ৰমাকান্ত চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰমাকান্ত চৌধুৰী
জন্ম ১৮৪৬
মৃত্যু ১৮৮৯
পেছা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজি অভিমন্যু বধ

ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়।[1]

ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী। ১৮৭০ চনত তেখেতে কলেজিয়েট স্কুলৰ পৰা এফ এ উত্তীৰ্ণ হৈ গুৱাহাটীত উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণীৰ চাকৰিত যোগদান কৰে। ইয়াৰ পাছত তেখেতে গোৱালপাৰা আৰু ধুবুৰীতো কাম কৰে। শেষত গুৱাহাটীলৈ ঘূৰি আহি তেখেতে চিৰস্তাদাৰৰ চাকৰি কৰে।

প্ৰখ্যাত বঙালী লেখক মাইকেল মধুসুদন দত্তৰ আৰ্হিত অমিত্ৰাক্ষৰ ছন্দত লিখা তেখেতৰ প্ৰথম কবিতাৰ পুথি "অভিমন্যু বধ" ১৮৭৫ চনত প্ৰকাশ পায়।[2] ৯৮ পৃষ্ঠাৰ এই কবিতাত ভীষ্মৰ নেতৃত্বত মহাভাৰতৰ যুদ্ধৰ আৰম্ভৰ পৰা অভিমন্যুৰ মৃত্যুলৈকে কাহিনী চিত্ৰিত হৈছে। ১৯শ শতিকাৰ শেষৰফালে তেখেতে "সীতাহৰণ" আৰু "ৰাৱণ বধ" নামৰ দুখন নাটক লিখে। অৱশ্যে ইয়াৰে এখন কিতাপো বৰ্তমান উপলব্ধ নহয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]