সমললৈ যাওক

ৰবিনা গুৰেমে ৰৱাকোজো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবিনা গুৰেমে ৰৱাকোজো
জন্ম ১৭ জুলাই ১৯৬৪
ৰাষ্ট্ৰীয়তা উগাণ্ডা
নাগৰিকত্ব উগাণ্ডা
শিক্ষা নাকাচেৰো প্ৰাথমিক বিদ্যালয়
বানামালি হাইস্কুল<by>কিংছ কলেজ বুডো
মাকেৰেৰে বিশ্ববিদ্যালয়
আইন উন্নয়ন কেন্দ্ৰ
উগাণ্ডা ব্যৱস্থাপনা প্ৰতিষ্ঠান
পেচা অধিবক্তা, আৰু বিধায়ক
নিয়োগকৰ্তা ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়
গোম্বা পশ্চিম কাউণ্টি
উগাণ্ডাৰ সংসদ
জনা যায় ৰাজনীতি
পদবী সংসদৰ সদস্য
ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন (এন আৰ এম)


ৰবিনা গুৰেমে ৰৱাকোজো (ইংৰাজী: Robina Gureme Rwakoojo) এগৰাকী উগাণ্ডাৰ অধিবক্তা, বিধায়ক যি বৰ্তমান উগাণ্ডাৰ একাদশ সংসদৰ গম্বা জিলাৰ গম্বা পশ্চিম কাউণ্টিৰ সংসদৰ প্ৰতিনিধি সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1] তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন (এন আৰ এম)ৰ সৈতে জড়িত।[2] তেওঁ উগাণ্ডাৰ দশম সংসদতো কাৰ্যনিৰ্বাহ কৰিছিল।[3] উগাণ্ডাৰ ১১ সংখ্যক সংসদৰ উপাধ্যক্ষ পদৰ প্ৰতিদ্বন্দ্বিতাত তেওঁ যোগদান কৰে।[4][5][6]

ৰবিনা গুৰেমে ৰৱাকোজোৱে ১৯৬৪ চনৰ ১৭ জুলাইত এংলিকান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[3] তেওঁ নাকাচেৰো প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৭৬ চনত প্ৰাথমিক শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰে। নাবুমালি হাইস্কুললৈ যায় আৰু তাৰ পৰাই ১৯৮০ চনত উগাণ্ডাৰ শিক্ষাৰ প্ৰমাণ পত্ৰ সম্পূৰ্ণ কৰে। আৰু ১৯৮৪ চনত কিংছ কলেজ বুডোৰ পৰা তেওঁ উগাণ্ডাৰ এডভান্সড চাৰ্টিফিকেট অৱ এডুকেচন সম্পূৰ্ণ কৰে।[1]

ৰৱাকোজো গুৰেমে ১৯৯০ চনত মাকেৰেৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯০ চনত আইন উন্নয়ন কেন্দ্ৰৰ পৰা আইনী অনুশীলনত স্নাতকোত্তৰ ডিপ্লমা আৰু ২০০৭ চনত উগাণ্ডা মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা জনপ্ৰশাসন আৰু ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্লমা সমাপ্ত কৰে।[1]

ৰবিনা গুৰেমে ৰৱাকোজো ১৯৯০-১৯৯২ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত প্ৰশাসক জেনেৰেল বিভাগৰ ছাত্ৰ ৰাজ্যিক এটৰ্নী আছিল[6]আৰু একেটা সংস্থাৰ ভিতৰতে তেওঁ ১৯৯২ - ১৯৯৫ চনলৈকে ৰাজ্যিক এটৰ্নী হৈছিল।[1]১৯৯৫ - ১৯৯৬ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত এডমিনিষ্ট্ৰেটৰ জেনেৰেলছ বিভাগৰ জ্যেষ্ঠ ৰাজ্যিক এটৰ্নী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আইনী পৰামৰ্শদাতা সেৱা সঞ্চালকালয়ৰ বাবে তেওঁ ১৯৯৬ - ১৯৯৯ চনলৈকে এগৰাকী জ্যেষ্ঠ ৰাজ্যিক অধিবক্তা আৰু পিছলৈ তেওঁ ১৯৯৯ - ২০০৩ চনত প্ৰধান ৰাজ্যিক অধিবক্তা হৈছিল।[1]

২০০৩ - ২০০৭ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেৱানী গোচৰ সঞ্চালকালয়ৰ প্ৰধান ৰাজ্যিক অধিবক্তা হিচাপে কাম কৰে৷ ২০০৭ - ২০০৮ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেৱানী গোচৰ সঞ্চালকালয়ৰ বাবে ভাৰপ্ৰাপ্ত মুৰব্বী হয়।[5] ২০১০ - ২০১৫ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত অসামৰিক মামলা সঞ্চালকালয়ৰ আয়ুক্ত লাইন মন্ত্ৰালয় হিচাপে কাৰ্যনিৰ্বাহ কৰে।২০১৬ চনত উগাণ্ডাৰ দশম সংসদত গোম্বা জিলাৰ গম্বা পশ্চিম কাউণ্টিৰ বাবে সংসদৰ প্ৰতিনিধি সদস্য হিচাপে এই আসনখন লাভ কৰে। ২০২১ চনত একেখন আসনৰ বাবে পুনৰ নিৰ্বাচিত হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Parliament of Uganda". www.parliament.go.ug. https://www.parliament.go.ug/mp_database/profile.php?mid=100। আহৰণ কৰা হৈছে: 2021-03-31. 
  2. "RWAKOOJO ROBINA GUREME" (en-US ভাষাত). NRM. Archived from the original on 2021-08-03. https://web.archive.org/web/20210803093722/https://nrm.co.ug/staff/rwakoojo-robina-gureme/। আহৰণ কৰা হৈছে: 2021-03-28. 
  3. 3.0 3.1 The Parliamentary Performance Scorecard 2018- 2019. প্ৰকাশক Kampala: Africa Leadership Institute. 2018. পৃষ্ঠা. 61, 74, 82, 120, 123, 146, 616, 715, 737. ISBN 978-947478-111-0. Archived from the original on 2022-12-07. https://web.archive.org/web/20221207063844/https://www.mpscanug.com/wp-content/uploads/2020/07/2020ParliamentScorecard-2018-2019-draft-FINAL.pdf-Sent-for-Print-2020-7-21.pdf। আহৰণ কৰা হৈছে: 2025-03-31. 
  4. Kibanzanga, Jerry (25 March 2021). "Hon Robina Rwakoojo joins Deputy Speaker race pledges to stand for unity all arms of govt". The Insider. https://theinsider.ug/index.php/2021/03/25/hon-robina-rwakoojo-joins-deputy-speaker-race-pledges-to-stand-for-unity-all-arms-of-govt/। আহৰণ কৰা হৈছে: 28 March 2021. 
  5. 5.0 5.1 AMON KATUNGULU (2021-03-26). "Gomba West's Robina Rwakoojo officially launches bid for deputy speakership position" (en-US ভাষাত). Nile Post. https://nilepost.co.ug/2021/03/26/gomba-wests-robina-rwakoojo-officially-launches-bid-for-deputy-speakership-position/। আহৰণ কৰা হৈছে: 2021-03-28. 
  6. 6.0 6.1 Kahungu, Misairi Thembo (2021-02-03). "Battle for Deputy Speaker job heats up as minister joins race" (en ভাষাত). Daily Monitor. https://www.monitor.co.ug/uganda/news/national/battle-for-deputy-speaker-job-heats-up-as-minister-joins-race--3277906। আহৰণ কৰা হৈছে: 2021-03-28.