সদস্য:ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাম[সম্পাদনা কৰক]

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান বিন মছীৰুদ্দিন বিন ছৈয়দ চৰকাৰ

জন্ম[সম্পাদনা কৰক]

২৭-০৪-১৯৯০ইং মুতাবিক ০১-১০-১৪১০ হি. শুক্ৰবাৰ ইদুল ফিতৰৰ দিনা গোৱালপাৰা জিলাৰ হাগুৰিপাৰা গাওঁত তেওঁৰ জন্ম।[1]

শিক্ষা[সম্পাদনা কৰক]

প্ৰাথমিক শিক্ষা গোৱালপাৰা জিলাৰ হাগুৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হয়। ১৯৯৮ চনৰ আগষ্ট মাহৰ ডাঙৰ বানপানীত ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত তেওঁলোকে গোৱালপাৰা জিলা ত্যাগ কৰি দৰং জিলাৰ খাৰুপেটীয়াত আহি বসতি লয়। সেই সময়ত তেওঁ তৃতীয় শ্ৰেণীত পঢ়ি আছিল। তাৰ পিছত তেওঁ দলগাওঁ ব্লক প্ৰাথমিক বিদ্যালয়ত পঢ়া আৰম্ভ কৰে। তাৰ পৰা চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হৈ ২০০০ইং চনৰ ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখে দৰং জিলাৰ যোগীপাৰা অঞ্চলত অৱস্থিত মাহাদ উচমান বিন আফফান হাফীজিয়া মাদ্ৰাছাত ভৰ্তি হয়। ২০০৪ইং চনত কোৰআন হিফজ কৰি ২০০৫ইং চনত আৰবী শিক্ষাৰ আৰম্ভণি খাৰুপেটীয়াত অৱস্থিত জামিয়া ইছলামীয়া অসম মাদ্ৰাছাত কৰে। তাত তেখেতে আলিম (দ্বাদশ শ্ৰেণী) কোৰ্ছ সম্পূৰ্ণ কৰে। ২০১০ইং চনত ফজিলত (টাইটেল) কোৰ্ছ কৰিবলৈ দিল্লী লৈ প্ৰস্থান কৰে। দৈৰ্ঘ দুবছৰ সময় অধ্যায়ন কৰি তাৰ পৰা ফজিলত (বি,এ)ৰ চাৰ্টিফিকেট অৰ্জন কৰে।[2]

বিৰতিৰ সময়ছোৱাত[সম্পাদনা কৰক]

দিল্লী থকা অৱস্থাত তেওঁ আজমেৰি গেট মছজিদত ইমামতিৰ দায়িত্ব পালন কৰিছিল। তাতেই উৰ্দু ভাষাত তেওঁৰ প্ৰথম ৰাজহুৱা খুতবাৰ আৰম্ভণি ১১-১১-২০১১ইং তাৰিখে হৈছিল। তেখেতৰ বহুতো লিখনি দৈনিক আৰু সপ্তাহিক কাকতত প্ৰকাশ পাইছে, বিশেষকৈ সপ্তাহিক মুজাহিদত প্ৰকাশ হোৱা "বিদআত সম্পৰ্কে আপুনি জানেনে"?, ধাৰাবাহিক লিখনিটো অতি জনপ্ৰিয় আছিল। ইয়াৰ বাহিৰে অগ্ৰদূত, অসমীয়া খবৰ ইত্যাদিতো তেওঁৰ লিখনি প্ৰকাশ পাইছে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

ফজিলত শিক্ষা শেষ কৰি ২০১২ইং চনৰ ২০ জুলাইত তেওঁ মুম্বাইলৈ প্ৰস্থান কৰে। তাত তেওঁ "মাছজিদুত তাওহীদ" নামে বান্দ্ৰাত এখন মছজিদ উদ্বোধন কৰে আৰু তাতেই তেওঁ ইমামতিৰ দায়িত্ব পালন কৰে।

আকৌ শিক্ষাৰ বাবে ভ্ৰমণ[সম্পাদনা কৰক]

২০১৩ইং চনৰ ডিচেম্বৰ মাহত তেওঁ মদীনাহ ইছলামিক বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ বাবে স্কলাৰশ্বিপ পায়। সেয়ে ২০১৪ইং চনৰ ৮ ফেব্ৰুৱাৰীৰ দিনা তেওঁ মদীনালৈ প্ৰস্থান কৰে।

তেওঁৰ অনুবাদিত কিছুমান পুথি[সম্পাদনা কৰক]

১) আল-কোৰআনুল কাৰীম

২) তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়] লেখক : আব্দুৰ ৰাজ্জাক্ব বিন আব্দুল মুহছিন আল-আব্বাদ আল-বদৰ https://islamhouse.com/as/books/2811816/

৩) অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ লেখক : আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী https://islamhouse.com/as/books/2808300/

৪) দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ লেখক : মুহাম্মদ ছলেহ আল মুনাজ্জিদ https://islamhouse.com/as/books/2804918/

৫) চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা (প্ৰকাশিত) লেখক : শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন https://islamhouse.com/as/books/2802219/

৬) যাকাত আৰু ছওম বিষয়ক দুটা পুস্তিকা লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ https://islamhouse.com/as/books/2798742/

৭) ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন লেখক : মুহাম্মদ আল-আমীন আশ্ব-শ্বানক্বীতি https://islamhouse.com/as/books/2794966/

৮) মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান (প্ৰকাশিত) লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান https://islamhouse.com/as/books/2791532/

৯) ছুন্নতে ৰাছুল খামুচি ধৰা আৰু বিদ‘আতৰ পৰা সতৰ্ক থকা অপৰিহাৰ্য লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ https://islamhouse.com/as/books/2784929/

১০) এটা বাৰ্তা মাথোন ড. নাজী ইবন ইব্ৰাহীম আল-আৰফাজ https://islamhouse.com/as/books/2784429/

১১) দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুকুতাদানা আব্দুৰ ৰহমান বিন নাছিৰ আচ-ছাদী http://islamhouse.com/as/books/2782098/

১২) মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান আব্দুল আজীজ বিন দাউদ আল ফায়েজ http://islamhouse.com/as/books/2777784/

১৩) ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা (প্ৰকাশিত) শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন http://islamhouse.com/as/books/2775117/

১৪) সুখি জীৱনৰ কিছুমান উপকাৰী উপায় (প্ৰকাশিত) আব্দুৰ ৰহমান বিন নাছিৰ আচ-চা’দী http://islamhouse.com/as/books/898804/

১৫) হিছনুল মুছলিম (প্ৰকাশিত) ছাঈদ বিন আলী বিন অহাফ আল কাহতানী http://islamhouse.com/as/books/885099/

১৬) আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা (প্ৰকাশিত) শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন http://islamhouse.com/as/books/828519/

১৭) ইছলামী দৃষ্টিকোণত অলী-আউলিয়া আৰু পূণ্যবান লোকসকলৰ অছিলা গ্ৰহণ (প্ৰকাশিত) শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ http://islamhouse.com/as/books/809816/ ১৮) চাৰিটা নীতি (প্ৰকাশিত) মুহাম্মদ বিন আব্দুল ওৱাহ্হাব http://islamhouse.com/as/books/809194/

১৯) তিনিটা মৌলিক নীতিমালা আৰু ইয়াৰ দলীলৰাজি মুহাম্মদ বিন আব্দুল ওৱাহ্হাব ২০) সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয় (প্ৰকাশিত) শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ২১) সংক্ষিপ্ত জানাযাৰ মছলা-মাছাইল (প্ৰকাশিত) শ্বাইখ নাছিৰুদ্দিন আলবানী ২২) ছালাত আদায় কৰাৰ সঠিক পদ্ধতি (প্ৰকাশিত)[2]

  1. . Interview. 
  2. 2.0 2.1 "Error: no |title= specified when using {{Cite web}}". https://islamhouse.com/as/author/809197/। আহৰণ কৰা হৈছে: 24 November 2016.