সমললৈ যাওক

ৰবীন শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীন শৰ্মা
পেচা লেখক, বক্তা
ভাষা ইংৰাজী
নাগৰিকত্ব কানাডা
মাতৃশিক্ষায়তন ডেলহাউচি বিশ্ববিদ্যালয়
শ্বুলিচ স্কুল অৱ ল [1]
ধৰণ আত্মসহায়ক/প্ৰেৰণাদায়ক
উল্লেখনীয় কৰ্মৰাজি দি মংক হো চল্ড হিজ ফেৰাৰী, The Saint, the Surfer, and the CEO, Who Will Cry When You Die,The 5am Club
ৱেবছাইট www.robinsharma.com

ৰবিন শৰ্মা ইংৰাজী: Robin Sharma এজন কানাডাৰ লেখক। তেওঁৰ "দ্য মংক হু ছল্ড হিজ ফেৰাৰী" গ্ৰন্থখনৰ বাবে বিশ্বত বেছিকৈ পৰিচিত। [2] শৰ্মাই ২৫ বছৰ বয়সলৈকে লিটিগেচন উকীল হিচাপে কাম কৰিছিল। তাৰ পিছত" মেগালিভিং "(১৯৯৪) নামৰ মানসিক চাপ ব্যৱস্থাপনা আৰু আধ্যাত্মিকতাৰ ওপৰত লিখা এখন কিতাপ নিজে প্ৰকাশ কৰি উলিয়াইছিল। [3] প্ৰথমতে তেওঁ দ্য মংক হু ছল্ড হিজ ফেৰাৰীও স্ব-প্ৰকাশ কৰিছিল আৰু তাৰ পিছত হাৰ্পাৰকলিন্সে বিস্তৃতভাৱে বিতৰণৰ বাবে দায়িত্ব লৈছিল। শৰ্মাই ইয়াৰ লগতে অন্যান্য ১২খন গ্ৰন্থ প্ৰকাশ কৰিছে আৰু " শৰ্মা লিডাৰশ্বিপ ইণ্টাৰনেশ্যনেল" নামৰ প্ৰশিক্ষণ কোম্পানী এটা প্ৰতিষ্ঠা কৰিছে।[4]

প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

ৰবীন শৰ্মা ভাৰতীয় উগাণ্ডাৰ মূলৰ ব্যক্তি। ১৯৬৫ চনত উগাণ্ডাৰ এমবালেত জন্মগ্ৰহণ কৰিছিল। তেখেতে এবছৰ বয়সতে উগাণ্ডাৰপৰা ৱিনিপেগলৈ প্ৰব্ৰজন কৰিছিল আৰু ডাঙৰ-দীঘল হৈছিল নোভা স্কটিয়াৰ প’ৰ্ট হকছবেৰীত। তেওঁৰ পিতৃ এগৰাকী চিকিৎসক আৰু মাক শিক্ষয়ত্ৰী আছিল। তেওঁৰ এজন ভাতৃ আছে। তেওঁৰ ভাতৃ বৰ্তমান চকুৰ চিকিৎসক হিচাপে কৰ্মৰত।[5][6][7] তেওঁ ডালহাউজি বিশ্ববিদ্যালয়ত ৰোমাণ্টিক কবিতাত নাবালকৰ সৈতে জীৱবিজ্ঞান অধ্যয়ন কৰে আৰু তাৰ পিছত তাতো আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। [5] প্ৰথম অৱস্থাত তেওঁ অট'ৱাৰ এটা প্ৰতিষ্ঠান আৰু তাৰ পিছত ন্যায় বিভাগ দুয়োটাৰে উকীল হিচাপে কাম কৰিছিল। কিন্তু ৰবীন শৰ্মাৰ মতে তেওঁ ইয়াত সন্তুষ্টি বা শান্তি বিচাৰি নাপালে।

২৫ বছৰ বয়সৰ পৰাই ৰবীন শৰ্মাই লেখকৰ জীৱন আৰম্ভ কৰিছিল। ১৯৯৭ চনত ৰবীন শৰ্মাৰ স্ব-প্ৰকাশিত দ্বিতীয়খন গ্ৰন্থ "দ্য মংক হো চল্ড হিজ ফেৰাৰী" ৰ বাবে বহুলভাৱে পৰিচিত হৈছিল। দ্বিতীয়খন গ্ৰন্থ সফল হোৱাৰ পিছত তেওঁ উকীল হিচাপে কৰ্মজীৱন ত্যাগ কৰি পূৰ্ণকালীন লেখক হিচাপে পৰিগণিত হয়। তেওঁৰ ষষ্ঠতম গ্ৰন্থ "দ্য চেইণ্ট, দ্য চাৰ্ফাৰ, এণ্ড দ্য চিইঅ:এ ৰিমাৰকেবল ষ্টৰী এবাউট লিভিং ইউৰ হাৰ্ট ডিজাইৰ্ছ" গ্ৰন্থখন প্ৰকাশ হৈছিল ২০০২ চনৰ ১ অক্টোবৰত।

পিছলৈ তেওঁ ৰাজহুৱা বক্তা হিচাপেও জনপ্ৰিয় হৈ পৰে। কৰ্মচাৰীক প্ৰেৰণা দিবলৈ তেওঁৰ পৰা মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য কৰ্পৰেট নেতাসকলে পৰামৰ্শ লয়। তেওঁ নাইক, মাইক্ৰ'ছফ্ট, আই বি এম, আৰু ফেডএক্সৰ দৰে কোম্পানীসমূহৰ বাবেও প্ৰশিক্ষণ দিছে। ইয়েল বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিজনেছ স্কুল, নাছা আদি সংস্থাইও তেওঁক ৰাজহুৱা ভাষণ দিবলৈ মাতে।

প্ৰকাশিত নিৰ্বাচিত গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • মেগালিভিং! : থাৰ্টি ডেইজ টু এ পাৰফেক্ট লাইফ (1994, আই.এচ.বি.এন. 978-8172246143)[3]
  • দ্য মংক হো চল্ড হিজ ফেৰাৰী (1997, আই.এচ.বি.এন. 978-8179-921623)
  • Leadership Wisdom from the Monk Who Sold His Ferrari (1998, আই.এচ.বি.এন. 978-1401905460)[8]
  • Who Will Cry When You Die: Life Lessons from the Monk Who Sold His Ferrari (1999, আই.এচ.বি.এন. 978-8179922323)[8]
  • Family Wisdom from the Monk Who Sold His Ferrari (2001, আই.এচ.বি.এন. 978-1401900144)
  • The Saint, the Surfer, and the CEO (2002, আই.এচ.বি.এন. 978-1401900168)
  • The Greatness Guide: 101 Lessons for Making What's Good at Work and in Life Even Better (2006, আই.এচ.বি.এন. 978-0061238574)[9]
  • The Greatness Guide Book 2: 101 More Insights to Get You to World Class (2008, আই.এচ.বি.এন. 978-1554684038)
  • The Leader Who Had No Title (2010, আই.এচ.বি.এন. 978-1439109137)[10]
  • The Secret Letters of the Monk Who Sold His Ferrari (2011, আই.এচ.বি.এন. 978-0007321117)[4]
  • লিটল ব্লেক বুক ফৰ ষ্টানিং চাকচেছ (2016, আই.এচ.বি.এন. 9788184959895)
  • The 5 AM Club (2018, আই.এচ.বি.এন. 978-1443456623)
  • দ্য এভৰিডে হিৰ' মেনিফেষ্ট' (2021, আই.এচ.বি.এন. 9781443456647)
  • ‘’দ্য ৱেলথ মনি কেন নট বাই’’ (2024, আই.এচ.বি.এন. 9781846048296)

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Schulich School of Law Notable Alumni" Archived 2019-03-05 at the Wayback Machine, Dalhousie University,
  2. "Why millions go to this man for advice; Robin Sharma offers simple rules to live by. The hard part is living up to them every day". Victoria Times-Colonist, November 29, 2011.
  3. 3.0 3.1 "Toward a healthy lifestyle East Meets West: Meditation and yoga can be used by anyone". The Globe and Mail, March 3, 1995.
  4. 4.0 4.1 "Sharma shows the way: Novel maps out road to happiness". Toronto Star, November 5, 2011.
  5. 5.0 5.1 Sanati, Maryam (2015-09-25). "Robin Sharma: From bored lawyer to rock star leadership guru". The Globe and Mail. https://www.theglobeandmail.com/report-on-business/rob-magazine/robin-sharma-from-bored-lawyer-to-rock-star-leadership-guru/article26426435/। আহৰণ কৰা হৈছে: 2024-09-04. 
  6. MacDonald, Ryan (2023-11-13). "N.S. news: Colby Sharma on his Maritime roots". Atlantic. Archived from the original on 2023-11-19. https://web.archive.org/web/20231119232156/https://atlantic.ctvnews.ca/in-his-father-s-footsteps-colby-sharma-on-his-maritime-roots-dad-s-career-path-1.6643216। আহৰণ কৰা হৈছে: 2024-09-04. 
  7. "Robin Sharma" (en-CA ভাষাত). ANOKHI Awards. https://www.anokhiawards.com/talent-2017/robin-sharma/। আহৰণ কৰা হৈছে: 2024-11-14. 
  8. 8.0 8.1 "Marketing a message: Self-publishing takes time, money, commitment". Calgary Herald, May 16, 1999.
  9. "In the marathon of life, some wisdom bites to help the cause". The Globe and Mail, June 21, 2006.
  10. "Leaders Without Titles". The Globe and Mail, March 31, 2010.