সমললৈ যাওক

ৰত্নোত্তমা দাস বিক্ৰম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰত্নোত্তমা দাস বিক্ৰম
জন্ম ১০ জুলাই, ১৯৮২
লখিমপুৰ, অসম
পেচা সাহিত্যিক, অধ্যাপক, অনুবাদক[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কটন কলেজৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পি.এইছ.ডি[2]
দাম্পত্যসংগী ডা° বিক্ৰম কুমাৰ ডেকা

ৰত্নোত্তমা দাস বিক্ৰম (Ratnottama Das Bikram) লেখক, ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ, স্তম্ভলেখক, কবি আৰু জনজাতীয় লোককলাৰ গৱেষক[2] ৰত্নোত্তমা দাস দিল্লী বিশ্ববিদ্যালয়ৰ ‘ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ’ (Indian Languages and Literary Studies) ৰ প্ৰাধ্যাপিকা।[3][4] দাসে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শিক্ষা আৰম্ভ কৰি পাছলৈ ক্ৰমে কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।[5] সাম্প্ৰতিক সময়ত কালিম্পঙৰ লেপ্‌চা জনজাতিৰ লোকজ্ঞান সম্পৰ্কীয় গৱেষণাত দাস বিশেষভাৱে জড়িত হৈ আছে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে চৰ্চা কৰা তথা গ্ৰন্থ ৰচনা কৰা বৰ্তমানলৈকে দাসৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা দহখন, তাৰে দুখন বিদ্যায়তনিক সম্পাদিত গ্ৰন্থ৷ [5]

১৯৮২ চনৰ ১০ জুলাইত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত জন্ম হয়। শৈশৱ আৰু কৈশোৰ কটায় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কলেজপাৰাত। পিতৃ প্ৰয়াত কৃষ্ণগোপাল দাস আৰু মাতৃ মৃন্ময়ী দাস দুয়ো আছিল অৰ্থনীতিৰ শিক্ষক। পিতৃ আছিল নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় (বৰ্তমান মাধৱদেৱ বিশ্ববিদ্যালয়)ৰ অধ্যক্ষ আৰু মাতৃ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতিৰ বিষয় শিক্ষয়িত্ৰী।[4]

পাণবাৰী বুনিয়াদী শিক্ষাশ্ৰমত শিক্ষা আৰম্ভ কৰি পাণবাৰী মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে আৰু মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। মাধৱদেৱ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক আৰু কটন কলেজৰ পৰা অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থানত স্নাতক ডিগ্ৰী লাভ। সাংবাদিকতাৰ ডিপ্লোমা। তাৰ পাছত গুৱাহাটি বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থানত ভাষা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গৱেষণাৰ উদ্দেশ্যৰে দিল্লীলৈ যায় আৰু তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়ন কৰে।[5] ২০১০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা “Depiction of Tribal Life in Gopinath Mohanty’s Paraja and Birendra Kumar Bhattacharyya’s Yaruingam” শীৰ্ষক গৱেষণা গ্ৰন্থৰ কাৰণে পি.এইছ.ডি ডিগ্ৰী লাভ। উল্লেখযোগ্য যে অসমীয়া বিভাগৰ পৰা গৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত গৱেষণা গ্ৰন্থ লিখা ড° দাসেই প্ৰথম আৰু বৰ্তমানলৈকে একমাত্ৰ।[2] দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰসিদ্ধ লোককলা অধ্যয়নবিদ প্ৰফেছৰ পি. চি. পট্টনায়কৰ নিৰ্দেশনাত তেওঁ PhD সম্পূৰ্ণ কৰিছিল। প্ৰফেছৰ পট্টনায়কৰ দীক্ষাৰেই ২০০৬ চনৰ পৰা লোককলা অধ্যয়নৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰম্ভ কৰা প্ৰফেছৰ দাসে এতিয়ালৈকে অসম, ওড়িশা, ছত্তিশগড়, কালিম্পঙ (পশ্চিমবংগ) আৰু মণিপুৰৰ বিভিন্ন জনজাতিৰ ক্ষেত্ৰ অধ্যয়নভিত্তিক গৱেষণা কৰিছে। বিশেষকৈ কালিম্পঙৰ লেপ্চা জনজাতিৰ লোকজ্ঞান সম্পৰ্কীয় গৱেষণাত ড° দাস বিশেষভাৱে জড়িত হৈ আছে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৮ চনত মাৰ্চ মাহত দিল্লী বিশ্ববিদ্যালয়ৰ “ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ” (Department of Modern Indian Languages and Literary Studies)ত সহকাৰী অধ্যাপক হিচাপে যোগদান। বিভাগত অসমীয়া ভাষা-সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্য (Comparative Indian Literature)ৰ শিক্ষাদান কৰে। একেটা বিভাগৰে পৰা ২০১৭ চনত সহযোগী অধ্যাপক আৰু ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা প্ৰাধ্যাপক (Professor) হিচাপে কৰ্মৰত।[4] উল্লেখযোগ্য যে পূৰ্বে এইটো বিভাগতে ড° ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী)য়ে শিক্ষাদান কৰিছিল।

সাহিত্যৰাজি

[সম্পাদনা কৰক]

প্ৰকাশিত উপন্যাস

[সম্পাদনা কৰক]
  • ‘হৰি গুণ কহন নযাই’ (২০১৩, বনলতা)
  • ‘নখ নৰখা ছোৱালীবোৰ আৰু তিনিখন ভিন্নস্বাদৰ উপন্যাসিকা’ (২০১৫)
  • ‘অৰ্বাচীন’ (২০২২, বনলতা)[7]

বিদ্যায়তনিক গ্ৰন্থ

[সম্পাদনা কৰক]
  • ‘বুকমাৰ্ক’ (২০২২, পূৰ্বায়ন)
  • ‘Yeshe Dorjee Thongchi: Assamese Echo from the Hills of Arunachal’ (Purbanchal Prakash, 2023)
  • ‘পোহৰৰ তুলিকা, সাগৰৰ পাৰত এটা ঘৰৰ সপোন আৰু ৰৱীন্দ্ৰন ছাৰ’ (২০২৩, পূৰ্বায়ন)[2]
  • Modern Indian Languages Assamese (BAALA-135): An edited book (Text Book, one of two editors) of IGNOU. (School of Humanities), Published by IGNOU: New Delhi, March, 2022.
  • Hindi Swayam Shikshak: A Self-taught book for the non-natives to learn Assamese and for the Assamese speakers to learn Hindi. Published by Central Hindi Directorate (Department of Higher Education, Ministry of Education, Government of India): New Delhi.[2]

আত্মজৈৱনিক লেখা

[সম্পাদনা কৰক]
  • “মাক-কথা: Unfolded Stories of a Mother” ২০২৫ চনৰ চেপ্টেম্বৰ মাহৰ পৰা ’অন্যযুগ’ত ধাৰাবাহিকৰূপে প্ৰকাশ হৈ থকা এই লেখা মূলতঃ মাতৃত্বৰ যাত্ৰাৰ অভিজ্ঞতাৰ বৰ্ণনা।
  • বাঘৰাণী খইৰী-বাঘিনীৰ সত্য জীৱন কাহিনী (২০২৩, আঁক-বাক, (মূল ওড়িয়া, লেখক: অখিলমোহন পট্টনায়ক) পূৰ্বে ২০২১ চনত ’অন্যযুগ’ত মাহেকীয়া ধাৰাবাহিকৰূপে প্ৰকাশিত আৰু পাছত আঁক-বাকৰ দ্বাৰা প্ৰকাশিত৷[5]
  • পাহাৰৰ সংগীত (২০২৩, নেশ্বন্যেল বুক ট্ৰাষ্ট, মূল ইংৰাজী: ৰঞ্জিতা বিশ্বাস)[2]
  • নিম বাবা (২০২৫, নেশ্বন্যেল বুক ট্ৰাষ্ট, মূল হিন্দী: ইংৰাজী: এস. আই. ফাৰুকী)

নিয়মীয়া স্তম্ভলেখা

[সম্পাদনা কৰক]
  • ‘নিয়মীয়া বাৰ্তা’ৰ পষেকীয়া শিতান/স্তম্ভলেখা ‘অব্যক্তিগত’ (পূৰ্বে )
  • ‘দৈনিক জনমভূমি’ৰ পষেকীয়া শিতান/স্তম্ভলেখা ‘ইত্যাদি’ আৰু ‘আৰু কিছু অব্য়ক্তিগত’ (পূৰ্বে)
  • ‘দৈনিক অসম’ কাকতত ‘শব্দশাল’ (বৰ্তমান প্ৰকাশ হৈ থকা)[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৩ চনৰ ১ ফেব্ৰুৱাৰীত কৰ্কট ৰোট বিশেষজ্ঞ ৰবটিক শল্য চিকিৎসক ডা° বিক্ৰম কুমাৰ ডেকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। একমাত্ৰ সন্তান নিনাদ বিক্ৰম৷[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]