সমললৈ যাওক

ৰবিজিতা গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবিজিতা গগৈ

ৰবিজিতা গগৈ
জন্ম ৭ আগষ্ট, ১৯৭২
ডিফু, কাৰ্বি আংলং
পেচা নাট্যকাৰ, প্ৰযোজক, পৰিচালক, লেখক, অনুবাদক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বি.এ, NSD ৰ পৰা নাটকৰ (বিশেষতঃ অভিনয়,ডিজাইন আৰু পৰিচালনা) স্নাতকোত্তৰ ডিপ্লমা
মাতৃশিক্ষায়তন সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ১৯৯৭
ধৰণ নাটক
উল্লেখনীয় কৰ্মৰাজি জিৰছং থিয়েটাৰ, ধ্ৰুৱস্বামিনী (হিন্দী, মূল- জয়শংকৰ প্ৰসাদ), গাথা-দ্যা ফাৰ্ষ্ট টেক্সট, ইতি মৃণালিনী (অভিযোজনা, মূল- ৰবীন্দ্ৰনাথ ঠাকুৰ), ৰংফাৰপী ৰংৱে (কাৰ্বি ভাষা), থং নকৱে (কাৰ্বি ভাষা)
উল্লেখযোগ্য বঁটা একা এবং কয়েকজন সামাজিক-সাংস্কৃতিক গোষ্ঠী, অসমৰ য়ুথ এচিভাৰ এৱাৰ্ড,২০০৫, সংগীত নাটক অকাডেমীৰ ওষ্টাদ বিছমিল্লা খান বঁটা, ২০০৬, শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২১

স্বাক্ষৰ ৰবিজিতা গগৈৰ স্বাক্ষৰ

ৰবিজিতা গগৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰাপ্ত এগৰাকী অসমীয়া নাট্যকাৰ, প্ৰযোজক, পৰিচালক, লেখক তথা অনুবাদক। তেওঁ অসমীয়া, হিন্দী, ইংৰাজী, কাৰ্বি, বড়ো, নাগামিজ, কন্নড়, মালয়ালম আদি বিভিন্ন ভাষাত নাট ৰচনা কৰি নাট্যসাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। তদুপৰি তেওঁ ফৰাচী, ইংৰাজী, বাংলা, হিন্দী আদি বিভিন্ন ভাষাৰ ভালেমান মননশীল নাট, গল্প অসমীয়ালৈ ভাঙনি কৰি পৰিৱেশন কৰি আহিছে। অসমীয়া নাটকৰ ক্ষেত্ৰখনলৈ উত্তৰ আধুনিকতাবাদী ধাৰাৰ সূচনাৰ ক্ষেত্ৰত তেওঁ অন্যতম পথিকৃৎ।

ৰবিজিতা গগৈৰ জন্ম হৈছিল কাৰ্বি আংলং জিলাৰ ডিফুত ১৯৭২ চনৰ ৭ আগষ্ট তাৰিখে। তেওঁৰ পিতৃ স্বৰ্গীয় দেবেন চন্দ্ৰ গগৈ আৰু মাতৃ সাৱিত্ৰী গগৈ।[1]

তেওঁ উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে ডিফুতে শিক্ষাগ্ৰহণ কৰে। জন্ম চহৰ ডিফুত কটোৱা এই সময়চোৱাই তেওঁৰ পৰৱৰ্তী নাট্যযাত্ৰাত বাৰুকৈয়ে অনুপ্ৰেৰণা যোগায়। তাৰপাছতে তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক মহলাৰ শিক্ষা গ্ৰহণ কৰে। ১৯৯৭ চনত তেওঁ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (National School of Drama) ৰ পৰা নাটকৰ অভিনয়ৰ ডিজাইন আৰু পৰিচালনা বিষয়ক তিনিবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। অসম অভিনয় প্ৰতিষ্ঠানৰ পৰাও তেওঁ ১৯৯১ চনত ছমহীয়া পাঠ্যক্ৰমৰ ডিপ্লমা অৰ্জন কৰে। ১৯৯৯ চনত তেওঁ কেৰেলাৰ পৰম্পৰাগত সামৰিক কলা কালাৰিপায়াত্তুৰ তিনিমহীয়া বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে। জাপান ফাউণ্ডেশ্বন প্ৰকল্পৰ অধীনত ১৯৯৮ চনত জাপানৰ ৰাজধানী চহৰ টকিঅ’ত Noh আৰু Kabuki থিয়েটাৰৰ আঢ়ৈ মাহৰ দিকবিন্যাস অনুষ্ঠানতো তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[2]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

সন্দিকৈ মহাবিদ্যালয়ত অধ্যয়নৰত সময়ত (১৯১১-১৯৯৩) 'যাত্ৰা' (১৯৯২) আৰু 'আত্মজ' (১৯৯৩) নামেৰে দুখন একাংকিকা নাটক ৰচনা আৰু পৰিচালনা কৰি নাটকৰ ক্ষেত্ৰখনত প্ৰবেশ কৰে। ১৯১৩ চনতে অসম নাট্য সন্মিলনৰ ডিফু শাখাৰ উদ্যোগত প্ৰখ্যাত মাৰাঠী নাট্যকাৰ মহেশ এলকুনচৱাৰ ৰচিত আৰু নয়ন প্ৰসাদৰ দ্বাৰা অসমীয়ালৈ অনূদিত 'হোলী' নামৰ পূৰ্ণাংগ নাটক পৰিচালনা কৰে। 'হোলী' তেওঁৰ জীৱনৰ প্ৰথম পূৰ্ণাংগ নাট-পৰিচালনা। ১৯৯৫ চনত এটি নাট্য দলৰ প্ৰয়োজনীয়তা অনুভৱ কৰি জিৰছং থিয়েটাৰ গঠন কৰি গতিৰোধক, হৈ-চৈ আৰু কাঞ্চনজংঘা নামেৰে তিনিখন চুটি নাটক নিবেদনেৰে জিৰছং থিয়েটাৰক দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়ে।[3]

তদুপৰি তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লী, হাইদৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ভাটেণ্ডু নাট্যকলা কেন্দ্ৰ, ভূপাল, ভাণ্ডাৰকৰ বিশ্ববিদ্যালয়, মাংগালুৰ আদি শিক্ষা প্ৰতিষ্ঠানৰ তেওঁ আতিথি নাট বিশেষজ্ঞ হিচাপে আমন্ত্ৰিত হৈ বক্তৃতা তথা প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

নাট পৰিচালনা

[সম্পাদনা কৰক]

বিগত সময়ছোৱাত তেওঁ পঞ্চল্লিশখনৰো অধিক নাটক বিভিন্ন ভাৰতীয় ভাষা যেনে হিন্দী, কানাড়া, মালয়ালম, অসমীয়া, বড়ো, ইংৰাজী, কাৰ্বি আৰু নাগামিজ ভাষাত পৰিচালনা কৰিছে। এই নাটকসমূহৰ ভিতৰত জয় শংকৰ প্ৰসাদ, গিৰিশ কৰ্ণাড, মহেশ এলকুনচৱাৰ, বিজয় টেণ্ডুলকাৰ, মামণি ৰয়চম গোস্বামী, ৰবীন্দ্ৰনাথ ঠাকুৰ, ছফ’ক্লিছ, শিশিৰ কুমাৰ দাস, মাৰ্গেৰিট ড্যুৰাচ, হেৰল্ড পিণ্টাৰ, মোহন ৰাকেশ আদিৰ দৰে যশস্বী লেখক-নাট্যকাৰৰ সাহিত্যকৃতিও আছে। এই নাট্য, কৰ্মসমূহৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ নাটক হৈছে—

  • ১৯৯৮ চনত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰংগমন্ডল অনুষ্ঠানৰ বাবে জয় শংকৰ প্ৰসাদৰ প্ৰখ্যাত হিন্দী নাট ধ্ৰুৱস্বামিনী পৰিচালনাৰ যোগেদি ভাৰতীয় নাটকৰ বিশাল ক্ষেত্ৰখনত প্ৰৱেশ কৰে।
  • ১৯৯৯ চনত তেওঁ কাৰ্বি সমাজত প্ৰচলিত লোককথাৰ আধাৰত ৰংফাৰপী ৰংৱে নামৰ নাটখন পৰিৱেশন কৰে।
  • ১৯৯৯ চনতে নগা নৃগোষ্ঠীয় শিল্পীসকলৰ দ্বাৰা তেওঁ নাগামিজ ভাষাত পাণ্ডুলিপিবিহীন নাট (Devised Play) নিছেলী পৰিৱেশন কৰে।
  • ২০০৬ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰিপোৰ্টেৰি কোম্পেনীত আন এখন পাণ্ডুলিপিবিহীন নাট মেমচাহেব পৃথিৱী পৰিচালনা কৰে।[4]
  • ২০০৮ চনত নতুন দিল্লীৰ শ্ৰীৰাম পৰিৱেশ্য কলা কেন্দ্ৰৰ ৰিপোৰ্টেৰি কোম্পেনীত প্ৰখ্যাত নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ কন্যাদান নাটখন পৰিচালনা কৰে।
  • ১৯৯৯ চনত তেওঁৰ পৰিচালনাতে জিৰচং থিয়েটাৰৰ প্ৰযোজনাত নতুন দিল্লীত নোবেল বঁটা প্ৰাপক ইংৰাজ নাট্যকাৰ হেৰল্ড পিণ্টাৰৰ দ্য ডাম্ব ৱেইটাৰ নাটখন মঞ্চস্থ হয়।
  • ২০১২ চনত writer’s Blog for National Theatre London & Rage Theatre, India Project-ৰ অধীনত তেওঁৰ পৰিচালনাত পূৰ্বা নৰেশৰ অ’কে টা টা বাই বাই নাটখন পৰিৱেশন কৰা হয়।[5]
  • প্ৰখ্যাত হিন্দী কাহিনীকাৰ ফণীশ্বৰ নাথ ৰেণুৰ গল্পৰ আধাৰত ২০১৪ চনত Art Firm production, Mumbai ৰ বেনাৰত ডিলডাৰ এক্সপ্ৰেছ নাটখন মঞ্চস্থ কৰা হয়।
  • ২০০০ চনত প্ৰখ্যাত ফৰাচী ঔপন্যাসিক তথা নাট্যকাৰ মাৰ্গেৰিট ড্যুৰাচৰ নাট অসমীয়ালৈ নিশাৰ ৰাগিনী নামেৰে ভাঙনি কৰি পৰিচালনা কৰে।
  • মামণি ৰয়ছম গোস্বামীৰ দেৱী পীঠৰ তেজ উপন্যাসখন একে নামতে মঞ্চ অভিযোজনা কৰি ২০০০ চনত পৰিচালনা কৰে।
  • আইৰিচ নাট্যকাৰ জে. এম. চিঞ্জৰ নাট অসমীয়াত মৃত্যুৰ ডাঠ ছাঁ নামেৰে অনুসৃষ্টি কৰি ২০০২ চনত পকিচালনা কৰে।
  • পোন প্ৰথম বাৰৰ বাবে ২০০৩ চনত অসমীয়া নাটকৰ ক্ষেত্ৰত পাণ্ডুলিপিবিহীন নাটৰ ধাৰণাৰে গাথা-দ্য ফাৰ্ষ্ট টেক্সট নামৰ Devised Play খনৰ ডিজাইন আৰু পৰিচালনা কৰে।
  • ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প স্ত্ৰীৰ পত্ৰ অসমীয়ালৈ ইতি মৃণালিনী নামেৰে ভাঙনি কৰি ২০১২ চনত পৰিচালনা কৰে।
  • মূল গিৰীশ কৰ্ণাডৰ নাটক ব্ৰোকেন ইমেজেচ (অৰিন্দম বৰকটকীয়ে কৰা অনুবাদ) পৰিচালনা কৰে ২০১৩ চনত।
  • শিশিৰ কুমাৰ দাসৰ বাংলা নাট বাঘ পৰিচালনা কৰে ২০১৭ চনত।
  • ছ’ফোক্লিছৰ এণ্টিগণি নাটক পৰিচালনা কৰে ২০১৭ চনত।
  • অঞ্জন ভূঞাৰ নাটক টিকনি ৰজাৰ সাধু ২০১৮ চনত পৰিচালনা কৰে।
  • ছ’ফোক্লিছৰ এণ্টিগণি নাটকৰ জ্যা আনহুইয়ে কৰা ফৰাচী অভিযোজনাৰ আধাৰত এণ্টিগণি মেনিয়া পৰিচালনা কৰে ২০১৯ চনত।
  • ২০২১ চনত আনটাইটেল্ড নামৰ এখন Devised Play পৰিচালনা কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতীয় ভাষাৰ নাট্যক্ষেত্ৰলৈ অৱদান

[সম্পাদনা কৰক]
  • ৰংফাৰপী ৰংৱে, কাৰ্বি লোককথাৰ আধাৰত পৰিচালিত কাৰ্বি ভাষাৰ নাটক, ১৯৯৯
  • থং নকৱে, কাৰ্বি লোককথাৰ আধাৰত পৰিচালিত কাৰ্বি ভাষাৰ নাটক, ২০০০
  • ছমাইনি খুচেৰনাই, বড়ো ভাষাত পৰিচালিত নাটক
  • ফাখন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ নোটবুক গল্পৰ আধাৰত বড়ো ভাষাত ৰচিত আৰু পৰিচালিত নাটক,২০১৩
  • নিছেলী, নাগামিজ ভাষাত পৰিৱেশিত নাটক,১৯৯৯
  • টেকণিকালাৰ ড্ৰিম, নাগালেণ্ডত পৰিৱেশিত বহুভাষিক Devised Play ,২০০৮[6]
  • টেকণিকালাৰ ড্ৰিম ২, নাগালেণ্ডত পৰিৱেশিত বহুভাষিক Devised Play ,২০০৮

[7]

নাট প্ৰশিক্ষক তথা নাট্যক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় সংহতি স্থাপকৰ ভূমিকাত

[সম্পাদনা কৰক]
  • ১৯৯৯ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত ভাৰত-জাপান সহযোগিতামূলক প্ৰকল্প-“মিৱা”ত সহঃ কষ্টিউম ডিজাইনাৰ হিচাপে অংশগ্ৰহণ
  • ২০০৫ চনত টকিঅ’ত অনুষ্ঠিত এছিয়া মিটচ এছিয়া শীৰ্ষক সহযোগিতামূলক প্ৰকল্পৰ অধীনত অনুষ্ঠিত Unbearable Dreams/3 অনুষ্ঠানত পৰিৱেশনকাৰী হিচাপে যোগদান
  • ২০০৯ চনত পুনৰ টকিঅ’ত অনুষ্ঠিত এছিয়া মিটচ এছিয়া শীৰ্ষক সহযোগিতামূলক প্ৰকল্পৰ অধীনত অনুষ্ঠিত Unbearable Dreams/4 lost Home অনুষ্ঠানত Cyber পৰিৱেশনকাৰী হিচাপে যোগদান
  • ২০০৯ চনত ভাৰত আৰু সংযুক্ত যুক্তৰাষ্ট্ৰৰ সহযোগিতাত তথা বৃটিছ কাউন্সিলৰ সৌজন্যত এডিনবাৰ্গ,স্কটলেণ্ডত অনুষ্ঠিত হোৱা থিয়েটাৰ সূত্ৰ শীৰ্ষক সৃষ্টিশীল কলা প্ৰকল্পত অংশগ্ৰহণ।[8]

নাট্যানুষ্ঠান প্ৰতিষ্ঠাপকৰ ভূমিকাত

[সম্পাদনা কৰক]
  • ১৯৯৫ চনত ডিফু চহৰত তেওঁ জিৰছং থিয়েটাৰ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰে। সম্প্ৰতিও এই গোষ্ঠীটোৱে অসমৰ বিভিন্ন স্থানত ভালেমান নাট মঞ্চস্থ কৰি নাট্যশিল্পৰ চৰ্চাক উজ্জ্বীৱিত কৰি ৰাখিছে। [9]
  • স্বয়ম– জিৰছং থিয়েটাৰৰ উদ্যোগত স্বয়ম শীৰ্ষক ভাৰতীয় মহিলা পৰিচালকৰ নাটক আৰু নাট সন্মিলন অনুষ্ঠানটো আয়োজিত হৈছিল ২০১৫ চনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন আৰু ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত। অসমত নাৰী নাট্যকৰ্মীৰ হকে অনুষ্ঠিত হোৱা ই এক অগ্ৰগণ্য অনুষ্ঠান। এই অনুষ্ঠানত দেশৰ চাৰিখন ৰাজ্য যথা- পঞ্জাৱ,মণিপুৰ,দিল্লী আৰু অসমৰ চাৰিগৰাকী প্ৰথিতযশা নাৰী নাট পৰিচালকৰ সন্মিলন তথা নাট পৰিৱেশন কৰা হৈছিল। তাৰ ভিতৰত– পাকিজা বেগমৰ অভিনয়, পৰিচালনা আৰু ডিজাইনেৰে পদ্মাপ্ৰিয়া, পাপৰি মেধিৰ অভিনয় আৰু শ্ৰী মতী গগণদ্বীপৰ পৰিচালনাৰে সময় কা ঘাটা, দীপিকা ডেকাৰ ৰচনা আৰু পৰিচালনাৰে বাটৰ নাট- কাঠ পুতলা, ড° এছ থানিনলাইমাৰ ৰচনা আৰু পৰিচালনাৰে নেইহাতপিৰাবা, চজিডাৰ পৰিচালনাৰে বাডা 'দ্য শ্লথাৰ হাউচ' আছিল অন্যতম। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন নাৰী সন্মিলনো অনুষ্ঠিত হৈছিল য’ত বিভিন্ন প্ৰান্তৰ অনুভৱী নাৰীসকলে অংশগ্ৰহণ কৰিছিল। [10]
  • মঞ্চযাত্ৰা– ৰবিজিতা গগৈৰ উদ্যোগত তথা জিৰছং থিয়েটাৰ গোষ্ঠীৰ দ্বাৰা অনুষ্ঠিত এইটো আছিল এটা ভ্ৰাম্যমাণ নাট্যযাত্ৰা। ২০০৫-২০০৬ চনত গোষ্ঠীটোৱে উত্তৰ-পূৱ ভাৰতৰ সকলো ৰাজ্যত বাছেৰে ভ্ৰমণ কৰি ৰবিজিতা গগৈৰ গাথা-দ্য ফাৰ্ষ্ট টেক্সট নাটখনৰ ১৪টা দৰ্শনী কৰিছিল। এই নাট্যযাত্ৰাৰ উদ্দেশ্য আছিল নাট্যশিল্পৰ মাধ্যমেৰে উত্তৰ-পূৱ ভাৰতৰ সংহতি শক্তিশালী কৰা। [11]

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ

[সম্পাদনা কৰক]
  • ২০০২ চনত বাংলাদেশৰ ঢাকাত আয়োজিত Relevance of a Doll’s House- Translation & Adaptation বিষয়ক আন্তঃৰাষ্ট্ৰীয় ইবচেন সন্মিলনত ‘Norha In the context of Northeast India’ গৱেষণা পত্ৰ উপস্থাপন
  • ২০০৩ চনত অনুষ্ঠিত পূৰ্বা শীৰ্ষক এছিয়াৰ মহিলা নাট্যকৰ্মীৰ সন্মিলন আৰু নাট মহোৎসৱত নতুন প্ৰজন্মৰ থিয়েটাৰ পৰিচালক বিষয়ত বক্তৃতা প্ৰদান।
  • ২০০৯ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত DAWN,South and South East Asian Regional Consultation on Feminist Engagement with Conflict, Impunity and Peace শীৰ্ষক অনুষ্ঠানত ‘Conflict, Women and peace- Reflection in Art in the context of India’s Northeast ‘ বিষয়ত বক্তৃতা প্ৰদান।
  • ২০১৪ চনত জাপানৰ টকিঅ’ত Indian Theatre: tradition and Contemporary Practise বিষয়ক বক্তৃতা প্ৰদান।
  • ২০০৯ চনত ৮ম আন্তঃৰাষ্ট্ৰীয় নাৰী নাট্যকাৰ সন্মিলন, মুম্বাইত ভৱিষ্যতৰ থিয়েটাৰ বিষয়ত বক্তৃতা প্ৰদান।
  • ২০০৯ চনত Project Sutra, Creative Collaborations between India & UK, Edinburgh, Scotland, British Council ত ‘Indian Prospective on Collaboration’ বিষয়ত বক্তৃতা প্ৰদান।
  • ২০১৮ চনত ঢাকাত অনুষ্ঠিত এছিয়ান থিয়েটাৰ সন্মিলনত Asian Theatre (Past, Present & Future) of India বিষয়ত বক্তৃতা প্ৰদান।[12]

সাহিত্য কৃতি

[সম্পাদনা কৰক]

নাট্য সংকলন

[সম্পাদনা কৰক]
  1. নিশাৰ ৰাগিনী আৰু অন্য নাটক, অন্বেষা, ২০০৫।
  2. পদ্মাপ্ৰিয়া,বিন্দু,ভোগৰাজ আৰু জানকীৰ কথাৰে (সম্পা.), জিৰছং থিয়েটাৰ প্ৰকাশন, ISBN: 978-93-341-7822-7, ২০২৪।[13]

গ্ৰন্থ অধ্যায়

[সম্পাদনা কৰক]
  1. Relevance of a Doll’s House- Translation & Adaptation
  2. নাটক আৰু মঞ্চকলা, চন্দ্ৰ প্ৰকাশ, ২০১৮,ISBN: 978-81-244-0453-9,[14]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  1. য়ুথ এচিভাৰ এৱাৰ্ড, ২০০৫ চনত একা এবং কয়েকজন সামাজিক-সাংস্কৃতিক গোষ্ঠী, অসমে প্ৰদান কৰে [15]
  2. ওষ্টাদ বিছমিল্লা খান বঁটা, ২০০৬ চনত সংগীত নাটক অকাডেমীয়ে প্ৰদান কৰে [16]
  3. শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২১ চনত সূৰ্য-সামাজিক,সাংস্কৃতিক সংগঠন,অসমে প্ৰদান কৰে [17]
  4. Junior fellowship of Ministry of Culture, Government of India for research on performance elements in six major tribes in Assam, 1999.
  5. Senior fellowship of Ministry of Culture, Government of India for research on Post independent modern Assamese theatre in the context of Text & Transformation of Ideas across Brahmaputra Valley, 2021-22.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://www.telegraphindia.com/north-east/in-an-experimental-mode-personality/cid/1556457
  2. সুকন্যা,দেওবৰীয়া,নিয়মীয়া বাৰ্তা,২০ এপ্ৰিল,২০২৫
  3. শিতানঃ বহুমুখ, আমাৰ অসম, ৬ অক্টোবৰ, ২০১০, বুধবাৰ
  4. https://northeasterner.wordpress.com/2009/08/13/robijita-gogoi-and-her-creation/
  5. https://timesofindia.indiatimes.com/entertainment/hindi/theatre/ok-tata-bye-bye-pune/articleshow/53861203.cms
  6. https://nagalandpost.com/index.php/2008/09/21/dreamz-unlimited-the-theater-group-of-nagaland/%5Bসংযোগবিহীন+উৎস%5D
  7. শিতানঃ বহুমুখ, আমাৰ অসম, ৬ অক্টোবৰ, ২০১০, বুধবাৰ
  8. শিতানঃ বহুমুখ, আমাৰ অসম, ৬ অক্টোবৰ, ২০১০, বুধবাৰ
  9. আমাৰ অসম, ৬ অক্টোবৰ, ২০১০, বুধবাৰ
  10. অসমীয়া প্ৰতিদিন, ১৪ জুন, দেওবাৰ, ২০১৫, দৈনিক অসম, ২৬ জুন, ২০১৫, শুক্ৰবাৰ
  11. https://www.telegraphindia.com/north-east/theatre-on-wheels-on-a-roll-troupe-launches-tour-of-region-to-develop-common-platform-for-drama/cid/720633
  12. https://www.earlytimes.in/newsdet.aspx?q=318210
  13. https://www.nezine.com/info/dXovTEdEMEJaaEQ2dkFEZWt3MVFWUT09/dramatization-of-literary-works:-padmapriya,-bindu,-bhograj-aru-janokir-kothare-is-a-successful-experiment-in-assamese-theatre.html
  14. নাটক আৰু মঞ্চকলা, চন্দ্ৰ প্ৰকাশ, ২০১৮,ISBN: 978-81-244-0453-9
  15. শিতানঃ বহুমুখ, আমাৰ অসম, ৬ অক্টোবৰ, ২০১০, বুধবাৰ
  16. https://voice24x7.in/entertainment/jirsong-theatres-swayam-natak-samaroh-at-kalakshetra-on-september-8-10/%5Bসংযোগবিহীন+উৎস%5D
  17. https://www.asomiyapratidin.in/assam/surya-club-honours-t-director-rabijita-gogoi-and-kripal-kalita