সমললৈ যাওক

ৰমণী বৰ্থলোমিউজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰমণী বৰ্থলোমিউজ
රමණි බර්තොලමියුස්
জন্ম ৰমণী এলিজাবেথ বৰ্থলোমিউজ
১ ছেপ্টেম্বৰ, ১৯৬৬
গম্পাহা, শ্ৰীলংকা
মৃত্যু ৩০ জুন, ১৯৮৭ (২০ বছৰ)
কলম্বো, শ্ৰীলংকা
পেচা অভিনেত্ৰী, মডেল
'Beauty pageant titleholder'
Title মিছ শ্ৰীলংকা ১৯৮৫
Years active ১৯৮৩-১৯৮৭
Hair color ক’লা
Eye color মুগা

ৰমণী এলিজাবেথ বৰ্থলোমিউজ (সিংহলী: රමණි බර්තොලමියුස්; ১ ছেপ্টেম্বৰ ১৯৬৬ – ৩০ জুন ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল।

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

বৰ্থলোমিউজে মিছ শ্ৰীলংকা ১৯৮৫-ৰ মুকুট লাভ কৰিছিল,[1] আৰু ইয়াৰ পিছত মিছ ইউনিভাৰ্ছ ১৯৮৫ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গম্পাহাত কমলা আৰু লেছলী মাৰ্ক বৰ্থলোমিউজৰ ঘৰত ৰমণীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লেছলী এজন সুপৰিচিত তথ্যচিত্ৰ পৰিচালক, সম্প্ৰচাৰক, সাংবাদিক আৰু লেখক আছিল।[2] তেওঁৰ তিনিগৰাকী ভগ্নী— মেৰী বৰ্থলোমিউজ, ডিলিন বৰ্থলোমিউজ, ৰেনিৰা বৰ্থলোমিউজ আৰু এজন ভাতৃ মাৰ্ক বৰ্থলোমিউজ আছিল। তেওঁ গম্পাহাৰ হোলী ক্ৰছ কলেজত শিক্ষা সম্পূৰ্ণ কৰিছিল।[3]

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৬ বছৰ বয়সত তেওঁ লেষ্টাৰ জেমছ পেৰিছৰ ১৯৮৩ চনৰ চিনেমা যুগান্তয়ত চামাৰী চৰিত্ৰত অভিনয় কৰিছিল,[3] য’ত তেওঁ প্ৰখ্যাত অভিনেতা গামিনী ফনচেলকাৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। ১৯৮৫ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ পিছত বৰ্থলোমিউজে অভিনয় ক্ষেত্ৰত কাম কৰি থাকে। তেওঁ ধৰ্মশিৰি বন্দৰনায়কৰ মঞ্চ নাটক মকৰাক্ষয়ত অভিনয় কৰিছিল আৰু টেলিভিছন ধাৰাবাহিক হিমকুমাৰীত কমল আড্ডাৰাৰাচ্চিৰ বিপৰীতে অভিনয় কৰিছিল।[4]

তেওঁৰ আটাইতকৈ জনপ্ৰিয় টেলিভিছন অভিনয়সমূহৰ ভিতৰত আছিল ভাগ্য, য’ত তেওঁ ৰঞ্জন ৰামনায়কৰ সৈতে অভিনয় কৰিছিল। দীপিকা প্ৰিয়দৰ্শনীয়ে গোৱা "অজু থাপাৰা লাহিলা" গীতটোৰ জৰিয়তে তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ইৰাট হদনা মল, হিমকুমাৰী, চললিহিনী গম্মনয় আৰু চুৰিথ হায়কান্দাৰদ্বাৰা লিখিত তথা পৰিচালিত সিংহলী মঞ্চ সংগীতানুষ্ঠান বিবংগ-ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চৰ উপৰি ৰমণীয়ে সুনীল ছিৰিৱৰ্ধনাৰদ্বাৰা প্ৰযোজিত ৰূপৱাহিনীৰ সংগীতমূলক অনুষ্ঠান হদ বন্দী গী আৰু দয়ৰত্ন ৰাণাটুংগাৰ "দূৰচ ৱন্নট মে লেচিন আইদ আপ হমু উনে" গীতটোৰ দৃশ্যশ্ৰাব্য ৰূপত অভিনয় কৰিছিল।

১৯৮৭ চনৰ ৩০ জুনত ২০ বছৰ বয়সত বৰ্থলোমিউজৰ মৃত্যু হয়। তেওঁৰ প্ৰেমিক কমল আড্ডাৰাৰাচ্চিয়ে গাড়ীৰে খুন্দিওৱাৰ ফলত তেওঁৰ মৃত্যু ঘটিছিল।[5]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰতথ্যসূত্ৰ
১৯৮৩যুগান্তয় (Yuganthaya)চামাৰী কবলানা
১৯৮৭সত্যাগ্ৰহণয় (Sathyagrahanaya)বিবাহৰ অতিথি

টেলিভিছন ধাৰাবাহিক

[সম্পাদনা কৰক]
  • ভাগ্য
  • হিমকুমাৰী
  • ইৰাট হদনা মল
  • চললিহিনী গম্মনয়

মঞ্চ নাটক

[সম্পাদনা কৰক]
  • মকৰাক্ষয়
  • বিবংগ

মিউজিক ভিডিঅ’

[সম্পাদনা কৰক]
  • "দূৰচ ৱন্নট মে লেচিন" (Duras Wannata Me Lesin)

টেলিভিছন অনুষ্ঠান

[সম্পাদনা কৰক]
  • হদ বন্দী গী

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

তেওঁৰ মৃত্যুৰ ২১ বছৰৰ পাছত বৰ্থলোমিউজক ‘ৰীল এণ্ড ট্ৰেক মেগাজিন’ৰ প্ৰথমটো সংখ্যাৰ বেটুপাতত স্থান দিয়া হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Pageant Almanac > Miss Universe > Parade of Nations > Sri Lanka". 2006-10-15. http://www.pageant-almanac.com। আহৰণ কৰা হৈছে: 2019-04-19.
  2. ↑ "Mark Bartholomeusz no more". archives.dailynews.lk. http://archives.dailynews.lk। আহৰণ কৰা হৈছে: 2016-03-25.
  3. 1 2 "When our world turned grey". Sunday Times. http://www.sundaytimes.lk। আহৰণ কৰা হৈছে: 29 March 2019.
  4. ↑ "The Sunday Times Mirror Magazine Section". www.sundaytimes.lk. http://www.sundaytimes.lk। আহৰণ কৰা হৈছে: 2016-03-25.
  5. ↑ "Kamal recalls his love". srilankamirror. https://srilankamirror.com। আহৰণ কৰা হৈছে: 29 March 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
Awards and achievements
পূৰ্বৱৰ্তী
নীলমিনি ইদ্দামালগোডা
মিছ ইউনিভাৰ্ছ শ্ৰীলংকা
১৯৮৫
পৰৱৰ্তী
ইন্দ্ৰা কুমাৰী