহুলভাৱে পোৱা যায়, যি কামসূত্ৰৰ সৌন্দৰ্য-বৰ্ণনাৰ সৈতে মিল আছে।[8] মহিলাক তেওঁলোকৰ শাৰীৰিক গঠন অনুসৰি চাৰিটা মনো-শাৰীৰিক ধৰণত বিভাগ কৰা হৈছে, সেয়া হ'ল:[9][10] পদ্মিনী, চিত্ৰিণী, শংখিনী আৰু হস্তিনী।
ইয়াত যৌনাংগৰ আকাৰ অনুসৰি সহবাসৰ নটা ধৰণ (নৱধৰণ) উল্লিখ কৰিছে। তদুপৰি, বিভিন্ন বীৰ্যবৰ্ধক বা কামোত্তেজক বস্তুৰ বৰ্ণনাও দিয়া হৈছে।[11]
বিশ্লেষণ
[সম্পাদনা কৰক]ডব্লিউ জি আৰ্চাৰৰ মতে, কোক্কোকাই ‘‘যৌনসুখক সৰ্বাধিক উপভোগযোগ্য কৰি তোলা আৰু মহিলাক কেনেকৈ সন্তুষ্ট ৰাখিব পাৰি’’ সেই বিষয়ত গুৰুত্ব দিছে।[2] এই গ্ৰন্থ ৰচনা কৰোতে তেওঁ নন্দিকেশ্বৰ, গোনিকপুত্ৰ, বাৎসায়ন আদি লেখকৰ গ্ৰন্থৰ ওপৰত নিৰ্ভৰ কৰিছিল।[12]
অনুবাদ
[সম্পাদনা কৰক]গ্ৰন্থখনৰ আৰবী, পাৰ্চী আৰু তুৰ্কী অনুবাদ লজ্জত উন নিছা নামেৰে পৰিচিত।[13] দ্য জয় অৱ ছেক্স ৰ লেখক অ্যালেক্স কমফৰ্টে ১৯৬৪ চনত ইংৰাজী অনুবাদ The Koka Shastra, Being the Ratirahasya of Kokkoka, and Other Medieval Indian Writings on Love প্ৰকাশ কৰে। ইয়াৰ উপৰিও এছ. ছি. উপাধ্যায়ে Kokashastra (Rati Rahasya) of Pandit Kokkoka নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছে। অৱনা ৰাম চন্দ্ৰ, কবি প্ৰভু আৰু হৰিহৰে এই গ্ৰন্থৰ ওপৰত মন্তব্য/ভাষ্য লিখিছে। ভাৰতত যৌনতা সম্পৰ্কীয় গ্ৰন্থৰ ভিতৰত কামসূত্ৰৰ পিছতে এইখন গ্ৰন্থক দ্বিতীয় স্থান দিয়া হয়।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Vātsyāyana; Lance Dane (7 October 2003). The Complete Illustrated Kama Sutra. Inner Traditions / Bear & Co. পৃষ্ঠা. 11–12. ISBN 978-0-89281-138-0. https://books.google.com/books?id=gNV1BP2DCWYC&pg=PT12.
- ↑ 2.0 2.1 2.2 2.3 2.4 Suzanne G. Frayser; Thomas J. Whitby (1995). Studies in Human Sexuality: a selected guide. Libraries Unlimited. পৃষ্ঠা. 144. ISBN 978-1-56308-131-6. https://books.google.com/books?id=ZArPH0nFGo0C&pg=PA144.
- ↑ Yudit Kornberg Greenberg (2008). Encyclopedia of Love in World Religions. ABC-CLIO. পৃষ্ঠা. 348. ISBN 978-1-85109-980-1. https://books.google.com/books?id=nGoag6b3JvYC&pg=PA348.
- ↑ Krishan Lal Kalia (1 January 1997). Eminent Personalities of Kashmir. Discovery Publishing House. পৃষ্ঠা. 16. ISBN 978-81-7141-345-4. https://books.google.com/books?id=1gctQ_ccrSMC&pg=PP16.
- ↑ Ra, Frank. Kama Sutra of Vatsyayana. Subjective Wellbeing Instituted. https://books.google.com/books?id=9VdtO-N4vpgC&q=koka+shastra&pg=PA1.
- ↑ David Goodway (1 November 2011). Anarchist Seeds Beneath the Snow. PM Press. পৃষ্ঠা. 328. ISBN 978-1-60486-221-8. https://books.google.com/books?id=A8ttzKzNnJsC&pg=PA328.
- ↑ Siegfried Lienhard (1984). A History of Classical Poetry. Otto Harrassowitz Verlag. পৃষ্ঠা. 119. ISBN 978-3-447-02425-9. https://books.google.com/books?id=E0aYeR67booC&pg=PA119.
- ↑ Doniger, Wendy (2003). Kamasutra - Oxford World's Classics. Oxford University Press. পৃষ্ঠা. 128. ISBN 9780192839824.
- ↑ Kazmi, Nikhat (7 June 2004). "Our B-I-G fix". Times of India. http://timesofindia.indiatimes.com/city/bombay-times/Our-B-I-G-fix/articleshow/722511.cms.
- ↑ Molly Oldfield; John Mitchinson (21 April 2011). "QI: Quite interesting facts about weddings". The Telegraph. https://www.telegraph.co.uk/culture/qi/8466023/QI-Quite-interesting-facts-about-weddings.html.
- ↑ Kar. Comprehensive Textbook of Sexual Medicine. Jaypee Brothers Publishers. পৃষ্ঠা. 456. ISBN 978-81-8061-405-7. https://books.google.com/books?id=YxcjMPbGHQIC&pg=PA456.
- ↑ 12.0 12.1 Dge-ʼdun-chos-ʼphel (A-mdo) (1992). Tibetan arts of love. Snow Lion Publications. পৃষ্ঠা. 35. ISBN 978-0-937938-97-3. https://books.google.com/books?id=zmxR93ZeSBMC&pg=PA35.
- ↑ The Book of the Thousand Nights and a Night. Forgotten Books. ISBN 9781440039980. https://books.google.com/books?id=O2AdV8WoRMgC&q=Lizzat-al+nissa&pg=PA93.