ৰামন পৰিমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰমন পৰিমলাৰ পৰা পুনঃনিৰ্দেশিত)
ৰামন পৰিমালা

জন্ম ২১ নৱেম্বৰ, ১৯৪৮
বাসস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ষেত্ৰ বীজগণিত
কৰ্মস্থান এমৰি বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয়, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা আৰ শ্ৰীধৰন
ডক্তৰেল বিদ্যাৰ্থী সুজাতা ৰামোদৰাই
সুৱেশ ৱেনাপল্লী
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা (১৯৮৭)

ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮)[1] এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[2] বহু বছৰ ধৰি তেখেতে মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান অধ্যাপক হিচাপে কাম কৰিছিল। তেওঁৰ গৱেষণাত সংখ্যা তত্ত্ব, বীজগণিতীয় জ্যামিতি, আৰু ট'প'লজিৰ ব্যৱহাৰ হয়৷[3]

পৰিচিতি[সম্পাদনা কৰক]

ভাৰতৰ তামিলনাডুত পৰিমালাৰ জন্ম আৰু শৈশৱকাল পাৰ হৈছিল।[4] তেখেতে চেন্নাইৰ সাৰদা বিদ্যালয় ছোৱালী হাই স্কুল আৰু ষ্টেলা মাৰিচ কলেজত শিক্ষাগ্ৰহণ কৰিছিল। তেখেতে ১৯৭০ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰি ১৯৭৬ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ উপদেষ্টা আছিল টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR) ৰামায়েনগৰ শ্ৰীধৰন।[5] সংখ্যাতত্ব, টপোগণিত আৰু বীজগাণিতিক জ্যামিতিৰ সহায় লৈ ঘাইকৈ তেখেতে বীজগণিতৰ ক্ষেত্ৰত গৱেষণা কৰিছে। বীজগণিতৰ কেইবাটাও দীৰ্ঘদিনীয়া তত্ব সমৰ্থন বা নাকচ কৰি তেখেতে নানা গৱেষণাপত্ৰ প্ৰকাশ কৰিছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৯৪ চনত পৰিমলাক জুৰিখত অনুষ্ঠিত "আন্তৰাষ্ট্ৰীয় গণিতজ্ঞ কংগ্ৰেছ"লৈ বক্তা হিচাপে আমন্ত্ৰিত কৰা হৈছিল ৷ [6]
  • ২০১০ চনত হায়দৰাবাদত অনুষ্ঠিত গাণিতিক কংগ্ৰেছৰ সভাতো তেওঁ বক্তৃতা ৰাখে ৷ বক্তৃতাৰ বিষয় আছিল- "দ্বিমাত্ৰিক ক্ষেত্ৰৰ ওপৰত ৰৈখিক বীজগণিতীয় গোটৰ অংক"(Arithmetic of Linear Algebraic Groups over Two-dimensional Fields)[7]
  • ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য ৷ [1]
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য ৷ [1]
  • ১৯৮৭ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ ৷[1]
  • লাউছেন বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৯ চনত সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ ৷ [1]
  • ২০০৩ চনত শ্ৰীনিবাস ৰামানুজন জন্মশতবাৰ্ষিকী বঁটা লাভ ৷[1]
  • ২০০৫ চনত গণিতত "বিজ্ঞানৰ গোলকীয় একাডেমী"(The World Academy of Science) বঁটা লাভ ৷[1][8]
  • ২০১২ চনত আমেৰিকান গাণিতিক সমাজৰ সভ্য ৷[9]

নিৰ্বাচিত প্ৰকাশনসমূহ[সম্পাদনা কৰক]

  • Failure of a quadratic analogue of Serre's conjecture, Bulletin of the AMS, vol. 82, 1976, pp. 962–964 MR0419427
  • Quadratic spaces over polynomial extensions of regular rings of dimension 2, Mathematische Annalen, vol. 261, 1982, pp. 287–292 doi:10.1007/BF01455449
  • Galois cohomology of the Classical groups over fields of cohomological dimension≦2, E Bayer-Fluckiger, R Parimala - Inventiones mathematicae, 1995 - Springer doi:10.1007/BF01231443
  • Hermitian analogue of a theorem of Springer, R Parimala, R. Sridharan, V Suresh - Journal of Algebra, 2001 - Elsevier doi:10.1006/jabr.2001.8830
  • Classical groups and the Hasse principle, E Bayer-Fluckiger, R Parimala - Annals of Mathematics, 1998 - jstor.org[10] doi:10.2307/120961

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Riddle, Larry. "Raman Parimala". Agnes Scott CollegeBiographies of Young Women Mathematicians. https://www.agnesscott.edu/lriddle/women/parimala.htm। আহৰণ কৰা হৈছে: 2016-03-23. 
  2. "Math/CS". www.mathcs.emory.edu. Archived from the original on 2018-11-25. https://web.archive.org/web/20181125073953/http://www.mathcs.emory.edu/faculty.php। আহৰণ কৰা হৈছে: 2016-03-23. 
  3. https://www.agnesscott.edu/lriddle/women/parimala.htm
  4. "Biographies of Candidates 2015". Notices of the AMS (American Mathematical Society) খণ্ড 62 (8): 940. September 2015. http://www.ams.org/notices/201508/rnoti-p931a.pdf। আহৰণ কৰা হৈছে: 23 March 2016. 
  5. "The Mathematics Genealogy Project - Raman Parimala". www.genealogy.ams.org. http://www.genealogy.ams.org/id.php?id=59460। আহৰণ কৰা হৈছে: 2016-03-23. 
  6. "আৰ্কাইভ কপি". Archived from the original on 2016-10-03. https://web.archive.org/web/20161003181416/http://www.mathunion.org/ICM/ICM1994.1/Main/icm1994.1.0324.0332.ocr.pdf। আহৰণ কৰা হৈছে: 2020-02-24. 
  7. https://www.worldscientific.com/doi/abs/10.1142/9789814324359_0017
  8. "Prizes and Awards". The World Academy of Sciences. 2016. http://twas.org/opportunities/prizes-and-awards. 
  9. List of Fellows of the American Mathematical Society, retrieved 2013-05-05.
  10. Google scholar

বাহ্যিক সংযোগ[সম্পাদনা কৰক]