সমললৈ যাওক

ৰত্না দেৱনাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰত্না দেৱনাথ
Ratna Debnath
ব়ত্না দেবনাথ
পশ্চিম বংগ বিধান সভাৰ সদস্যা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ মে' ২০২৬
পূৰ্বসূৰী নিৰ্মল ঘোষ
সমষ্টি পানীহাটি বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জনতা দল
সন্তান ১ (প্ৰয়াত)
পেচা
  • ৰাজনীতিক
  • সমাজকৰ্মী
প্ৰখ্যাত আৰ জি কৰৰ ধৰ্ষণ কাণ্ড, ২০২৪ পিছত সামাজিক সক্ৰিয়তা

ৰত্না দেৱনাথ (ইংৰাজী: Ratna Debnath)পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ২০২৬ চনৰ পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পশ্চিমবংগ পানীহাটী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে।[1][2][3] ২০২৪ চনত কলকাতা আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ ঘটনাত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃ হিচাপে তেওঁ জনসাধাৰণৰ দৃষ্টিগোচৰ হৈছিল, যাৰ ফলত পশ্চিম বংগত মহিলাৰ সুৰক্ষা আৰু ন্যায়ক লৈ জনসাধাৰণৰ প্ৰতিবাদ আৰু বিতৰ্কৰ সৃষ্টি হৈছিল।[4][5][6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰত্না দেৱনাথ ২০২৪ চনৰ কলিকতা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ধৰ্ষণ আৰু হত্যাৰ সন্মুখীন হোৱা যুৱতীগৰাকীৰ মাতৃ ।[7] তেওঁৰ একমাত্ৰ কন্যা আছিল আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ্মৰত ৩১ বছৰীয়া আৱাসী চিকিৎসক৷ তেওঁক কৰ্তব্যৰত অৱস্থাত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই কাণ্ডৰ পিছত ৰাজ্যখনৰ চিকিৎসকসকলৰ মাজত ভ্ৰাতৃত্ববোধৰ সৃষ্টি হোৱাৰ উপৰি সাধাৰণ লোকৰ মাজতো ভুক্তভোগীৰ ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত হয়।[8] পৰিয়ালটোৱে তদন্তৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁলোকৰ কন্যাক ন্যায়ৰ পৰা বঞ্চিত কৰা হৈছে।[9] ২০২৫ চনত দেবনাথে নিজৰ কন্যাৰ ন্যায় প্ৰদানৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাজনীতিত প্ৰৱেশ কৰিব বিচাৰে আৰু পৰৱৰ্তী সময়ত বিজেপিয়ে তেওঁক টিকট প্ৰদান কৰে। দেৱনাথক শিক্ষাৰ অৰ্হতাৰ বাবে পশ্চিম বংগৰ শাসকীয় দলৰ ৰাজনীতিবিদসকলে সমালোচনা কৰিছিল যদিও সাধাৰণ জনতাই এই সমালোচনাক অগ্ৰাহ্য কৰিছিল।[10]

দেৱনাথ নিৰক্ষৰ মহিলা।[11]

ৰাজনৈতিক পৰিক্ৰমা

[সম্পাদনা কৰক]

২০২৬ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনৰ আগে-আগে, বিজেপিয়ে ৰত্না দেৱনাথক পানীহাটি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে৷ যিটো সমষ্টি উত্তৰ ২৪ পাৰগানা জিলাৰ অন্তৰ্গত[1][12][13] নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত, দেৱনাথে মহিলাৰ সুৰক্ষা আৰু ন্যায়প্ৰাপ্তিক অগ্ৰাধিকাৰ দিয়ে৷[14][15] অভিযানৰ সময়ছোৱাত, তেওঁ য'লৈকে গৈছিল, তাতেই অশ্ৰুসিক্ত জনতাই তেওঁক উষ্মভাৱে আদৰণি জনাইছিল৷ বিজেপিৰ বহু ৰাজনীতিকে দেৱনাথৰ ন্যায়প্ৰাপ্তি সন্ধানক সমৰ্থন কৰিছিল৷ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণী, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী বিপ্লৱ দেৱ, ভাৰতৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এইসকলৰ ৰাজনীতিকৰ ভিতৰত অন্যতম আছিল৷[16] মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁক শাসকীয় দলৰ একাংশ সমৰ্থকে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷[17] পানীহাটী সমষ্টিৰ পৰা ৰত্না দেৱনাথে টিএমচিৰ প্ৰতিদ্বন্দ্বী তীৰ্থাংকুৰ ঘোষক বৃহৎ ব্যৱধানত পৰাভূত কৰে৷[18]

ৰাজহুৱা ভাৱমূৰ্তি

[সম্পাদনা কৰক]

প্ৰাৰ্থীত্ব নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কৈছিল যে যেতিয়ালৈকে তেওঁৰ কন্যাই ন্যায় নাপায় আৰু যেতিয়ালৈক মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সিংহাসনৰ পৰা নমাই দিয়া নহয়, তেতিয়ালৈকে তেওঁ কেশসজ্জা ঠিক নকৰে।[19] মন্তব্যকাৰীসকলে তেওঁৰ প্ৰাৰ্থীত্বক প্ৰতীকীভাৱে তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছিল কাৰণ ই পশ্চিম বংগৰ ন্যায়, জনসাধাৰণৰ সুৰক্ষা আৰু নিৰ্বাচনী ৰাজনীতিৰ বিষয়সমূহক সংযোগ কৰিছিল।[4][20] ২০২৪ চনৰ কলকাতা আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ গোচৰ আৰু দেৱনাথে বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি কোৱা হৈছে। নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ২৯৩খন আসনৰ ভিতৰত ২০৭খন আসন লাভ কৰি ঐতিহাসিক জয় সাব্যস্ত কৰে আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০খন আসনতে সীমাবদ্ধ থাকে। বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত পৰাস্ত হয়।[21]

নিৰ্বাচনী প্ৰদৰ্শন

[সম্পাদনা কৰক]
পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন ২০২৬
বৰ্ষ সমষ্টি দল ভোট % প্ৰতিদ্বন্দ্বী দল ভোট % ব্যৱধান ফলাফল
পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন ২০২৬ পানীহাটী বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি ৮৭,৯৭৭ ৫৯.৮% তীৰ্থংকৰ ঘোষ
  1. 20C646
৫৯,১৪১ ৪০.২% ২৮,৮৩৬ বিজয়ী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "West Bengal polls: RG Kar victim's mother Ratna Debnath gets BJP ticket from Panihati". The Times of India. 25 March 2026. https://timesofindia.indiatimes.com/india/west-bengal-polls-rg-kar-victims-mother-ratna-debnath-gets-bjp-ticket-from-panihati/articleshow/129804969.cms.
  2. "RG Kar victim's mother enters poll fray on BJP ticket". The Economic Times. 25 March 2026. https://economictimes.indiatimes.com/news/elections/assembly-elections/west-bengal/rg-kar-rape-murder-victims-mother-enters-poll-fray-on-bjp-ticket-named-in-third-bengal-list/articleshow/129806780.cms.
  3. "BJP releases Bengal candidate list, names Ratna Debnath from Panihati". The Hindu. 25 March 2026. https://www.thehindu.com/.
  4. 1 2 "All About Ratna Debnath, Mother Of RG Kar Victim, Contesting For BJP From Panihati". NDTV. 22 April 2026. https://www.ndtv.com/india-news/bengal-elections-2026-ratna-debnath-mother-of-rg-kar-victim-contesting-on-bjp-ticket-from-panihati-11392072.
  5. "RG Kar case becomes major issue in Bengal politics". India Today. 2026. https://www.indiatoday.in/.
  6. "RG Kar incident and political reactions in West Bengal". The Indian Express. 2026. https://indianexpress.com/.
  7. Desk, India Today News (2026-05-04). "Ratna Debnath, RG Kar victim's mother and BJP candidate, wins Bengal elections" (en ভাষাত). India Today. https://www.indiatoday.in/elections/assembly/story/rg-kar-victims-mother-ratna-debnath-wins-panihati-as-bjp-sweeps-bengal-2906677-2026-05-04 আহৰণ কৰা হৈছে: 2026-05-05.
  8. https://www.bbc.com/news/articles/crmwj4z1xpko
  9. Chatterjee, Moyurie Som & Shrabana (2025-06-07). "R.G. Kar case: Parents of deceased doctor express dissatisfaction with CBI probe" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/west-bengal/rg-kar-case-parents-of-deceased-doctor-express-dissatisfaction-with-cbi-probe/article69669184.ece.
  10. "Ratna Debnath(Bharatiya Janata Party(BJP)):Constituency- PANIHATI(NORTH 24 PARGANAS) - Affidavit Information of Candidate:". www.myneta.info. https://www.myneta.info/WestBengal2026/candidate.php?candidate_id=2435 আহৰণ কৰা হৈছে: 2026-05-05.
  11. "Ratna Debnath(Bharatiya Janata Party(BJP)):Constituency- PANIHATI(NORTH 24 PARGANAS) - Affidavit Information of Candidate:". www.myneta.info. https://www.myneta.info/WestBengal2026/candidate.php?candidate_id=2435 আহৰণ কৰা হৈছে: 2026-05-05.
  12. "WB Assembly Elections: Mother of RG Kar victim gets BJP candidature from Panihati constituency". Akashvani News. 26 March 2026. https://www.newsonair.gov.in/wb-assembly-elections-mother-of-rg-kar-victim-gets-bjp-candidature-from-panihati-constituency/.
  13. "BJP names Ratna Debnath in Bengal poll list". Hindustan Times. 26 March 2026. https://www.hindustantimes.com/.
  14. "West Bengal polls: RG Kar victim's mother files nomination, says women's safety a priority". The Times of India. 9 April 2026. https://timesofindia.indiatimes.com/city/kolkata/rg-kar-mother-files-papers-says-womens-safety-a-priority/articleshow/130151117.cms.
  15. "Ratna Debnath campaigns on women's safety agenda". The Telegraph. 2026. https://www.telegraphindia.com/.
  16. Das, Anupreeta; Das, Hari KumarAnupreeta; candidate, Hari Kumar spoke with the; Kolkata, her supporters as they campaigned door to door in (2026-04-30). "Her Daughter Was Raped and Killed. Now She's Seeking Office — and Justice." (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2026/04/30/world/asia/india-elections-bjp-ratna-debnath.html.
  17. "'TMC goons tried to attack me, threatened me over May 4': BJP's Ratna Debnath amid West Bengal Phase 2 polling". The Economic Times. 2026-04-29. ISSN 0013-0389. https://economictimes.indiatimes.com/news/elections/assembly-elections/west-bengal/bjp-candidate-ratna-debnath-alleges-attack-by-tmc-goons-amid-voting-in-west-bengal-elections/articleshow/130602096.cms?from=mdr.
  18. Rajput, Kajal (2026-05-04) (en ভাষাত). West Bengal Assembly Polls 2026: Ratna Debnath, RG Kar victim's mother leads in Panihati. https://medicaldialogues.in/state-news/west-bengal/west-bengal-assembly-polls-2026-ratna-debnath-rg-kar-victims-mother-leads-in-panihati-169932.
  19. ""Won't comb my hair till my daughter gets justice": Mother of RG Kar rape victim 'vows' to defeat Mamata Banerjee in polls" (en ভাষাত). ANI News. https://www.aninews.in/news/national/politics/wont-comb-my-hair-till-my-daughter-gets-justice-mother-of-rg-kar-rape-victim-vows-to-defeat-mamata-banerjee-in-polls20260409081153/ আহৰণ কৰা হৈছে: 2026-05-05.
  20. "Ratna Debnath candidature seen as symbolic BJP move". The Economic Times. 2026. https://economictimes.indiatimes.com/.
  21. Ellis-Petersen, Hannah (2026-05-04). "Narendra Modi's BJP wins election in West Bengal for the first time" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2026/may/04/modis-bjp-party-win-election-west-bengal-first-time.