সমললৈ যাওক

ৰত্না সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজকুমাৰী ৰত্না সিং
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৯৯৬-৯৮
পূৰ্বসূৰী অভয় প্ৰতাপ সিং
উত্তৰসূৰী ৰাম বিলাস বেদান্তী
সমষ্টি প্ৰতাপগড়
কাৰ্যকাল
১৯৯৯-২০০৪
পূৰ্বসূৰী ৰাম বিলাস পাছোৱান
উত্তৰসূৰী অক্ষয় প্ৰতাপ সিং
সমষ্টি প্ৰতাপগড়
কাৰ্যকাল
২০০৯-১৪
পূৰ্বসূৰী অক্ষয় প্ৰতাপ সিং
উত্তৰসূৰী হৰিবংশ সিং
সমষ্টি প্ৰতাপগড়
ব্যক্তিগত তথ্য
জন্ম ২৯ এপ্ৰিল, ১৯৫৯ (৬৬ বছৰ)
নতুন দিল্লী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯৫-২০১৯)
ভাৰতীয় জনতা পাৰ্টি (২০১৯-বৰ্তমান)
দাম্পত্যসঙ্গী জয়সিং চিছোদিয়া (বি. ১৯৮৭)
সন্তান

ৰাজকুমাৰী ৰত্ন সিং (ইংৰাজী: Ratna Singhজন্ম ২৯ এপ্ৰিল ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন মন্ত্ৰী দীনেশ সিঙৰ কন্যা। ১৯৯৬, ১৯৯৯ আৰু ২০০৯ চনত কংগ্ৰেছ দলৰ পৰা তেওঁ তিনিবাৰকৈ প্ৰতাপগড়ৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ পৰৱৰ্তী সময়ত একেৰাহে দুটা লোকসভা নিৰ্বাচনত (২০১৪ আৰু ২০১৯) কংগ্ৰেছৰ টিকটত তৃতীয় স্থান লাভ কৰাৰ পিছত ২০১৯ চনৰ অক্টোবৰ মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৯ চনত প্ৰতাপগড়ৰ পৰা জয়ী হৈছিল যদিও ২০০৪ চনৰ নিৰ্বাচনত অক্ষয় প্ৰতাপ সিং ওৰফে গোপালজীৰ হাতত পৰাস্ত হৈছিল। ৰত্ন আৰু ৰঘুৰাজ প্ৰতাপ সিং দুয়োজনেই সম্পৰ্কীয় যদিও বিভিন্ন শাখাৰ পৰা আহিছে।[2]

২০০৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৰত্না সিঙে তেওঁৰ নিকটতম সমাজবাদী পাৰ্টিৰ প্ৰতিদ্বন্দ্বী অধ্যাপক শিৱকান্ত ওজাক ৩০,০০০ তকৈ অধিক ভোটত পৰাস্ত কৰি প্ৰতাপগড় সমষ্টি পুনৰ দখল কৰে।[3] তৃতীয় স্থানত অক্ষয় প্ৰতাপ সিং, আৰু চতুৰ্থ স্থানত কাৰাগাৰৰ পৰা নিৰ্বাচন যুঁজি থকা বিখ্যাত অপৰাধী-ৰাজনীতিবিদ আতিক আহমেদ থাকে।[4] ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ আপনা দলৰ হৰিবংশ সিঙৰ হাতত পৰাস্ত হয়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী দীনেশ সিঙৰ তেওঁ কনিষ্ঠ কন্যা। ৰাজস্থানৰ প্ৰতাপগড়ৰ জয়সিংহ ছিছোদিয়াৰ সৈতে তেওঁৰ বিবাহ হয়।[5] দম্পতীটোৰ এটি পুত্ৰ ভুৱন্যু সিং আৰু এগৰাকী কন্যা তনুশ্ৰী কুমাৰী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Big jolt to Congress! Three-time Pratapgarh MP Ratna Singh joins BJP in presence of CM Adityanath" (en-US ভাষাত). The Financial Express. 2019-10-15. https://www.financialexpress.com/india-news/big-jolt-to-congress-three-time-pratapgarh-mp-ratna-singh-joins-bjp-in-presence-of-cm-adityanath/1736138/। আহৰণ কৰা হৈছে: 2020-08-27. 
  2. "Erstwhile rajas in poll race". The Hindu. 23 March 2009. http://www.hindu.com/holnus/002200903231151.htm. 
  3. [1] Pratapgragh] CNN IBN
  4. "Who will clean up filthy and feudal Pratapgarh? - Lok Sabha Election news - Rediff.com". Election.rediff.com. 2009-04-23. http://election.rediff.com/special/2009/apr/23/loksabhapolls-who-will-clean-filthy-pratapgarh.htm। আহৰণ কৰা হৈছে: 2014-03-15. 
  5. "Bombay HC directs court officer to visit 'Maharana Pratap's descendent', report on his health". https://www.indiatoday.in/amp/india/story/bombay-hc-maharana-pratap-descendent-report-health-1774635-2021-03-02.